• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দালালে ‘মেনেজ কৰি’ হজম কৰিলে অসম আন্দোলনৰ তিনিটাকৈ চহিদ পৰিয়ালৰ আৰ্থিক সাহায্য

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , May 27, 2018 11:22 pm

3 min read

SwahidParial

সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্নয়ৰক্ষী পৰিষদৰ সংবাদমেল।

79
VIEWS
Share on FacebookShare on Twitter

অসম আন্দোলনৰ নেতা তথা ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া চহিদো সাৰি নগ’ল দালাল চক্ৰৰ পৰা। মৰিগাওঁ জিলাৰ তিনিগৰাকী চহিদৰ নামত সংঘটিত হ’ল এই সাংঘাতিক দুৰ্নীতি। প্ৰকৃত চহিদৰ পৰিয়ালক বঞ্চিত কৰি ২০১৪ চনত মৃত্যু হোৱা লোকৰ নামতে পৰিয়ালে চৰকাৰত সক্ৰিয় হৈ থকা দালালৰ সহযোগত উলিয়াই নিলে অসম আন্দোলনৰ চহিদৰ বাবে দিয়া আৰ্থিক সাহায্য।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ কৰে সদৌ অসম চহিদ-নিৰ্যাতিত পৰিয়াল পৰিষদৰ সভাপতি লক্ষীকান্ত ৰায়ে।

উল্লেখযোগ্য যে অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত বহু নেতাৰে গঠিত চৰকাৰখনে শাসনলৈ আহিয়ে অসম আন্দোলনৰ চহিদসকলৰ পৰিয়ালৰ লোকলৈ ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল। কিন্তু এই আৰ্থিক সাহায্যক লৈ তেতিয়াই তৎপৰ হৈ পৰিছিল চৰকাৰৰ সৈতে সনাপোটোকা থকা কিছুমান দালাল। ফল স্বৰূপে এই সাহায্য প্ৰদানৰ ক্ষেত্ৰত সংঘটিত হ’ল এই দুৰ্ভাগ্যজনক কেলেংকাৰি। কেলেংকাৰিটোত সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্নয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকা প্ৰত্যক্ষভাৱে জড়িত থকা বুলি আজি অভিযোগ কৰে লক্ষীকান্ত ৰায়ে।

অভিযোগ মতে দালাল চক্ৰটোৱে মুঠ তিনিজন চহিদৰ নামত ভুৱা তথ্য দি মুঠ ১৫ লাখ টকা চৰকাৰৰ পৰা উলিয়াই নিয়ে আৰু সেই দৰে তিনিটা চহিদ পৰিয়ালক বঞ্চিত কৰে।

লক্ষীকান্ত ৰায়ে এই অভিযোগ কৰে যে অসম আন্দোলনত মৰিগাঁৱত চহিদ হোৱা ৰামপদ ডেকাৰ পৰিয়ালে পাবলগীয়া ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য লাভ কৰিলে জনৈক ৰাম ডেকা নামৰ লোকজনৰ পৰিয়ালে। তাৎপৰ্যপূৰ্ণ কথা যে অসম আন্দোলনৰ চহিদ বুলি পৰিচয় দিয়া এই ৰাম ডেকা নামৰ লোকজনৰ মৃত্যু হৈছিল ২০১৪ চনত। আশ্বৰ্যজনকভাৱে ৰাজ্য চৰকাৰে সাহায্য প্ৰদানৰ বাবে যুগুত কৰা তালিকাত চহিদ ৰামপদ ডেকাৰ নামটোও প্ৰকাশিত হ’ল ৰাম ডেকা হিচাপেহে।

দ্বিতীয়টো ঘটনাত মৰিগাওঁ জিলাৰে আন এগৰাকী চহিদ সুকোমল বৰাৰ নাম আৰু উপাধি সলাই আন এজন ব্যক্তিৰ পৰিয়ালে সাহায্য লাভ কৰে। ৰায়ে জনোৱা মতে চহিদ সুকোমল বৰাৰ নাম কোমল পাটৰ কৰি ৫ লাখ টকাৰ আৰ্থিক সাহায্য ল’লে কোমল পাটৰৰ পুত্ৰ হৰেন পাটৰে।

ইমানতো শেষ হোৱা নাই জাতীয় চহিদৰ নামত হোৱা দুৰ্নীতিৰ আখ্যান। মৰিগাঁৱৰে আন এগৰাকী চহিদ নন্দেশ্বৰ ডেকাৰ উপাধি সলনি কৰি পুত্ৰৰ পৰিচয় দি সাহায্য ল’লে চহিদগৰাকীৰ দূৰ-সম্পৰ্কীয় ভাগিন মংগল সিং কোঁৱৰে।

উল্লেখ্য যে, চহিদ নন্দেশ্বৰ ডেকাৰ কোনো উত্তৰাধিকাৰী নাছিল। কিন্তু ৰাজ্য চৰকাৰে ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ বেলিকা চহিদ নন্দেশ্বৰ ডেকাৰ উপাধি সলাই নন্দেশ্বৰ কোঁৱৰ কৰি তেওঁক মংগল সিং কোঁৱৰৰ পিতৃ বুলি চিনাকি দিয়া হ’ল।

ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সদৌ অসম চহিদ-নিৰ্যাতিত পৰিয়াল পৰিষদে মুখ্য মন্ত্ৰীক তদন্তৰ দাবী কৰি স্মাৰকপত্ৰ প্ৰদান কৰা বুলিও সভাপতি লক্ষীকান্ত ৰায়ে আজি সাংবাদিকক জানিবলৈ দিয়ে।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰে জাতীয় চহিদসকলৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ সমান্তৰালকৈ নিৰ্যাতিত সকলক ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল যদিও নিৰ্যাতিত সকলে এই সাহায্য নোপোৱাৰ অভিযোগ কৰে সদৌ অসম চহিদ-নিৰ্যাতিত পৰিয়াল পৰিষদে। তাৰ বিপৰীতে বহু চহিদৰ পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পোৱাৰ পাছতো চৰকাৰী সাহায্য পোৱা বুলি কৈ এই প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰে লক্ষীকান্ত ৰায়ে।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd