• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰ নামত একাংশই ৰচিছে ষড়যন্ত্ৰ : চন্দ্ৰমোহন পাটোৱাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 8:13 am
22-03-18-Guwahati-Chandra-Mohan-Patowary-PMT-1

মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এন আৰ চি সম্পূৰ্ণ হোৱাৰ পাছতহে চৰকাৰে বহু বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব। বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ আছে কিন্তু ৰাজ্য চৰকাৰে অসমৰ ৰাইজৰ ক্ষতি হোৱা কোনো পদক্ষেপ গ্ৰহণ নকৰে’।

শুকুৰবাৰে দিচপুৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য মন্ত্ৰীৰ নিৰ্দেশত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে।

Apply Now

মন্ত্ৰী পাটোৱাৰীয়ে বিধেয়কখনৰ প্ৰসংগত কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ নামত উত্তেজনা বিয়পোৱা একাংশই এন আৰ চিৰ কামত বাধা দিবলৈ ষড়যন্ত্ৰ কৰিছে’।

বিধেয়কৰ প্ৰসংগত ৰাজ্য চৰকাৰে এতিয়াই কোনো কথা ব্যক্ত নকৰে কিন্তু যুটীয়া সমিতিয়ে বিচাৰিলে চৰকাৰে নিজৰ মত ব্যক্ত কৰিব বুলি পাটোৱাৰীয়ে স্পষ্ট ৰূপত উল্লেখ কৰি দিয়ে। তাৰোপৰি এই বিতৰ্কিত বিধেয়কখনৰ কাৰণে ৰাজ্যবাসীয়ে শংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

অসমবাসীক মুখ্য মন্ত্ৰী সোণোৱাল ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনাই পাটোৱাৰীয়ে কয় যে ৰাইজৰ ক্ষতি হ’ব পৰা কোনো কাম সোণোৱাল চৰকাৰে নকৰে।

তাৎপৰ্যমূলকভাৱে কালিৰ সংবাদমেলত পাটোৱাৰীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ নামত এন আৰ চি প্ৰক্ৰিয়াত বাধা আৰোপ কৰাৰ ষড়যন্ত্ৰ চলিব পাৰে বুলিহে চৰকাৰ অধিক শংকিত হৈছে। কিয়নো ইয়াৰ পূৰ্বেও এন আৰ চিৰ কাম বন্ধ কৰাৰ বাবে ৰাজ্যত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু বৰ্তমানৰ চৰকাৰখনে এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিবলৈ অগ্ৰসৰ হৈছে।

মন্ত্ৰী পাটোৱাৰীয়ে বিধেয়ক প্ৰসংগত কয় যে ৰাইজৰ মতামত ভিত্তিত যুটীয়া সংসদীয় সমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তক অসম চৰকাৰেও সন্মান কৰি যাব। তেওঁ লগতে কয় যে যিহেতু বিধেয়কখনৰ শুনানি গ্ৰহণ কৰা হৈছে, গতিকে শুনানি কালত এনে পৰিৱেশ সৃষ্টি হোৱাতো উচিত নহয়।

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ত বহু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ দৰে অসম চৰকাৰেও কিয় অনুৰূপ পদক্ষেপ গ্ৰহণ নকৰে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে কয় কেবিনেটে গ্ৰহণ কৰিবলগীয়া পৰিৱেশ এতিয়াও হোৱা নাই। অসমত এন আৰ চিৰ কাম চলি আছে, কিন্তু মেঘালয়ত এন আৰ চি নাই। সেয়ে আমাৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।

ইফালে সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত কয় যে এন আৰ চি সম্পূৰ্ণ হোৱাৰ পূৰ্বে যুটীয়া সংসদীয় সমিতিয়ে নিজৰ সিদ্ধান্তৰ প্ৰতিবেদন দাখিল নকৰে। অৰ্থাৎ এন আৰ চি সম্পূৰ্ণ হোৱাৰ পাছতহে চৰকাৰে জে পি চিৰ আগত নিজৰ স্থিতি ব্যক্ত কৰিব আৰু তাৰ পাছতহে জে পি চিয়ে প্ৰতিবেদন দাখিল কৰিব।

আনহাতে বহু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে চৰকাৰৰ মিত্ৰজোঁটৰ দল অগপই দুৰ্ঘোৰ বিৰোধিতা কৰা প্ৰসংগত তেওঁ কয় যে চৰকাৰৰ অংশীদাৰী দল হৈ বিৰোধ কৰাতো শুভ লক্ষণ। শুকুৰবাৰে আয়োজিত সংবাদমেলত পাটোৱাৰীৰ লগতে মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেষ গোস্বামীও উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd