• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত টি এছ আৰ জোৱানৰ দ্বাৰা সাংবাদিকক গুলীয়াই হত্যা

NE NOW NEWS এন ই নিউজ ব্যুৰো, গুৱাহাটী :
, November 21, 2017 2:40 pm

2 min read

ত্ৰিপুৰাত টি এছ আৰ জোৱানৰ দ্বাৰা সাংবাদিকক গুলীয়াই হত্যা
72
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে ত্ৰিপুৰাত এগৰাকী স্থানীয় সাংবাদিকক টি এছ আৰ জোৱানে গুলীয়াই হত্যা কৰে। আগৰতলাৰ পৰা প্ৰায় ২০ কিলেমিটাৰ আঁতৰৰ আৰ কে নগৰৰ এটা অনুষ্ঠানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সুদীপ দত্ত ভৌমিকৰ সৈতে এগৰাকী টি এছ আৰ জোৱানৰ বাক-বিতণ্ডা হোৱাৰ পিছত জোৱানজনে তেওঁক গুলীয়াই হত্যা কৰে।

‘’ আমাৰ কাকতৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক সুদীপ দত্ত ভৌমিকে আনুষ্ঠানিক অনুমতি লৈ আৰ কে নগৰত থকা দ্বিতীয় টি এছ আৰৰ কমাণ্ডেন্টক লগ কৰিবলৈ গৈছিল। কিন্তু তেওঁ তালৈ গৈ পোৱাৰ পিছতে কমাণ্ডেণ্টৰ গৰাকীৰ কাৰ্যালয়ৰ বাহিৰত তেওঁৰেই ব্যক্তিগত নিৰাপত্তাৰক্ষীগৰাকীৰ সৈতে কথা কটাকটি হোৱাৰ সময়তে নিৰাপত্তাৰক্ষীগৰাকীয়ে তেওঁক গুলীয়াই দিয়ে। ঘটনাস্থলীতে সুদীপৰ মৃত্যু ঘটে,’’-সাংবাদিকৰ আগত এইদৰে ঘটনাৰ বৰ্ণনা দাঙি ধৰে ছেন্দন পত্ৰিকাৰ সম্পাদক সুবল দেই।

আন এগৰাকী সাংবাদিক শান্তনু ভৌমিকৰ হত্যাৰ ঠিক দুমাহ পিছতেই ৰাজ্যখনত দ্বিতীয়টে সাংবাদিক হত্যাৰ এই ঘটনাটো ঘটে। ত্ৰিপুৰাৰ এটা স্থানীয় নিউজ চেনেলৰ সাংবাদিক ভৌমিকক যোৱা ২০ ছেপ্টেম্বৰত পশ্চিম ত্ৰিপুৰাৰ মন্দাইত ইণ্ডেজিনিয়াছ পিপ’লছ ফ্ৰণ্ট অফ্ ত্ৰিপুৰা ( আই পি এফ টি ) আৰু ত্ৰিপুৰা ৰাজেৰ উপজাতি গণমুক্তি পৰিষদ (টি আৰ ইউ জি পি) ৰ মাজত হোৱা সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে কোবাই হত্যা কৰিছিল। দিনৰাত চেনেলৰ এগৰাকী সাংবাদিক ২৮ বছৰীয়া শান্তনুৱে আগৰতলাৰ পৰা ৩৫ কিলোমিটাৰ আঁতৰৰ মন্দাইলৈ আই পি এফ টি আৰু চিপিআই (এম)ৰ জনজাতি সংগঠন টি আৰ ইউ জি পিৰ মাজৰ সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। সেই ঘটনাত আৰক্ষীয়ে উন্মত্ত লোকসকলক ছত্ৰভংগ দিয়াবলৈ লাঠীচাৰ্জ কৰিছিল যদিও আক্ৰমণকাৰীসকলে ভৌমিকক মৰিয়াই হত্যা কৰে।

আনহাতে, সুদীপ দত্ত ভৌমিকৰ মৃতদেহটো আগৰতলালৈ লৈ অনা হয়। আৰক্ষীয়ে টি এছ আৰৰ এগৰাকী কনিষ্টবল ব্যক্তিগত নিৰাপত্তাৰক্ষীগৰাকীক গ্ৰেপ্তাৰ কৰিছে। সাংবাদিক সুদীপৰ হত্যাই ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সাংবাদিকগৰাকীৰ হত্যাক গৰিহণা দিছে।

Recent News

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd