‘এন আৰ চি সম্পূৰ্ণ হোৱাৰ পাছতহে চৰকাৰে বহু বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব। বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ আছে কিন্তু ৰাজ্য চৰকাৰে অসমৰ ৰাইজৰ ক্ষতি হোৱা কোনো পদক্ষেপ গ্ৰহণ নকৰে’।
শুকুৰবাৰে দিচপুৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য মন্ত্ৰীৰ নিৰ্দেশত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে।
মন্ত্ৰী পাটোৱাৰীয়ে বিধেয়কখনৰ প্ৰসংগত কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ নামত উত্তেজনা বিয়পোৱা একাংশই এন আৰ চিৰ কামত বাধা দিবলৈ ষড়যন্ত্ৰ কৰিছে’।
বিধেয়কৰ প্ৰসংগত ৰাজ্য চৰকাৰে এতিয়াই কোনো কথা ব্যক্ত নকৰে কিন্তু যুটীয়া সমিতিয়ে বিচাৰিলে চৰকাৰে নিজৰ মত ব্যক্ত কৰিব বুলি পাটোৱাৰীয়ে স্পষ্ট ৰূপত উল্লেখ কৰি দিয়ে। তাৰোপৰি এই বিতৰ্কিত বিধেয়কখনৰ কাৰণে ৰাজ্যবাসীয়ে শংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
অসমবাসীক মুখ্য মন্ত্ৰী সোণোৱাল ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনাই পাটোৱাৰীয়ে কয় যে ৰাইজৰ ক্ষতি হ’ব পৰা কোনো কাম সোণোৱাল চৰকাৰে নকৰে।
তাৎপৰ্যমূলকভাৱে কালিৰ সংবাদমেলত পাটোৱাৰীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ নামত এন আৰ চি প্ৰক্ৰিয়াত বাধা আৰোপ কৰাৰ ষড়যন্ত্ৰ চলিব পাৰে বুলিহে চৰকাৰ অধিক শংকিত হৈছে। কিয়নো ইয়াৰ পূৰ্বেও এন আৰ চিৰ কাম বন্ধ কৰাৰ বাবে ৰাজ্যত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু বৰ্তমানৰ চৰকাৰখনে এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিবলৈ অগ্ৰসৰ হৈছে।
মন্ত্ৰী পাটোৱাৰীয়ে বিধেয়ক প্ৰসংগত কয় যে ৰাইজৰ মতামত ভিত্তিত যুটীয়া সংসদীয় সমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তক অসম চৰকাৰেও সন্মান কৰি যাব। তেওঁ লগতে কয় যে যিহেতু বিধেয়কখনৰ শুনানি গ্ৰহণ কৰা হৈছে, গতিকে শুনানি কালত এনে পৰিৱেশ সৃষ্টি হোৱাতো উচিত নহয়।
উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ত বহু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ দৰে অসম চৰকাৰেও কিয় অনুৰূপ পদক্ষেপ গ্ৰহণ নকৰে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে কয় কেবিনেটে গ্ৰহণ কৰিবলগীয়া পৰিৱেশ এতিয়াও হোৱা নাই। অসমত এন আৰ চিৰ কাম চলি আছে, কিন্তু মেঘালয়ত এন আৰ চি নাই। সেয়ে আমাৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।
ইফালে সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত কয় যে এন আৰ চি সম্পূৰ্ণ হোৱাৰ পূৰ্বে যুটীয়া সংসদীয় সমিতিয়ে নিজৰ সিদ্ধান্তৰ প্ৰতিবেদন দাখিল নকৰে। অৰ্থাৎ এন আৰ চি সম্পূৰ্ণ হোৱাৰ পাছতহে চৰকাৰে জে পি চিৰ আগত নিজৰ স্থিতি ব্যক্ত কৰিব আৰু তাৰ পাছতহে জে পি চিয়ে প্ৰতিবেদন দাখিল কৰিব।
আনহাতে বহু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে চৰকাৰৰ মিত্ৰজোঁটৰ দল অগপই দুৰ্ঘোৰ বিৰোধিতা কৰা প্ৰসংগত তেওঁ কয় যে চৰকাৰৰ অংশীদাৰী দল হৈ বিৰোধ কৰাতো শুভ লক্ষণ। শুকুৰবাৰে আয়োজিত সংবাদমেলত পাটোৱাৰীৰ লগতে মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেষ গোস্বামীও উপস্থিত থাকে।