কালি মহানগৰীৰ শিল্পগ্ৰামত অনুষ্ঠিত হোৱা সদৌ অসম সমবায় সমিতি আৰু সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ যুটীয়া বৈঠকত নৱবৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সদৌ অসম সমবায় সমিতিৰ সভাপতি দেবানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সুলভ মূল্যৰ ব্যৱসায়ী সকল উপস্থিত থাকে। উক্ত সভাত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সম্পাদক হেমন্ত ডেকাই সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়ায়। অসম চৰকাৰৰ যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ বাবদ ৬০ কোটি টকা মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই ক্ষেত্ৰত সদৌ অসম সমবায় সমিতি আৰু ব্যৱসায়ী সন্থাই অসন্তুষ্টি প্ৰকাশ কৰে। জানিব পৰা মতে সংগঠন দুটাৰ বিষয়ববীয়া সকলে মন্ত্ৰীগৰাকীক পৰিবহন আৰু কমিচন বাবদ হোৱা খৰচৰ ধন আদায় দিয়াৰ বাবে দাবী জনোৱাৰ লগতে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।
লক্ষ্যণীয় যে বিগত ৯ মাহত চাউলৰ কমিচন তথা পৰিবহণৰ বাবদ হোৱা মুঠ ব্যয়ৰ পৰিমাণ ৩৬৯ কোটি টকা যদিও যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৬০ কোটি টকা মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰতি দিয়ে। কিন্তু বাকী থকা ৩০৯ কোটি টকা কেতিয়া মুকলি কৰি দিয়া হ’ব বুলি সমবায় সমিতি আৰু সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই মন্ত্ৰীগৰাকীক প্ৰশ্ন উত্থাপন কৰে।
ইয়া উপৰিও সন্থা দুটাই ডি বি টি ব্যৱস্থা বাতিল কৰা, সুলভ মূল্যৰ এজেন্ট আৰু কৰ্মচাৰীৰ জীৱিকাৰ পথ প্ৰশস্ত কৰাকে ধৰি অন্য বহুকেইটা দাবী জনাই আহিছে যদিও বৰ্তমান সময়লৈকে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে । উল্লেখনীয় যে এই দাবী সমূহ পূৰণ নকৰিলে ২০১৮ চনৰ পহিলা জানুৱাৰীৰ পৰা চাউলৰ বিতৰণ প্ৰক্ৰিয়াটো বাতিল কৰাৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ৰাজ্যৰ মুঠ ৭৭৭ খন সমবায় সমিতি আৰু ৩৮,৭৮৪ জন সুলভ মূল্যৰ ব্যৱসায়ীয়ে অহা ১৫ ডিচেম্বৰত গুৱাহাটীত এখন অভিৱৰ্তনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে। সূলভ মূল্যৰ ব্যৱসাযী সন্থাৰ সম্পাদক হেমন্ত ডেকাই জানিবলৈ দিয়া অনুসৰি এই অভিবৰ্তনতে তেওঁলোকে সন্মুখীন হোৱা সমস্যা সমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হ’ব।