• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে পুনৰ এগৰাকীক চহিদ হ’বলৈ আগ বঢ়াই দিব চহিদ পৰিয়ালে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 1, 2018 8:44 pm
সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সংবাদমেল, দিচপুৰ প্ৰেছক্লাবত।

সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সংবাদমেল, দিচপুৰ প্ৰেছক্লাবত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“যদি বিধেয়কখন গৃহীত হয়, আমি চহিদ পৰিয়ালে তীব্ৰতৰ আন্দোলন গ্ৰহণ কৰিম। দৰকাৰ হ’লে আমি নিজৰ পৰিয়ালৰ পুনৰ এগৰাকীক চহিদ হ’বলৈ আগ বঢ়াই দিবলৈ কুণ্ঠাবোধ নকৰো।”

দেওবাৰে দিচপুৰ প্ৰেছ ক্লাবত এখন বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাই।

Apply Now

আনহাতে তেওঁ কয়, “যদি ৮৫৫গৰাকীক চহিদ হয় বুলি অসম চৰকাৰে ঘোষণা কৰিছে, তেন্তে কোনো কাৰণতে এই আইনখন থাকিব নোৱাৰে।”

এই বুলি উল্লেখ কৰাৰ লগতে ডেকাই কয়, “যদি এই বিধেয়কখন আনে, তেন্তে ৮৫৫গৰাকী চহিদক অপমান কৰা হ’ব।”

ইয়াৰোপৰি তেওঁ কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত  মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নীৰৱতা অৱলম্বন কৰা দেখা পাইছো। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক যিহেতু জাতীয় নায়ক হিচাপে অসমৰ ৰাইজে ইতিমধ্যে স্বীকৃতি দিলে, গতিকে নায়কৰ যিটো সন্মান সেইটো অটুট ৰাখিবৰ বাবে পুনৰবাৰ সংবাদ মাধ্যমৰ জৰিয়তে সোণোৱালক অনুৰোধ কৰিছো।”

আনহাতে, খুব সোনকালেই সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ আৰু অসম চৰকাৰৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক, এন আৰ চি আৰু অসম চুক্তিৰ সন্দৰ্ভত এখন ত্ৰিপাক্ষিক আলোচনাচক্ৰ অনুষ্ঠিত হ’ব বুলিও তেওঁ সদৰী কৰে।

“যদিও ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ কথা আছিল, তথাপি আমি আশা কৰিছো সময়মতে চূড়ান্ত খচৰা প্ৰকাশ পাব, সেইখনেই অসমবাসীৰ কাৰণে একমাত্ৰ সম্বল।” তেওঁ সংবাদ মাধ্যমৰ আগত কয়।

তেওঁ লগতে কয়, “৫১টা চহিদ পৰিয়ালৰ উত্তৰাধিকাৰী বিচাৰি উলিয়াব পৰা নাই। অসমৰ চুকে-কোণে বহুতো চহিদ পৰিয়াল সোমাই থাকিব পাৰে, গতিকে আমি নিৰীক্ষণ কৰি তেওঁলোকক বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰিছো।”

“চহিদ পৰিয়ালৰ কোনো লোকে চাকৰি পাইছে যদিও সেয়া চহিদ পৰিয়ালৰ ক’টাত চাকৰি পোৱা নাই।” এই বুলি কৈ চৰকাৰে চহিদ পৰিয়ালৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰি তেওঁ কয়, “চহিদ পৰিয়ালৰ কিমান সংখ্যক লোকক সংস্থাপন দিয়া হ’ব তাৰ বিষয়ত চৰকাৰে বৰ্তমানলৈকে এটা স্পষ্ট স্থিতি প্ৰকাশ কৰা নাই। কিন্তু সহানুভূতিৰ ভিত্তিত চৰকাৰে চহিদ পৰিয়ালৰ দুই-এজনক চাকৰি দিছে।”

উল্লেখ্য যে কালি ৰাজ্যৰ মুখ্য সচিবৰ কাৰ্য্যালয়ত মুখ্য সচিব টি ৱাই দাসৰ সৈতে সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ এক বৈঠকত তেওঁলোকে অসম চুক্তিৰ প্ৰত্যেকটো দফা কাৰ্য্যকৰী কৰাৰ লগতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা সকলো ধৰ্মাৱলম্বী লোককে বহিষ্কাৰ কৰিবলৈ ব্যৱস্থা কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ক কেন্দ্ৰ কৰি ভৱিষ্যতে হ’ব পৰা অনাকাংক্ষিত পৰিস্থিতিৰ পৰা অসমক ৰক্ষা কৰিবৰ বাবে দাবী, এন আৰ চিক কেন্দ্ৰ কৰি অনাকাংক্ষিত তথা অপ্ৰীতিকৰ কাৰ্য্য সংঘটিত নহয় তাৰ বাবে চৰকাৰক দাবী জনায়।

এই বৈঠকৰ সময়ত তেওঁলোকে লগতে চহিদ আৰু নিৰ্য্যাতিত পৰিয়ালৰ লোকক চৰকাৰী চাকৰিত মকৰল কৰাৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনোৱাৰ উপৰি অসম আন্দোলনত নিৰ্য্যাতিত পৰিয়ালৰ ব্যক্তিসকলক অতি শীঘ্ৰে চৰকাৰী আৰ্থিক সাহায্য প্ৰদান কৰিবৰ বাবে মুখ্য সচিবক আহ্বান জনায়।

মুখ্য সচিবগৰাকীয়ে এই ক্ষেত্ৰত তেওঁলোকৰ দাবীসমূহ সমাধান কৰাৰ বাবে চেষ্টা চলাব বুলি আশ্বাস প্ৰদান কৰে বুলি পৰিষদৰ সভাপতি ৰাজেন ডেকাই সংবাদমাধ্যমক জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd