• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থলুৱা বস্ত্ৰ উদ্যোগক উদগনিৰ পদক্ষেপ : ৩২৮ বিধ বয়ন সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2018 3:22 pm
sualkuchi-pic-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰে মঙলবাৰৰে পৰা ৩২৮ বিধ বয়ন সামগ্ৰীৰ ওপৰত আমদানি শুল্ক দুগুণলৈ বৃদ্ধি কৰিছে। এই বৃদ্ধিৰ ফলত আমদানি শুল্কৰ পৰিমাণ ২০ শতাংশ হৈছেগৈ। চলিত মাহত এই ধৰণৰ এইটো দ্বিতীয়টো শুল্ক বৃদ্ধিৰ উদাহৰণ।

পৰিহাসৰ কথাটো হৈছে এই যে পৃথিৱীৰ সৰ্ববৃহৎ কপাহ উৎপাদনকাৰী দেশ হোৱা সত্তেও ভাৰতত আজি থলুৱা বস্ত্ৰই চীনত উৎপাদিত বস্ত্ৰৰ পৰা প্ৰত্যাহ্বানৰ মুখামুখি হৈ নিজৰ ঘৰুৱা বজাৰতেই  স্থান হেৰুৱাৰ লগতে অস্তিত্বৰ সংকটত ভুগিছে।  সেয়েহে চীনত উৎপাদিত বস্ত্ৰৰ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা আমদানি হ্ৰাস কৰাৰ বাবে এই কেন্দ্ৰীয় চৰকাৰে আমদানিকৃত বস্ত্ৰৰ ওপৰত আমদানি শুল্কৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰমিক কেন্দ্ৰিক এইটো খণ্ডটোত  স্থানীয় মূল্য সংযোজিত কৰাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে ভাৰতৰ টকাৰ মূল্য হ্ৰাস পোৱা সত্তেও আমেৰিকা আৰু চীনৰ মাজত চলি থকা বজাৰ দখলৰ যুঁজখনে চীনত উৎপাদিত সস্তীয়া বস্তুৰে ভাৰতৰ বজাৰ ওপচাই পেলোৱাৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি শংকা বৃদ্ধি হৈ অহাৰ সময়তে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ।

চৰকাৰৰ এই সিদ্ধান্তই উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ শুৱালকুছিৰ বোৱনীসকললৈ এন্ধাৰৰ মাজত আশাৰ এচেৰেঙা পোহৰ লৈ আহিছে। শুৱালকুছিৰ তাঁতীসকলে মুক্ত বজাৰৰ পৰা অহা প্ৰতিদ্বন্দ্বিতাৰ পৰা বেয়াকৈ প্ৰভাৱিত হৈ আহিছিল। অৱশ্যে নিভাঁজ আৰু পৰম্পৰাগত সামগ্ৰীৰ কদৰ কৰা গ্ৰাহকো আছে, কিন্তু মুঠমাঠ হিচাপত বহিঃৰাষ্ট্ৰৰ পৰা আমদানি হোৱা সস্তীয়া বিকল্পৰ বাবে থলুৱা বস্ত্ৰৰ বিক্ৰি কমি আহিছে।

যিহেতু  কেঁচা সামগ্ৰী ৰেচমৰ ব্যয় মূল্য বৃদ্ধি হৈয়েই আছে, এই প্ৰৱণতাটোৱে  বেতনক প্ৰভাৱিত কৰিছে। এই সময়চোৱা বোৱনীসকলৰ বাবে অতি কঠিন হৈ পৰিছে। চীনৰ পৰা অহা কম মূল্যৰ বিকল্প ৰেচমী বস্ত্ৰ হঠাতে  উভৈনদী হৈ পৰাৰ ফলত বোৱনীসকলৰ চৰুৰ তললৈ জুই নোযোৱাৰ উপক্ৰম হৈ পৰিছে। চীনা পাটৰ অগ্ৰাসনে অসমৰ ৰেচম উদ্যোগত ব্যাপক বেমেজালিৰ সৃষ্টি কৰিছে।

যিহেতু চীনৰ পাটবস্ত্ৰ কৃত্ৰিমভাৱে তৈয়াৰী কৰা হয়, হাতেৰে বোৱাতকৈ কম সময়ৰ ভিতৰতে বহু পৰিমাণৰ বস্ত্ৰ তৈয়াৰ হয়। ফলত উন্নত গুণ মান বিশিষ্ট পৰম্পৰাগত পাটৰ তুলনাত মানুহে কম দামী চীনা পাট বস্ত্ৰ ক্ৰয় কৰে। বাজৰত এনে সস্তীয়া নিম্ন মান বিশিষ্ট চীনা পাট বস্ত্ৰ উভৈনদী হৈ পৰাৰ ফলত ৰেচমী বস্ত্ৰৰ কুটীৰ উদ্যোগত এটা ডাঙৰ আঘাত পৰিছে।

বয়ন হৈছে  উত্তৰ-পূৰ্বাঞ্চলৰ বহু কেইখন ৰাজ্যৰ লগতে অসমৰ প্ৰায় প্ৰতি ঘৰে ঘৰে অনুশীলন কৰা এটা কাৰুশিল্প। অসমৰ য’তে ত’তে বয়ন এটা সাময়িক বৃত্তি যদিও শুৱালকুছিত এইটো এটা পূৰ্ণ সময়ৰ বৃত্তি।

উল্লেখ্য যে ২০১৩ চনত যেতিয়া  অসমৰ পৰম্পৰাগত নক্সাৰে বোৱা ৰেচমী পাটৰ তুলনাত কম দামী বেনাৰসী পাটৰ বস্ত্ৰই অসমৰ বজাৰ ভৰি পৰিছিল, তেতিয়াও শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ বেয়াকৈ প্ৰভাৱিত হৈ পৰিছিল। এই সময়ত অতি কষ্টেৰে চলি থকা থলুৱা তাঁতীসকলৰ বাবে এটা জৰুৰীকালীন ব্যৱস্থা গ্ৰহণৰ সময় আহি পৰিছিল। তীব্ৰ প্ৰতিবাদৰ আগত সেও মানি অসম চৰকাৰে বেনাৰসী ৰেচমী বস্ত্ৰ বিক্ৰিৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে ঘৰুৱা বজাৰখনক উদগনি যোগাব। দেশীয় বস্ত্ৰ উদ্যোগটোৱে মন্তব্য কৰিছে যে এই পদক্ষেপটোৱে ‘মেক ইন ইন্ডিয়া’ ধাৰণাটোক আগবাঢ়ি যোৱাত সহায় কৰিব। জিএছটি বলৱৎ কৰাৰ পাছত এই সামগ্ৰীসমূহৰ আমদানি অকস্মাতে বৃদ্ধি পাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd