• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নেলী : পঁয়ত্ৰিছ বছৰে খেদি ফুৰা বিভীষিকাময় স্মৃতি

ময়ূৰী শৰ্মা বৰুৱা by ময়ূৰী শৰ্মা বৰুৱা
February 18, 2018 9:01 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন ১৯৮৩| জুয়ে পোৰা তিৰাশী|

আমি তেতিয়া হাইস্কুলীয়া ছাত্ৰী|

Apply Now

বাতৰিকাকত আৰু ৰেডিঅ’ৰ মাধ্যমেৰে আন্দোলনৰ খবৰবোৰ পাইছিলোঁ| ঘৰৰ ডাঙৰবিলাকৰ চিন্তিত মুখবিলাকে আমাকো চিন্তাত পেলাইছিল| তেজ দিম, তেল নিদিওঁ জাতীয় ধ্বনিয়ে আমাকো আৱেগিক কৰিছিল|

প্রত্যক্ষভাৱে আন্দোলনকাৰী নহ’লেও আমি অসম আৰু অসমীয়াৰ শুভাকাংক্ষী আছিলোঁ| কি কৰিলে অসম সুৰক্ষিত হ’ব, সেয়া বুজিব পৰাকৈ বয়সৰ পৰিপক্কতা নাছিল| সভয়ে শান্তিপূৰ্ণ আন্দোলনৰ কামনা কৰিছিলোঁ|

হয়তোবা গান্ধীৰ আদৰ্শৰে প্রভাৱান্বিত আছিল আমাৰ শৈশৱ আৰু কৈশোৰ| মনটোৱে পোনচাটে মানিব পৰা নাছিল, সদায় দেখি থকা, আহযাহ থকা বাংলাভাষী মানুহখিনিক শত্ৰুজ্ঞান কৰিবলৈ! পুলিচ মিলিটেৰিৰ অত্যাচাৰৰ খবৰবোৰে মনত ভয় সুমুৱাইছিল| চিনাকিসকল কুশলে থাকক– তাকে বিচাৰিছিলোঁ|

আন্দোলন তীব্রৰ পৰা তীব্রতৰ হৈছিল|

তাৰ মাজতে ঘটি গৈছিল এক হৃদয়বিদাৰক ঘটনা| আজিৰ তাৰিখটোতে, ১৯৮৩ চনত, নেলী নামৰ ঠাইটুকুৰাত সংঘটিত হৈছিল গণহত্যা| অসমৰ ইতিহাসত লাগিছিল এক মচিব নোৱৰা চেকা!

চকুৰ আগত আজিও ভাঁহি উঠে সেই বছৰৰ মাৰ্চ মাহৰ ‘ইণ্ডিয়া টুডে’ৰ বেটুপাতৰ ছবিখন– শাৰী শাৰীকৈ পৰি ৰোৱা মৃতদেহৰ ছবিখন- -শাৰী শাৰীকৈ পৰি ৰোৱা নিথৰ শিশুবিলাকৰ ছবিখন| আমাক সেইবোৰ চাবলৈ দিয়া হোৱা নাছিল| লুকাই চুৰকৈ চোৱা সেই ছবিখনে আজিও মনলৈ এক অপৰাধবোধ কঢ়িয়াই আনে| বাতৰিকাকতত পঢ়োতে আৰু ৰেডিঅ’ত শুনোতে হোৱা উপলব্ধিতকৈ আলোচনীৰ বেটুপাতজোৰা ছবিখনে আমাৰ কুমলীয়া মনত গভীৰ সাঁচ বহুৱাইছিল|

তাৰ পিছৰ সময়ছোৱাত অসমে বহু কিবাকিবি পালে আৰু বহু কিবাকিবি পায়ো হেৰুৱালে|

তাৰ পিছৰ পৰা যেতিয়াই ৰাষ্ট্রীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈছোঁ, নেলী অঞ্চল পালেই মনটো গধুৰ হৈ আহে| নিৰীহ মানুহখিনিৰ ভয়াৱহ মৃত্যুৰ বিভীষিকা আজিও যেন বিয়পি আছে নেলীৰ আকাশত। মোৰ তেনে অনুভৱ হয়|

পঁয়ত্ৰিশ বছৰ হৈ গ’ল সেই ঘটনাৰ| এদিন এনেকৈয়ে পঞ্চাশ বছৰ পাৰ হ’ব| এসময়ত শতবৰ্ষ অতিক্ৰম কৰি যাব| হয়তো নতুন চামৰ বহুতেই নেলীকাণ্ডৰ খবৰ নাজানিব|

কিন্তু মানৱ সভ্যতাৰ বুৰঞ্জীত লিপিবদ্ধ হৈ ৰ’ব এই কলংকিত অধ্যায়| কাৰ ভুলৰ বাবে বা কাৰ নিৰ্দেশত এই বধযজ্ঞ অনুষ্ঠিত হ’ল– সেয়া অৰ্থহীন তথ্য| সত্য এয়ে যে অসমৰ মাটিত এনে এক পৈশাচিক ঘটনা সংঘটিত হৈছিল|

আজিৰ দিনটোৱে কথাবোৰ আকৌ এবাৰ মনত পেলাই দিলে| অনুশোচনাই আজিও দহিছে|

 

(লেখিকা তিনিচুকীয়া কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা)

ময়ূৰী শৰ্মা বৰুৱা

ময়ূৰী শৰ্মা বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd