• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইন সংশোধনৰ বিৰুদ্ধে ২৮ ডিচেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2017 8:01 am

2 min read

নাগৰিকত্ব আইন সংশোধনৰ বিৰুদ্ধে ২৮ ডিচেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন
111
VIEWS
Share on FacebookShare on Twitter

হিন্দু-বাংলাদেশী সংস্থাপনেৰে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, ভাষা ধংশৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ বিৰুদ্ধে অহা ২৮ ডিচেম্বৰত গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত এখন নাগৰিক অভিৱৰ্তন আয়োজন কৰিছে অসমৰ কেইবাজনো সমাজ সচেতন নাগৰিক, বুদ্ধিজীৱীয়ে। বিজেপি তথা অসম চৰকাৰে ধৰ্মৰ ভিত্তিত লাখ লাখ অবৈধ বিদেশীক অসমত সংস্থাপন কৰাৰ অভিসন্ধি ৰচিছে তাৰ বিৰুদ্ধাচৰণ কৰিয়ে অসমৰ বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত এই নাগৰিক অভিৱৰ্তনৰ আয়োজন কৰা হৈছে বুলি আহ্বায়কসকলে এক বিবৃতিত জনাইছে। তেওঁলোকে জনোৱা অনুসৰি অভিৱৰ্তনত অসমৰ কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱী, প্ৰবীণ সাংবাদিক, অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ টাই-আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জনগোষ্ঠীয় দল-সংগঠন উপস্থিত থাকিব। ইয়াৰ উপৰি অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, তিৱা সাহিত্য সভাকে ধৰি ৰাজনৈতিক দল অসম গণ পৰিষদ, চি পি আই, চি পি এম, পাৰ্বত্য ৰাজ্য দাবী পৰিষদ, আম আদমী পাৰ্টীকে ধৰি অসমৰ স্বাৰ্থত মাত মতা বিভিন্ন জাতীয় দল-সংগঠনে অভিৱৰ্তনত উপস্থিত থকাৰ আশা ব্যক্ত কৰিছে।

হৰেকৃষ্ণ ডেকা, ড০ হীৰেন গোহাঁই, উদয়াদিত্য ভৰালী, ড০ অপূৰ্ব কমাৰ বৰুৱা, আব্দুল মান্নান, ড০ দিলীপ বৰা, ড০ দীনেশ বৈশ্য, মনজিত মহন্ত প্ৰমুখ্যে সচেতন নাগৰিক তথা বুদ্ধিজীৱীয়ে আহ্বান কৰা অভিৱৰ্তনখন ৰাতিপুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব। অসমৰ প্ৰায়বোৰ জিলাৰ পৰাই প্ৰতিনিধি আহিব বুলি আশা প্ৰকাশ কৰিছে। অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ আগমূহুৰ্তত বিজেপি চৰকাৰ তথা নেতাই হিন্দু-বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। যদি অবৈধ হিন্দু-বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হয় তেতিয়াহ’লে অসম চুক্তিক অৱমাননা কৰা হ’ব আৰু অসমৰ ভাষা, কৃষ্টি-সংস্কৃতি থানবান হৈ যাব। সেয়েহে সকলো অসম প্ৰেমীককে নাগৰিক অভিৱৰ্তনত উপস্থিত থাকি চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে থিয় হ’বলৈ আহ্বান জনায়।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd