DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেতাজী ১২২ সংখ্যক জন্মদিনত ৰাজ্যৰ তিনিজনলৈ নেতাজী গৰিমা বঁটা

by
January 23, 2018 9:56 pm
245
VIEWS
Share on FacebookShare on Twitter

নেতাজী সুভাষচন্দ্ৰ বসুৱে দেশৰ ডেকা শক্তিৰ ওপৰত অগাধ বিশ্বাস কৰিছিল। এই মন্তব্য ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোলাৱৰ। আজি মহানগৰীৰ পল্টন বজাৰৰ নেতাজী চকত সকৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মদিন উদযাপন সমিতিৰ উদ্যোগত দেশৰ স্বাধীনতাযুঁজৰ উল্লেখযোগ্য নেতাজনৰ ১২২ সংখ্যক জন্মদিন উপলক্ষে পতা অনুষ্ঠানত উপস্থিত থাকি মুখ্য মন্ত্ৰীজনে এই মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানটোতে মুখ্য মন্ত্ৰীয়ে সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক ড০ মল্লিকা কন্দলী, যুৱ বক্সাৰ অংকুশিতা বড়ো, এডিজিপি এল আৰ বিষ্ণয়ক নেতাজী গৰিমা বঁটা প্ৰদান কৰে।

বঁটা প্ৰদান অনুষ্ঠানটোত নিজৰ বক্তব্যত সোণোৱালে নেতাজীক আমাৰ দেশৰ সোণালী ইতিহাসৰ এগৰাকী শক্তিশালী নেতা বুলি উল্লেখ কৰে। ‘ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৱে বলিষ্ঠভাৱে আৰু নিৰ্ভীকতাৰে স্বাধীনতা আন্দোলনত নেতৃত্ব দিছিল। ভাৰতীয় জনগণক ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে উৎসাহিত কৰিছিল।’ এইদৰে কয় মুখ্য মন্ত্ৰীজনে।

তেওঁ কয় যে বিশ্বৰ বুকুত ভাৰতক সুকীয়া মৰ্য্যাদা প্ৰদান কৰা এইগৰাকী মহান দেশপ্ৰেমীৰ আদৰ্শেৰে আমাৰ মাজত ভাতৃত্ববোধ, বন্ধুত্ব আৰু সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰিব লাগিব। তেওঁ লগতে কয় যে নেতাজীৰ আদৰ্শ আৰু ব্যক্তিত্বৰ বিষয়ে নতুন প্ৰজন্মই উমান পোৱাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগিব।

উল্লেখযোগ্য যে আজিৰ সভাখনত মুখ্য মন্ত্ৰীৰ উপৰি সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক প্ৰশান্ত ফুকন, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শইকীয়া, বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাকে ধৰি ভালেমান গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

Recent News

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd