• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

নিষিদ্ধ ড্ৰাগছ ব্যৱহাৰৰ অভিযোগত সাময়িকভাৱে নিষিদ্ধ কমনৱেলথত স্বৰ্ণজয়ী মণিপুৰৰ ভাৰোত্তোলক সঞ্জীতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 1, 2018 1:52 pm

1 min read

Sanjita-Chanu-570x320

ভাৰোত্তোলক সঞ্জীতা চানুৰ ফাইল ফটো

77
VIEWS
Share on FacebookShare on Twitter

পুনৰ কলংকৃত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰ। অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছত ৫৩ কেজি শাখাত অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হোৱা মণিপুৰৰ ভৰোত্তোলক সঞ্জীতা চানুৰ নমুনাত ধৰা পৰিছে ‘এনাবলিক ষ্টেৰ’ইড টেষ্টোষ্টেৰণ’ (Anabolic Steroid Testosterone) নামৰ নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি। চানুৰ দেহত এই ড্ৰাগৰ নমুনা ধৰা পৰা পাছতে আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাই সাময়িকভাৱে নিষিদ্ধ কৰিছে।

উল্লেখ্য যে চলিত বছৰৰ কমনৱেলথ গেইমছৰ দ্বিতীয় দিনা দেশৰ হৈ দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰা মণিপুৰৰ জীয়ৰী সঞ্জিতা চানুৰ বাবে এতিয়া দেখা দিছে সমস্যাই। সংস্থাটোৰ তৰফৰ পৰা জানিবলৈ দি কয় যে যদি ড’পিং টেষ্টত ভাৰোত্তোলকগৰাকী দোষী সাব্যস্ত হয় তেন্তে ৪ বছৰৰ বাবে নিষিদ্ধ হ’ব ভাৰোত্তোলন জগতৰ পৰা।

আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাৰ ৱেবছাইট যোগে চানুৰ দেহত এনাবলিক ষ্টেৰ’ইডৰ নমুনা পোৱাৰ কথা জানিবলৈ দি কয়, ‘সঞ্জীতা চানুৱে ড’প টেষ্টত ব্যৰ্থ হৈছে। এণ্টি ড’পিং নিয়মাৱলী ভংগ কৰাৰ অপৰাধত খেলুৱৈগৰাকীক সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে’।

সংস্থাটোৱে লগতে আৰু উল্লেখ কৰি কয় যে কমনৱেলথ গেইমছতে নে অন্য প্ৰতিযোগিতাত চানুৰ দেহৰ পৰা এই ড্ৰাগৰ নমুনা পোৱা গৈছে সেয়া এতিয়াও নিষ্চিত হোৱা নাই।

ইফালে সংস্থাটোৱে বিষয়টো সন্দৰ্ভত নিশ্চিত নোহোৱালৈকে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিব বুলি জনায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd