DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ৰাজপথত অগপৰ শীৰ্ষ নেতৃত্বৰ শংখনাদ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
June 27, 2018 9:20 pm
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ৰাজপথত অগপৰ শীৰ্ষ নেতৃত্বৰ শংখনাদ
85
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একেলগে ডিব্ৰুগড়ৰ ৰাজপথত থিয় হ’ল অগপৰ শীৰ্ষ নেতৃত্ব। ডিব্ৰুগড়ৰ পুৰণা চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ওলিওৱা বৃহৎ প্ৰতিবাদী সমদলটোত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্ত, কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশব মহন্ত, ফনি ভুষণ চৌধুৰী, বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কমলা কলিতা, হিৰণ্য কোঁৱৰৰ লগতে কেইবাগৰাকী অগপ বিধায়কে অংশ গ্ৰহণ কৰে।

সমাবেশত বিজেপিক কঠোৰ সমালোচনা কৰি প্ৰফুল্ল মহন্তই কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ জৰিয়তে বিজেপিয়ে অসমৰ সমাজ জীৱন ধ্বংস কৰাৰ কূট কৌশল ৰচিছে।

তেওঁ কয়, ‘বাংলাদেশত বহু হিন্দুলোকে বহু বছৰ ধৰি বাস কৰি আছে আৰু তেওঁলোকে তাত দুৰ্গা পুজাও উদযাপন কৰি আহিছে, তেনেস্থলত বিজেপিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কি কাৰণ আছে?’

‘অসমৰ খিলঞ্জীয়াৰ বাবে ভাবুকি স্বৰূপ এই বিধেয়কখনৰ আমি তীব্ৰ বিৰোধিতা কৰো আৰু ইয়াক শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ বিজেপিক দাবী জনাইছো।‘ তেওঁ কয়।

Dibrugarh- AGP Sankhanaad programme (7)

 

আনহাতে কৃষি মন্ত্ৰী অতুল বৰাই কয়, ‘অসম চুক্তিক উলংঘা কৰা নাগৰিকত্ব সংশোধনী বিধেয়কক আমি বিৰোধিতা কৰো। নিৰ্বাচনৰ পুৰ্বে বিধেয়কখনকলৈ বিজেপিৰ সৈতে আমাৰ বুজাবুজি আছিল কিন্তু এতিয়া তেওঁলোকে বিধেয়কখনৰ সমৰ্থন কৰিছে। আমি বিজেপিৰ মিত্ৰজোঁটত আছো যদিও জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি যাম।‘

তেওঁ লগতে কয়, ‘অসম চুক্তি অনুসৰি ২৪ মাৰ্চ ১৯৭১ চনৰ পিছত অসমত প্ৰৱেশ কৰা যিকোনো লোককে অবৈধ বিদেশী হিচাপে গণ্য কৰা উচিত, লাগিলে তেওঁ যি ধৰ্মৰে নহওক কিয়।‘

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিধেয়কখনৰ বিৰোধিতা কৰি কয়, ‘বিজেপি শাসনাধিস্থ কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক অসমলৈ অনাৰ পৰিকল্পনা কৰি আছে যিটো অসমৰ খিলঞ্জীয়া লোকৰ বাবে এক ভাবুকি।’

প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন প্লে’কাৰ্ড আৰু বেনাৰ লৈ নগৰখনৰ মুখ্য পথসমূহৰ মাজেৰে সমদল উলিয়াই চৌকিডিঙি খেলপথাৰত সমবেত হয়। বিধেকখন প্ৰত্যাহাৰৰ দাবীত বিভিন্ন শ্ল’গানেৰে তেওঁলোকে পৰিৱেশ উত্তাল কৰি তোলে।

Recent News

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

teen kills one-year-old girl

জিঘাংসু প্ৰতিশোধ: এটা চৰৰ প্ৰতিশোধ ল’বলৈয়ে এবছৰীয়া কন্যা শিশুক পানীত পেলাই হত্যা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd