• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিবহণ বিষয়াৰে বুজাবুজি থকা বাবেই চুৰি গাড়ীৰ সহজে নতুন পঞ্জীয়ন নম্বৰ লাভ কৰে গাড়ীচোৰ চক্ৰই

NE NOW NEWS এন ই নাও নিউজ
খাৰুপেটীয়া , December 17, 2017 7:48 pm

2 min read

পৰিবহণ বিষয়াৰে বুজাবুজি থকা বাবেই চুৰি গাড়ীৰ সহজে নতুন পঞ্জীয়ন নম্বৰ লাভ কৰে গাড়ীচোৰ চক্ৰই

চুৰি হোৱা পিক আপ ব'লেৰ' গাড়ীখন।

118
VIEWS
Share on FacebookShare on Twitter

পৰিবহণ বিষয়াৰে বুজাবুজি থকা বাবেই গাড়ীচোৰ চক্ৰই চুৰ কৰি অনা গাড়ীৰ সহজেই নতুন নম্বৰ লাভ কৰে। আজি চুৰি গাড়ী উদ্ধাৰৰ এটা ঘটনাত পোহৰলৈ আহিছে এনে তথ্য। জানিব পৰা মতে আজিৰ পৰা প্ৰায় সাতমাহ পূৰ্বে কামৰূপ গ্ৰাম্য জিলাৰ আমিন গাৱঁৰ পৰা এটা গাড়ীচোৰ চক্ৰই চালকজনক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি চুৰ কৰি নিয়া এখন বলেৰ’ পিক আপ ভেন আজি ঘটনাক্ৰমে খাৰুপেটীয়াৰ বালুগাৱঁৰ পাচলি বজাৰত নতুন নম্বৰ লাগি থকা অৱস্থাত ঘটনাক্ৰমে উদ্ধাৰ হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে কামৰূপ গ্ৰাম্যৰ আমিন গাৱঁৰ পৰা আজিৰ পৰা প্ৰায় সাতমাহ পূৰ্বে এ এছ ২৫ চি চি ১৪৮৫ নম্বৰৰ এখন বলেৰ’ পিক আপ ভেন চুৰি হোৱাৰ গোচৰ পাইছিল যদিও ইয়াৰ একো শুংসূত্ৰ উলিয়াব পৰা নাছিল। কিন্তু আজি উক্ত গাড়ীখনৰ চালকজন ব্যৱসায়ৰ সূত্ৰে খাৰুপেটীয়াৰ বালুগাৱঁৰ সাপ্তাহিক পাচলি বজাৰলৈ অহাত ঘটনাক্ৰমে গাড়ীখন তেওঁৰ চকুত পৰে। গাড়ীখনৰ পঞ্জীয়ন নম্বৰটো বেলেগ আছিল যদিও তেওঁ গাড়ীখন সেইখনেই বুলি চিনি পায়। লগে লগে তেওঁ খাৰুপেটীয়া আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে তেওঁৰ তথ্যৰ ভিত্তিত গাড়ীখনৰ নম্বৰপ্লেইট পৰীক্ষা কৰি বৰ্তমানৰ পঞ্জীয়ন নম্বৰৰ (এ এছ ১৮ চি ৬৫৭২) প্লেইটখনৰ তলত আচল পঞ্জীয়ন নম্বৰ সম্বলিত প্লেইটখন দেখা পায়। তেতিয়া আৰক্ষীয়ে গাড়ীখনৰ কাগজ-পত্ৰ পৰীক্ষা কৰাত উৰহী গছৰ ওৰ ওলাই পৰে।

চুৰি গাড়ীখনৰ আচল মালিকৰ নাম হ’ল কাৰ্বি আংলং জিলাৰ খটখটীৰ মনোহৰ মগল (পিতা : মোগ্ৰাবালি মগল)। ইতিপূৰ্বে খটখটী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈ আছিল। আজি খাৰুপেটীয়া আৰক্ষীয়ে গাড়ীখন খটখটী আৰক্ষীক গতাই দিয়ে।

উল্লেখযোগ্য যে আৰক্ষীয়ে কাগজ-পত্ৰ পৰীক্ষা কৰোঁতে এই কথা পোহৰলৈ আহে যে এই চুৰি গাড়ীখন পুনৰ গোৱালপাৰা জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত উক্ত নতুন নম্বৰটোত পঞ্জীয়ন কৰা হৈছে। এই কথাই এটা সত্য প্ৰমাণ কৰে যে গাড়ীচোৰ চক্ৰৰ সৈতে পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ মিতিৰালি আছে, যাৰ ফলত গাড়ীচোৰত জড়িতসকলে সহজেই এখন গাড়ী নতুন নম্বৰত পঞ্জীয়ন কৰি আৰক্ষীৰ চকুত ধূলি দি থাকিব পাৰে।

Recent News

210303215044-byun-hui-su-file-exlarge-169

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd