দেওবাৰে নিশা পাঠাশালা চহৰত এটা ডকাইতিৰ ঘটনা আৰু এটা চুৰি ঘটনা সংঘটিত হয়। ইয়াৰে প্ৰথমটো ডকাইতি কাণ্ড সংঘটিত হয় পাঠশালা বিদ্যুৎ উপ-সংমণ্ডলত।
উল্লেখযোগ্য যে পাঠশালা বিদ্যুৎ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ পৰা দেওবাৰে নিশা এটা ডকাইতৰ দলে ১০ লাখ টকা লুট কৰি নিয়ে। লুট কৰি নিয়া ধনখিনি বিদ্যুতৰ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা টকা আছিল বুলি জানিব পৰা গৈছে।
আনহাতে ডকাইতৰ দলটোৱে দেওবাৰে নিশা কাৰ্যালয়টোত ডকাইতি কাৰ্য সংঘটিত কৰাৰ আগতে কাৰ্যালয়টোত চকীদাৰ হিচাপে কৰ্তব্যৰত অৱস্থাত থকা অশ্বীনি তালুকদাৰক সমীপৰে এটা কাৰ্যালয়ত বান্ধি লৈছিল।
ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
ইফালে আনটো ডাকাইত ঘটনা সংঘটিত হয় পাঠশালাৰ গুডলাক নামৰ এখন বিপণীত।
প্ৰাপ্ত তথ্য মতে ডকাইতৰ দলটোৱে বিপণীখনৰ পিছু দুৱাৰ ভাঙি প্ৰায় ৩৫০০০ টকা লুট কৰি নিয়ে।
আনহাতে স্থানীয় ৰাইজে অঞ্চলটোত আৰক্ষীয়ে তহল দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনেদেৰ ডকাইতি তথা চুৰি কাণ্ডৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে বুলি জানিবলৈ দিয়ে। ফলত স্থানীয় ৰাইজে অঞ্চলটোত উপযুক্ত সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।