DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে যোগ দিলে বিজেপিত, অন্য ৰাজ্যৰ দৰেই নাগালেণ্ডতো বিজেপিৰ ‘মুক্ত দুৱাৰ নীতি’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2018 8:03 am
90
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা কে এল চিচিয়ে আজি বিজেপিত যোগদান কৰে।

উত্তৰ-পূবৰ দায়িত্বত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ উপস্থিতিত ডিমাপুৰৰ এখন হোটেলত আয়োজিত এক অনুষ্ঠানত নেতাজনে বিজেপিত যোগদান।

চিচিয়ে যোৱা ২০ জানুৱাৰিত কংগ্ৰেছৰপৰা পদত্যাগ কৰিছিল।

১৯৯০ৰ দশকত খুব কম সময়ৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা প্ৰৱীন নেতাজনে আগন্তুক নিৰ্বাচনত তেওঁৰ পূৰ্বৰ ৩২ এ’/চি আট’ইজু সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সদৰী কৰে। ২০০৮ চনৰ নিৰ্বাচনত তেওঁ ডিমাপুৰ ১ সমষ্টিৰপৰা কংগ্ৰেছৰ হৈ বিজয়ী হৈছিল।

আনহাতে কালি বিধানসভাৰ পৰা পদত্যাগ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপদেষ্টা জেকব ঝিম’মিয়েও গেৰুৱা দলটোত যোগ দিয়াৰ কথা।

এই সন্দৰ্ভত নিৰ্দলীয় বিধায়ক জেকবে কোনো মন্তব্য কৰা নাই যদিও বিজেপি সূত্ৰই তেওঁ বিজেপিত যোগদান কৰিব বুলি দাবী কৰিছে।

এতিয়ালৈকে এনপিএফৰ দুজন আৰু নিৰ্দলীয় এজনকে ধৰি মুঠ ৩ জন বিধায়কে ৰাজ্যিক বিধানসভাৰ পৰা পদত্যাগ কৰিছে। ইয়াৰ পূৰ্বে নাগালেণ্ডৰ প্ৰাক্তন গৃ্হ মন্ত্ৰী ৱাই পাটন আৰু প্ৰাক্তন উপদেষ্টা ভিখ’ য়’শ্বুয়ে বিধানসভাৰ পৰা পদত্যাগ কৰিছিল।

পাটনে বিজেপিত যোগ দিয়াৰ বিপৰীতে ভিখ’ই এন ডি পি পি (Nationalist Democratic Progressive Party)ত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

এই পদত্যাগসমূহৰ পিছত নাগালেণ্ড বিধানসভাৰ সদস্যসংখ্যা ৫৬ জনলৈ হ্ৰাস পালে। আনহাতে প্ৰাক্তন মন্ত্ৰী কিয়ানিয়েলি পাৰ্চেয়িৰ মৃত্যুৰ পিছত পশ্চিম আংগামী সমষ্টিটো খালী হৈ আছে।

ইফালে নাগালেণ্ড বিজেপিয়ে অন্য দুজন প্ৰাৰ্থিত্বপ্ৰয়াসী কাচিহ’ চাংটাম (৫৯ চেয়চুং চিটিমি সমষ্টি)আৰু কেচ’বিকো (৩৩ চুৰুহ’টু সমষ্টি)নিজ দললৈ আনিছে।

এক প্ৰেছ বিবৃতিযোগে ৰাজ্যিক বিজেপিয়ে জনোৱা অনুসৰি এই দুজন নেতাই কেন্দ্ৰীয় মন্ত্ৰী তথা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দায়িত্বত থকা কিৰেন ৰিজিজু আৰু বিজেপিৰ ৰাজ্যিক সম্পাদক ভিচাচ’লি লৌংগুৰ উপস্থিতিত ১৯ জানুৱাৰিত গুৱাহাটীত দলটোত যোগ দিয়ে। বিবৃতিটোত লগতে কোৱা হৈছে যে ৰাজ্যখনত দলটোৰ অনুকূলে ‘সোনকালেই আৰু বহু তাৎপৰ্য্যপূৰ্ণ ঘটনা’ ঘটিব।

দলটোত যোগ দিব খোজা যিকোনো নতুন ব্যক্তিকে কোনো পূৰ্ব-চৰ্ত নোহোৱাকৈ দলটোলৈ আদৰণি জনোৱাৰ ক্ষেত্ৰত মোককচাঙত হোৱা দলটোৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকত গ্ৰহণ কৰা ‘মুক্ত দুৱাৰ নীতি’ৰ বিষয়েও বিজেপিয়ে উল্লেখ কৰে।

Recent News

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd