ভাৰত চৰকাৰে মঙলবাৰৰে পৰা ৩২৮ বিধ বয়ন সামগ্ৰীৰ ওপৰত আমদানি শুল্ক দুগুণলৈ বৃদ্ধি কৰিছে। এই বৃদ্ধিৰ ফলত আমদানি শুল্কৰ পৰিমাণ ২০ শতাংশ হৈছেগৈ। চলিত মাহত এই ধৰণৰ এইটো দ্বিতীয়টো শুল্ক বৃদ্ধিৰ উদাহৰণ।
পৰিহাসৰ কথাটো হৈছে এই যে পৃথিৱীৰ সৰ্ববৃহৎ কপাহ উৎপাদনকাৰী দেশ হোৱা সত্তেও ভাৰতত আজি থলুৱা বস্ত্ৰই চীনত উৎপাদিত বস্ত্ৰৰ পৰা প্ৰত্যাহ্বানৰ মুখামুখি হৈ নিজৰ ঘৰুৱা বজাৰতেই স্থান হেৰুৱাৰ লগতে অস্তিত্বৰ সংকটত ভুগিছে। সেয়েহে চীনত উৎপাদিত বস্ত্ৰৰ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা আমদানি হ্ৰাস কৰাৰ বাবে এই কেন্দ্ৰীয় চৰকাৰে আমদানিকৃত বস্ত্ৰৰ ওপৰত আমদানি শুল্কৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰমিক কেন্দ্ৰিক এইটো খণ্ডটোত স্থানীয় মূল্য সংযোজিত কৰাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে ভাৰতৰ টকাৰ মূল্য হ্ৰাস পোৱা সত্তেও আমেৰিকা আৰু চীনৰ মাজত চলি থকা বজাৰ দখলৰ যুঁজখনে চীনত উৎপাদিত সস্তীয়া বস্তুৰে ভাৰতৰ বজাৰ ওপচাই পেলোৱাৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি শংকা বৃদ্ধি হৈ অহাৰ সময়তে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ।
চৰকাৰৰ এই সিদ্ধান্তই উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ শুৱালকুছিৰ বোৱনীসকললৈ এন্ধাৰৰ মাজত আশাৰ এচেৰেঙা পোহৰ লৈ আহিছে। শুৱালকুছিৰ তাঁতীসকলে মুক্ত বজাৰৰ পৰা অহা প্ৰতিদ্বন্দ্বিতাৰ পৰা বেয়াকৈ প্ৰভাৱিত হৈ আহিছিল। অৱশ্যে নিভাঁজ আৰু পৰম্পৰাগত সামগ্ৰীৰ কদৰ কৰা গ্ৰাহকো আছে, কিন্তু মুঠমাঠ হিচাপত বহিঃৰাষ্ট্ৰৰ পৰা আমদানি হোৱা সস্তীয়া বিকল্পৰ বাবে থলুৱা বস্ত্ৰৰ বিক্ৰি কমি আহিছে।
যিহেতু কেঁচা সামগ্ৰী ৰেচমৰ ব্যয় মূল্য বৃদ্ধি হৈয়েই আছে, এই প্ৰৱণতাটোৱে বেতনক প্ৰভাৱিত কৰিছে। এই সময়চোৱা বোৱনীসকলৰ বাবে অতি কঠিন হৈ পৰিছে। চীনৰ পৰা অহা কম মূল্যৰ বিকল্প ৰেচমী বস্ত্ৰ হঠাতে উভৈনদী হৈ পৰাৰ ফলত বোৱনীসকলৰ চৰুৰ তললৈ জুই নোযোৱাৰ উপক্ৰম হৈ পৰিছে। চীনা পাটৰ অগ্ৰাসনে অসমৰ ৰেচম উদ্যোগত ব্যাপক বেমেজালিৰ সৃষ্টি কৰিছে।
যিহেতু চীনৰ পাটবস্ত্ৰ কৃত্ৰিমভাৱে তৈয়াৰী কৰা হয়, হাতেৰে বোৱাতকৈ কম সময়ৰ ভিতৰতে বহু পৰিমাণৰ বস্ত্ৰ তৈয়াৰ হয়। ফলত উন্নত গুণ মান বিশিষ্ট পৰম্পৰাগত পাটৰ তুলনাত মানুহে কম দামী চীনা পাট বস্ত্ৰ ক্ৰয় কৰে। বাজৰত এনে সস্তীয়া নিম্ন মান বিশিষ্ট চীনা পাট বস্ত্ৰ উভৈনদী হৈ পৰাৰ ফলত ৰেচমী বস্ত্ৰৰ কুটীৰ উদ্যোগত এটা ডাঙৰ আঘাত পৰিছে।
বয়ন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বহু কেইখন ৰাজ্যৰ লগতে অসমৰ প্ৰায় প্ৰতি ঘৰে ঘৰে অনুশীলন কৰা এটা কাৰুশিল্প। অসমৰ য’তে ত’তে বয়ন এটা সাময়িক বৃত্তি যদিও শুৱালকুছিত এইটো এটা পূৰ্ণ সময়ৰ বৃত্তি।
উল্লেখ্য যে ২০১৩ চনত যেতিয়া অসমৰ পৰম্পৰাগত নক্সাৰে বোৱা ৰেচমী পাটৰ তুলনাত কম দামী বেনাৰসী পাটৰ বস্ত্ৰই অসমৰ বজাৰ ভৰি পৰিছিল, তেতিয়াও শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ বেয়াকৈ প্ৰভাৱিত হৈ পৰিছিল। এই সময়ত অতি কষ্টেৰে চলি থকা থলুৱা তাঁতীসকলৰ বাবে এটা জৰুৰীকালীন ব্যৱস্থা গ্ৰহণৰ সময় আহি পৰিছিল। তীব্ৰ প্ৰতিবাদৰ আগত সেও মানি অসম চৰকাৰে বেনাৰসী ৰেচমী বস্ত্ৰ বিক্ৰিৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল।
প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে ঘৰুৱা বজাৰখনক উদগনি যোগাব। দেশীয় বস্ত্ৰ উদ্যোগটোৱে মন্তব্য কৰিছে যে এই পদক্ষেপটোৱে ‘মেক ইন ইন্ডিয়া’ ধাৰণাটোক আগবাঢ়ি যোৱাত সহায় কৰিব। জিএছটি বলৱৎ কৰাৰ পাছত এই সামগ্ৰীসমূহৰ আমদানি অকস্মাতে বৃদ্ধি পাইছিল।