• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ শুনানি : ‘সৰ্বাত্মক বিৰোধিতা’ খিলঞ্জীয়া সংগঠনৰ, চৰকাৰক ‘ভয়ংকৰ পৰিণাম’ৰ সকীয়নি

NE NOW NEWS ৰাজীব ৰয়
নতুন দিল্লী , April 17, 2018 10:19 pm

3 min read

citizenship amendment bill opposed by assam organizations in delhi hearing
117
VIEWS
Share on FacebookShare on Twitter

দেশৰ নাগৰিকত্ব আইন সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনা নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ৰ সৰ্বাত্মক বিৰোধিতা কৰিছে অসমৰ ১৬ টাকৈ খিলঞ্জীয়া সংগঠনে। ‘সংসদত এই বিধেয়ক গৃহীত কৰিলে’ ‘ভয়ংকৰ পৰিণাম’ ভুগিব লাগিব বুলি দিল্লীত অনুষ্ঠিত শুনানিত আজি ১৭ এপ্ৰিলত চৰকাৰক সকীয়াই দিছে অসমৰ সংগঠনকেইটাই।

শুনানিত অংশ লোৱাৰ পিছত আয়োজন কৰা সংবাদমেলত ‘সস্তীয়া ৰাজনৈতিক স্বাৰ্থ আৰু লাভালাভৰ বাবে এন ডি এ’ চৰকাৰে এই বিধেয়কখন আনিছে’ বুলি উল্লেখ কৰি সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীয়ে কয় ‘যুটীয়া সংসদীয় সমিতিৰ আগত আমাৰ স্থিতি আমি স্পষ্ট কৰি দিছো। যিকোনো মূল্যৰ বিনিময়তে আমি বিধেয়কখন গ্ৰহণ নকৰো…বিধেয়কখন গৃহীত কৰিলে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰেই ইয়াৰ পৰিণাম ভুঞ্জিব লাগিব।’

আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই বিধেয়কখনক ‘জাতিধ্বংসী’ৰূপে অভিহিত কৰিছে আৰু এই বিধেয়ক গৃহীত কৰিলে ‘ভয়ংকৰ পৰিণামৰ’ সন্মুখীন হ’ব লাগিব বুলি চৰকাৰক সকীয়াই দিছে। পূৰ্বেই শুনানিত ভাগ লোৱা বাবে আজিৰ শুনানিত আছু নাথাকিলেও উপদেষ্টা ভট্টাচাৰ্য্য আজিৰ শুনানিত ভাগ লোৱা সংগঠনসমূহৰ সৈতে উপস্থিত আছিল।

প্ৰস্তাৱিত বিধেয়কখনে আমাৰ ‘সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ বৈশিষ্ট্যটোকে অৱমাননা কৰা’ বুলি দাবী কৰি সংগঠনসমূহে সংসদীয় সমিতিক কয় ‘ধৰ্মৰ ভিত্তিত বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীক ভাগ ভাগ কৰিব নোৱাৰিব। অসম চুক্তিৰ আধাৰত ধৰ্ম নিৰ্বিশেষে ১৯৭১ চনৰ পিছত অহা সকলো অবৈধ অনুপ্ৰৱেশকাৰীকে বহিষ্কাৰ কৰিব লাগিব।’

যিকোনো সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে যুটীয়া সংসদীয় সমিতিয়ে অসম ভ্ৰমণ ‘কৰিবই লাগিব’ বুলিও সংগঠনসমূহে দাবী জনায়। খাখলাৰীয়ে কয় যে ‘অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ঠাইৰ সকলো খিলঞ্জীয়া সংগঠনৰ সৈতে যুটীয়া সংসদীয় সমিতিয়ে কথা পাতিব লাগিব।’

অসমৰ মাত্ৰ ১৬ টা সংগঠকহে শুনানিলৈ মতাক লৈও প্ৰতিবাদ জনাই সংগঠনসমূহে। এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই কয় যে ‘ৰাজ্যত আৰু ১২ টা খিলঞ্জীয়া সংগঠন আছে। সাহিত্য সভা আছে, নেছ’ আছে আৰু বহুবিলাক আছে…কোনো সিদ্ধান্ত লোৱাৰ আগতে চৰকাৰে তেওঁলোকৰ মতো ল’বই লাগিব।’

আনহাতে আজিৰ শুনানিত বিধেয়কখন ‘তৎকালে বাতিল কৰাৰ বাবে দাবী জনোৱা’ বুলি উল্লেখ কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে কয় ‘অবৈধ অনুপ্ৰৱেশকাৰীয়ে ইমান সমস্যা সৃষ্টি কৰি অহাৰ সময়ত চৰকাৰে কেনেকৈ ধৰ্মৰ নামত চুবুৰীয়া দেশৰ পৰা আৰু মানুহক আদৰণি জনাব পাৰে..।’ তেওঁ লগতে কয় ‘বাংলাদেশত ১.৫ কোটি আৰু পাকিস্তানত ৮০ লাখগৰাকী হিন্দু আছে, এই প্ৰব্ৰজনকাৰীসকলক আমি কেনেকৈ গ্ৰহণ কৰিম?’ বড়োৱে কয় ‘অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা আমি লৈয়ে আছো…চৰকাৰে এইসকলক নিশ্চিতভাৱে উত্তৰ-পূৰ্বাঞ্চলতে জাপিব আৰু ই ইতিমধ্যে ভাবুকিৰ সন্মুখীন হোৱা খিলঞ্জীয়া লোকসকলৰ সামাজিক আৰু ৰাজনৈতিক স্থান নোহোৱা কৰিব।’

আজিৰ শুনানিত সমিতিক সংগঠনসমূহে ১০ টা দাবী দৃষ্টিগোচৰ কৰে।

শুনানিত ট্ৰাইবেল সংঘ, এবছু, টি এম পি কে, সদৌ ৰাভা ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, সদৌ ডিমাচা ছাত্ৰ সন্থা, সদৌ গোৰ্খা ছাত্ৰ সন্থা, সদৌ কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ দেউৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, অল আছাম ট্ৰাইবেল য়ুথ লীগ, সদৌ অসম গৰীয়া-মৰীয়া জাতীয় পৰিষদ, সদৌ অসম হাজং ছাত্ৰ সন্থা আৰু সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থা আজিৰ শুনানিত উপস্থিত থাকে।

বিষয়টো সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে অসমৰ সংগঠনকেইটাৰ নেতৃত্ব মাৰাথন বৈঠকত মিলিত হয়। সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ অধ্যক্ষতাত পুৱা ১১ বজাৰ পৰা ৫ ঘণ্টা ধৰি এই বৈঠক অনুষ্ঠিত হয়।

আনহাতে নাগৰিকত্ব সংশোধন বিধেয়কৰ বিৰোধিতা কৰা কিন্তু আজিৰ শুনানিলৈ আমন্ত্ৰণ নোপোৱা বহুকেইটা সংগঠনৰ অন্যতম কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিহুৰ মাজত অসমৰ সলনি দিল্লীত শুনানি পতাক লৈ আজি ৰাজ্যজুৰি ক’লা পতাকা জোকাৰি প্ৰতিবাদ কৰে।

Recent News

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

press meet of chief election commissioner at Guwahati

২০২১ ৰ নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটাৰৰ বাবে কি কি নিয়ম প্ৰযোজ্য হ’ব? জনালে মুখ্য নিৰ্বাচনী আয়ুক্তই

Imran-1

অৰুণাচলৰ পৰা অপহৃত দুই অইলৰ বিষয়াৰ মুক্তিৰ প্ৰসংগত ভিডিঅ’ প্ৰেৰণ আলফাৰ

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd