DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

নেলী : পঁয়ত্ৰিছ বছৰে খেদি ফুৰা বিভীষিকাময় স্মৃতি

ময়ূৰী শৰ্মা বৰুৱা by ময়ূৰী শৰ্মা বৰুৱা
February 18, 2018 9:01 pm
নেলী : পঁয়ত্ৰিছ বছৰে খেদি ফুৰা বিভীষিকাময় স্মৃতি
673
VIEWS
Share on FacebookShare on Twitter

চন ১৯৮৩| জুয়ে পোৰা তিৰাশী|

আমি তেতিয়া হাইস্কুলীয়া ছাত্ৰী|

বাতৰিকাকত আৰু ৰেডিঅ’ৰ মাধ্যমেৰে আন্দোলনৰ খবৰবোৰ পাইছিলোঁ| ঘৰৰ ডাঙৰবিলাকৰ চিন্তিত মুখবিলাকে আমাকো চিন্তাত পেলাইছিল| তেজ দিম, তেল নিদিওঁ জাতীয় ধ্বনিয়ে আমাকো আৱেগিক কৰিছিল|

প্রত্যক্ষভাৱে আন্দোলনকাৰী নহ’লেও আমি অসম আৰু অসমীয়াৰ শুভাকাংক্ষী আছিলোঁ| কি কৰিলে অসম সুৰক্ষিত হ’ব, সেয়া বুজিব পৰাকৈ বয়সৰ পৰিপক্কতা নাছিল| সভয়ে শান্তিপূৰ্ণ আন্দোলনৰ কামনা কৰিছিলোঁ|

হয়তোবা গান্ধীৰ আদৰ্শৰে প্রভাৱান্বিত আছিল আমাৰ শৈশৱ আৰু কৈশোৰ| মনটোৱে পোনচাটে মানিব পৰা নাছিল, সদায় দেখি থকা, আহযাহ থকা বাংলাভাষী মানুহখিনিক শত্ৰুজ্ঞান কৰিবলৈ! পুলিচ মিলিটেৰিৰ অত্যাচাৰৰ খবৰবোৰে মনত ভয় সুমুৱাইছিল| চিনাকিসকল কুশলে থাকক– তাকে বিচাৰিছিলোঁ|

আন্দোলন তীব্রৰ পৰা তীব্রতৰ হৈছিল|

তাৰ মাজতে ঘটি গৈছিল এক হৃদয়বিদাৰক ঘটনা| আজিৰ তাৰিখটোতে, ১৯৮৩ চনত, নেলী নামৰ ঠাইটুকুৰাত সংঘটিত হৈছিল গণহত্যা| অসমৰ ইতিহাসত লাগিছিল এক মচিব নোৱৰা চেকা!

চকুৰ আগত আজিও ভাঁহি উঠে সেই বছৰৰ মাৰ্চ মাহৰ ‘ইণ্ডিয়া টুডে’ৰ বেটুপাতৰ ছবিখন– শাৰী শাৰীকৈ পৰি ৰোৱা মৃতদেহৰ ছবিখন- -শাৰী শাৰীকৈ পৰি ৰোৱা নিথৰ শিশুবিলাকৰ ছবিখন| আমাক সেইবোৰ চাবলৈ দিয়া হোৱা নাছিল| লুকাই চুৰকৈ চোৱা সেই ছবিখনে আজিও মনলৈ এক অপৰাধবোধ কঢ়িয়াই আনে| বাতৰিকাকতত পঢ়োতে আৰু ৰেডিঅ’ত শুনোতে হোৱা উপলব্ধিতকৈ আলোচনীৰ বেটুপাতজোৰা ছবিখনে আমাৰ কুমলীয়া মনত গভীৰ সাঁচ বহুৱাইছিল|

তাৰ পিছৰ সময়ছোৱাত অসমে বহু কিবাকিবি পালে আৰু বহু কিবাকিবি পায়ো হেৰুৱালে|

তাৰ পিছৰ পৰা যেতিয়াই ৰাষ্ট্রীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈছোঁ, নেলী অঞ্চল পালেই মনটো গধুৰ হৈ আহে| নিৰীহ মানুহখিনিৰ ভয়াৱহ মৃত্যুৰ বিভীষিকা আজিও যেন বিয়পি আছে নেলীৰ আকাশত। মোৰ তেনে অনুভৱ হয়|

পঁয়ত্ৰিশ বছৰ হৈ গ’ল সেই ঘটনাৰ| এদিন এনেকৈয়ে পঞ্চাশ বছৰ পাৰ হ’ব| এসময়ত শতবৰ্ষ অতিক্ৰম কৰি যাব| হয়তো নতুন চামৰ বহুতেই নেলীকাণ্ডৰ খবৰ নাজানিব|

কিন্তু মানৱ সভ্যতাৰ বুৰঞ্জীত লিপিবদ্ধ হৈ ৰ’ব এই কলংকিত অধ্যায়| কাৰ ভুলৰ বাবে বা কাৰ নিৰ্দেশত এই বধযজ্ঞ অনুষ্ঠিত হ’ল– সেয়া অৰ্থহীন তথ্য| সত্য এয়ে যে অসমৰ মাটিত এনে এক পৈশাচিক ঘটনা সংঘটিত হৈছিল|

আজিৰ দিনটোৱে কথাবোৰ আকৌ এবাৰ মনত পেলাই দিলে| অনুশোচনাই আজিও দহিছে|

 

(লেখিকা তিনিচুকীয়া কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা)

Recent News

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Qutb Minar

এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd