• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নীপকোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত গোলাঘাটত কৃষক মুক্তিৰ বিশাল প্ৰতিবাদী সমদল

NE NOW NEWS ঋতুপল্লৱ শইকীয়া
গোলাঘাট , August 6, 2018 11:31 pm

2 min read

KMSS protest rally at Golaghat
64
VIEWS
Share on FacebookShare on Twitter

নীপকোয়ে এৰি দিয়া পানীয়ে সৃষ্টি কৰা বিধ্বংসী বানত বেয়াকৈ ক্ষতিগ্ৰস্ত গোলাঘাটৰ সহস্ৰাধিক লোকক সাহায্য প্ৰদানৰ লগতে প্ৰতিষ্ঠানটোৰ দোষী বিষয়াক গ্ৰেপ্তাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিশাল প্ৰতিবাদ সাব্যস্ত কৰে।

অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম তাই ছাত্ৰ সন্থা, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা আৰু আহোম সেনাই সহযোগ কৰা উক্ত ধৰ্ণা কাৰ্যসূচীত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে গোলাঘাট নগৰৰ মাজমাজিয়াৰে সমদল কৰি চৰকাৰ বিৰোধী শ্লগান আৰু নীপকোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আকাশ-বতাহ কঁপাই তুলে।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদত কৃষক নেতা অখিল গগৈয়ে জিলা প্ৰশাসনক কঠোৰ সমালোচনা কৰি কয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত প্ৰশাসনে দেখুৱা চৰম উদাসীনতাৰ বাবেই এই দুৰ্য্যোগ হ’বলৈ পালে।

তেওঁ অভিযোগ কৰে যে নাগালেণ্ডৰ ওখা জিলাস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ কথা নীপকোয়ে জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাক আগতিয়াকৈ জনাইছিল যদিও তেওঁ এইক্ষেত্ৰত কাৰ্যকৰি পদক্ষেপ গ্ৰহণ নকৰিলে।

ইয়াৰ উপৰি নীপকোয়ে যদি বানপীড়িত লোকক পৰ্যাপ্ত সাহায্য প্ৰদান নকৰে তেন্তে অসমত নীপকোক কাম কৰিবলৈ দিয়া নহ’ব বুলিও তেওঁ হুংকাৰ দিয়ে।

পিছত কৃষক মুক্তিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বানত ক্ষতিগ্ৰস্ত প্ৰত্যেক পৰিয়ালকে ১০ হেজাৰ টকাৰ এক সাময়িক সাহায্য দিয়াকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd