• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নেতাজীৰ কন্যাৰ মন্তব্য অসাৰ! আৰ এছ এছৰ সৈতে নেতাজীৰ লক্ষ্যৰ মিল থকা বুলি দাবী কৰিলে মোহন ভাগৱতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2023 8:44 pm
Mohan Bhagwat on Netaji
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা যুঁজাৰু নেতাজী সুভাষ চন্দ্ৰ বসু হিন্দুত্ববাদী সংগঠন আৰ এছ এছৰ দৰে একে লক্ষ্যৰ আধাৰত পৰিচালিত হৈছিল! অৰ্থাৎ আৰ এছ এছৰ লক্ষ্য আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ লক্ষ্য আছিল একে। আজি এই দাবী কৰিছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে।

নেতাজীৰ কন্যা অনিতা বসু ফাফে শেহতীয়াকৈ আৰ এছ এছ আৰু সুভাষ চন্দ্ৰ বসুৰ মতাদৰ্শ সম্পূৰ্ণ পৃথক বুলি মন্তব্য কৰি হিন্দুত্ববাদী সংগঠনটোক সমালোচনা কৰিছিল। আৰ এছ এছৰ ‘হিন্দুত্ববাদী’ মতাদৰ্শৰ পৰিৱৰ্তে নেতাজীয়ে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰিছিল বুলি উল্লেখ কৰিছিল নেতাজীৰ কন্যাই।

Apply Now

কিন্তু মোহন ভাগৱতৰ মন্তব্যই অনিতা বসু ফাফৰ মন্তব্যক অসাৰ প্ৰতিপন্ন কৰিছে। ভাগৱতৰ মতে নেতাজী আৰু আৰ এছ এছৰ লক্ষ্য হৈছে ভাৰতক এক মহান জাতি হিচাপে গঢ়ি তোলা।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদানৰ প্ৰশংসা কৰি ভাগৱতে সকলোকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ গুণ আৰু নীতি গ্ৰহণ কৰি দেশক “বিশ্ব গুৰু” হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়।

ভাগৱতে কয়, “আমি নেতাজীক কেৱল স্বাধীনতা সংগ্ৰামৰ প্ৰতি তেওঁৰ বহুমূলীয়া অৱদানৰ বাবেই তেওঁৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি স্মৰণ কৰোঁ তেনে নহয়, বৰঞ্চ আমি যাতে তেওঁৰ গুণসমূহো অনুকৰণ কৰিব পাৰো সেয়া নিশ্চিত কৰিবলৈ নেতাজীক স্মৰণ কৰোঁ।”

“তেওঁ যি ভাৰতৰ সপোন দেখিছিল তথা তেওঁ গঢ়ি তুলিব বিচাৰিছিল সেয়া এতিয়াও পূৰণ হোৱা নাই। এই সপোনক পূৰ কৰাৰ বাবে আমি কাম কৰিব লাগিব।”— হিন্দুত্ববাদী নেতাগৰাকীয়ে লগতে কয়। তেওঁ লগতে পৰিস্থিতি আৰু পথ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু গন্তব্যস্থান একেই আছে বুলিও দোহাৰে।

“নেতাজীয়ে প্ৰথমে কংগ্ৰেছৰ সৈতে জড়িত হৈ কংগ্ৰেছৰ ‘সত্যাগ্ৰহ’ আৰু ‘আন্দোলন’ৰ পথ অনুসৰণ কৰিছিল। কিন্তু যেতিয়া তেওঁ উপলব্ধি কৰিছিল যে এয়া যথেষ্ট নহয় আৰু স্বাধীনতা সংগ্ৰামৰ প্ৰয়োজন আছে, তেতিয়া তেওঁ এই লক্ষ্যৰ দিশত কাম কৰিছিল।”— ভাগৱতে কয়।

উল্লেখ্য যে, হিন্দুত্ববাদী সংগঠন আৰ এছ এছে স্বাধীনতা যুঁজাৰুগৰাকীৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে নেতাজীৰ কন্যা অনিতা বসু ফাফে আৰ এছ এছক নেতাজীৰ মতাদৰ্শক সোঁৱৰাই দি বসুৱে আৰ এছ এছৰ মতাদৰ্শক সমালোচনা কৰিছিল বুলি মন্তব্য কৰিছিল। ফাফৰ মতে নেতাজী আৰ এছ এছৰ মতাদৰ্শৰ পৰিৱৰ্তে বাঁওপন্থী ব্যক্তিহে আছিল।

অনিতা বসু ফাফে হিন্দুত্বৰ প্ৰচাৰৰ বাবে নেতাজীক ব্যৱহাৰ নকৰিবলৈও আৰ এছ এছক সকীয়াই দিছিল। ফাফে কয়, “মোৰ দেউতা এগৰাকী একান্ত হিন্দু আছিল যদিও সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল আৰু সকলোৱে একেলগে থাকিব পাৰে বুলি বিশ্বাস কৰা ব্যক্তি আছিল। মই নাভাবো যে আৰ এছ এছে এই ধাৰণাত বিশ্বাস কৰে।”

তেওঁ লগতে কৈছিল, “আৰএছএছে যদি নেতাজীৰ মতাদৰ্শক আঁকোৱালি ল’বলৈ আৰম্ভ কৰিছে, তেন্তে এয়া ভাৰতৰ বাবে ভাল হ’ব। নেতাজীয়ে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰিছিল আৰু আৰ এছ এছে যে এই নীতিত বিশ্বাস ৰাখে, সেয়া নিশ্চিত নহয়।”

“আৰ এছ এছে যদি হিন্দু জাতীয়তাবাদী ধাৰণা আগবঢ়াব বিচাৰে, তেতিয়া ইয়াৰ সৈতে নেতাজীৰ মতাদৰ্শৰ মিল নাথাকে। তাৰ বাবে নেতাজীক ব্যৱহাৰ কৰিলে মই কেতিয়াও শলাগ নলওঁ।”- অনিতা বসুৱে লগতে এইদৰে উল্লেখ কৰিছিল।

“মই নিশ্চয় ভাবিম যে তেওঁলোকে নেতাজীক কেৱল মুখেৰে সন্মান নিদিয়ে। আৰ এছ এছে নেতাজীৰ ১২৬ সংখ্যক জন্মদিন উদযাপন কৰাৰ বাবে মই সন্মান জনাইছো। কিন্তু দেশৰ সুবিধাৰ বাবে নেতাজীৰ তত্ত্বসমূহ ব্যৱহাৰ কৰিলে ভাল হ’ব।”— সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে অনিতা বসু ফাফে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd