• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্রীজুলিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু; ১৫ বছৰত তামুলপুৰত হাতী-মানুহৰ সংঘাতত ৭০জন লোক, ৮টা হাতীৰ মৃত্যু

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 8, 2018 8:35 pm
IMG-20180708-WA0072
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ নাগ্রীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত আজি এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বৃহত্তৰ নাগ্রীজুলি অঞ্চলত শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।

এচাম অদূৰদৰ্শী লোকে ভাৰত-ভূটান সীমান্তত চলোৱা  অবাধ বন ধ্বংসযজ্ঞৰ ফলত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ জাকে পাহাৰৰ পৰা খাদ্যৰ সন্ধানত লোকালয়ত প্ৰৱেশ কৰি বছৰৰ পিছত বছৰ ধৰি মানুহৰ লগত সংঘাটত লিপ্ত হয় আৰু এইদৰে মানুহ আৰু বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

Apply Now

উল্লেখযোগ্য যে এক তথ্য অনুসৰি বিগত প্ৰায় পোন্ধৰ বছৰত অকল তামুলপুৰ মহকুমাতে বনৰীয়া হাতীৰ আক্ৰমণত ৭০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ৭ টাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাইছে।

এই বছৰো খাদ্যৰ সন্ধানত পোৱালি সহ পাহাৰৰ পৰা নামি অহা ডেৰ শতাধিক বৃহৎ বনৰীয়া হাতীৰ জাক এটাই নাগ্রীজুলিৰ বৰনদীৰ পাৰত আশ্ৰয় লৈ থাকি বিভিন্ন গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ চলাই অহা সম্পৰ্কে বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে বাতৰি প্ৰকাশ হৈ আহিছে যদিও হাতীৰ জাকটোক খেদি পঠিওৱাৰ ব্যৱস্থা বন বিভাগে নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ইপিনে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ অঞ্চলটোৰ কিছু গাঁৱৰ লোকে ঠায়ে ঠায়ে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি বনৰীয়া হাতীৰ জাকক গ্ৰামাঞ্চলত প্ৰৱেশৰ ক্ষেত্ৰত বাধা দিয়াৰ চেষ্টা চলাই আহিছে। এনে সংঘাতৰ পৰিণতিতেই শনিবাৰে নিশা নাগ্রীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ৩নং পূব-গুৱাবাৰী গাঁৱত কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয় এটি বনৰীয়া দঁতাল হাতীয়ে।

IMG-20180706-WA0108

জানিব পৰা মতে  খাদ্যৰ সন্ধানত বিচৰণ কৰা হাতীৰ জাক এটাৰ পৰা ফালৰি কাটি যোৱা  এটি হাতীৰ মৃতদেহ আজি পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। হাতীৰ মৃত্যুৰ খবৰ পাই তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ পৰা বন বিষয়া আৰু কৰ্মচাৰীৰ দল উপস্থিত হৈ মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে।

বন বিভাগে হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই যদিও একাংশ সচেতন ৰাইজে বিদ্যুৎষ্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।

ইপিনে আজিও নাগ্রীজুলিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকটোৱে সৰু সৰু ভাগত বিভক্ত হৈ বিচৰণ কৰি আছে। বনৰীয়া হাতীৰ জাকক নিয়ন্ত্ৰণ আৰু সুৰক্ষা দিয়াৰ ক্ষেত্ৰত চৰকাৰ তথা বন বিভাগে অভিলাষী আঁচনি গ্ৰহণ নকৰিলে হাতী মানুহৰ মাজত চলা সংঘাতৰ ফলত আৰু কিমান মানুহে বা কিমান বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাব লাগে তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে প্ৰকৃতি প্ৰেমী ৰাইজে বনৰীয়া হাতীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে নাগ্রীজুলি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী জনায়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd