• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থলুৱাক আক্ৰমণ কৰিবলৈ লাখ লাখ অবৈধ হিন্দু বাংলাদেশী অস্ত্ৰ-শস্ত্ৰ লৈ সাজু হৈ আছে : প্ৰৰোচনামূলক মন্তব্য মতিউৰ ৰহমানৰ

মুকুট দাস by মুকুট দাস
July 8, 2018 9:48 pm
অসম সন্মিলীত মহাসংঘৰ কাৰ্য্যকৰী সভাপতি মতিউৰ ৰহমানৰ সংবাদমেল। ফটো : য়ু বি।

অসম সন্মিলীত মহাসংঘৰ কাৰ্য্যকৰী সভাপতি মতিউৰ ৰহমানৰ সংবাদমেল। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজকে অসমৰ খিলঞ্জীয়া লোকৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ’ব খোজা বহুতেই এতিয়া যিহকে তিহকে ক’বলৈ আৰম্ভ কৰিছে। চৰ্চাত থাকিব খোজাৰ প্ৰৱণতাও বাঢ়িছে এইসকল নেতাৰ।

আজিও তেনেকুৱা এটা ঘটনাৰ সাক্ষী হ’ল সাংবাদিকসকল। আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি থাকোতে নিজৰ নিষ্ফল ক্ষোভ প্ৰকাশ কৰিবলৈ গৈ অসম সন্মিলীত মহাসংঘৰ কাৰ্য্যকৰী সভাপতি মতিউৰ ৰহমান নামৰ নেতাজনে ৰাজ্যৰ বুদ্ধিজীৱী সমাজক অশালীন ভাষাৰে আক্ৰমণ কৰে।

Apply Now

সংবাদমেলত অসমীয়া ভাষাটোৰ সুৰক্ষাৰ কথা ক’বলৈ গৈয়ে ৰহমানে আজি অসমৰ জনগোষ্ঠীয় লোকসকলে লোৱা ভূমিকাৰ শলাগ লোৱাৰ বিপৰীতে bloody fool intellectual বিলাকে ফাল্টু কথা কৈ আছে বুলি কয়। তেওঁলোকে কি কৰি আছে বুলিও প্ৰশ্ন উত্থাপন কৰে ৰহমানে।

“জনগোষ্ঠীয় লোকসকলেহে অসমীয়া ভাষাক সুৰক্ষা দি ৰাখিছে। কোনোবাই আহি মই অসমীয়া, মই অছমীয়া বুলি ক’লেই অসমীয়া হৈ নাযায়।” এইদৰে কয় ৰহমানে।

তেওঁ আকৌ কয়, “অসমীয়া ভাষাটো ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ মাজত যোগাযোগৰ মাধ্যম। তেওঁলোকেহে ভাল অসমীয়া কয়।”

তাৎপৰ্য্যপূৰ্ণভাৱে সংবাদমেলত মতিউৰ ৰহমানে প্ৰৰোচনামূলক বক্তব্য দি কয় যে ১৯৭১ চনৰ ভিত্তিত ৰাজ্যৰ কিছুমান ঠাইত লাখ লাখ অবৈধ হিন্দু বাংলাদেশী অসমৰ থলুৱা মানুহক আক্ৰমণ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ লৈ সাজু হৈ আছে।

কিন্তু মন কৰিব লগীয়া যে সাংবাদিকে বিচৰা সত্ত্বেও এই দাবীৰ সপক্ষে তেওঁ কোনো তথ্যপ্ৰমাণ দাখিল কৰিব নোৱাৰিলে। তেওঁ মাত্ৰ কয়, “আমাৰ হাতত গোটেই ৰাজ্যৰ বিভিন্ন উৎসৰ পৰা পোৱা প্ৰমাণ আছে। আমি ইতিপূৰ্বে এই সম্পৰ্কত আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক পল্লৱ ভট্টাচাৰ্য্যক লিখিতভাৱে জনাইছো।”

আনহাতে মহাসংঘই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন হস্তক্ষেপ আবেদনৰ প্ৰতি শীৰ্ষতম আদালতখনৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই চূড়ান্ত অৱহেলা কৰা বুলিও অভিযোগ আনে। তেওঁ কয় যে যোৱা ৫ ফেব্ৰুৱাৰিত মহাসংঘৰ ১১৪৭০৮ নম্বৰৰ আৱেদনখনৰ শুনানি লৈ দীপক মিশ্ৰই ইয়াৰ বাবে সাংবিধানিক বিচাৰপীঠ গঠন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও দুমাহ পৰ্য্যন্ত সেয়া নকৰিলে। তাৰ পিছত যোৱা ১২ এপ্ৰিলত মহাসংঘই মুকলিকৈ মৌখিকভাৱে আদালতত বিষয়টো উত্থাপন কৰাত ন্যায়াধীশজনে গ্ৰীষ্ম বন্ধৰ আগে আগে গঠন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও এইবাৰো সেয়া নকৰিলে বুলি জানিবলৈ দিয়ে।

মন কৰিব লগীয়া যে মহাসংঘৰ গোচৰৰ সমৰ্থনত ৫ ফেব্ৰুৱাৰিত ১০টা জনগোষ্ঠীয় সংগঠনে আৰু ৮ মাৰ্চত ২৬টা খিলঞ্জীয়া সংগঠনে মুখ্য ন্যায়াধীশক শীঘ্ৰে সাংবিধানিক বিচাৰপীঠ গঠন কৰিবলৈ আৱেদন জনাইছিল।

আন কেইটামান দল-সংগঠন, ক্ৰমে সদৌ অসম আহোম সভা (আবেদন নং ৮৭৬/২০১৪), অসম আন্দোলনৰ চহিদ আৰু নিৰ্য্যাতিত লোকৰ পৰিয়াল (আবেদন নং ৩১১/২০১৫) আৰু মহাসংঘৰ নেতৃত্বৰ ৮গৰাকী লোকৰ দলেও (আবেদন নং ৬৮/২০১৬) বিষয়টোত সাংবিধানিক বিচাৰপীঠ গঠন কৰিবলৈ আৱেদন জনাইছিল।

উল্লেখযোগ্য যে মহাসংঘই দিয়া আবেদনখনত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত নাগৰিকত্ব নিৰ্ধাৰণৰ বাবে ১৯৫১ চনক ভিত্তি হিচাপে ল’বৰ বাবে অনুৰোধ কৰা হৈছে আৰু সেইটো কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচৰা হৈছে।

সংবাদমেলৰ সময়ত ৰহমানে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰো সমালোচনাত মুখৰ হৈ পৰে। সকলো ৰাজনৈতিক দলৰ নেতাসকলেই কেন্দ্ৰৰ দাস হৈ পৰিছে বুলি তেওঁ সংবাদমেলত মন্তব্য কৰে। ৰাজ্য চৰকাৰখনে সকলো ক্ষেত্ৰতে কেন্দ্ৰৰ পৰা ভিক্ষা খুজি থাকিব লগীয়া হৈছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱালকো কটাক্ষ কৰে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd