• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বগীবিল দলঙৰ নিৰ্মাণ কাৰ্যৰ কাম-কাজ পৰিদৰ্শন ৰাজ্যিক পৰ্যায়ৰ ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
March 25, 2018 9:35 pm
ৰে'ল মন্ত্ৰী
160
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইয়ে  দেওবাৰে বগীবিল দলঙৰ নিৰ্মাণ কাৰ্যৰ কাম-কাজ পৰিদৰ্শন কৰি ৰে’লৱে কৰ্তৃপক্ষক দলংখন নিৰ্মাণৰ গতি দ্ৰুত কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে নিৰ্ধাৰিত সময়ত দলংখন মুকলি কৰিব পৰা যায়।

 ৰে’ল মন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় জিলাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু জ্যেষ্ঠ ৰে’লৱে বিষয়াক লগত লৈ ডিব্ৰুগড়ৰ চহৰৰ পৰা ১৭ কি. মি. ভটিয়নিত থকা বগীবিল প্ৰকল্পটোৰ কাম-কাজৰ বুজ লয়।

উল্লেখযোগ্য যে ঠিকাদাৰ সকলৰ মাজত চলি থকা কিছু বাদ-বিবাদৰ বাবে দলঙৰ নিৰ্মাণ কাৰ্য যোৱা চাৰি দিন ধৰি সম্পূৰ্ণভাৱে স্থবিৰ হৈ আছিল। সেয়ে মন্ত্ৰী গৰাকীয়ে আজি ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়া আৰু এন এফ ৰে’লৱেৰ বিষয়া সকল, নিৰ্মাণ কোম্পানি হিন্দুস্তান কন্ষ্ট্ৰাকচন কোম্পানিৰ প্ৰতিনিধি তথা ঠিকাদাৰ সকলৰ সৈতে এক বৈঠকত মিলিত হৈ উক্ত বিষয়টোৰ মীমাংসা কৰাৰ চেষ্টা কৰে। বৈঠকত তেওঁলোকৰ মাজত থকা বিবাদৰ অৱসান ঘটাই পাৰস্পৰিক বুজাবুজি কৰি নিৰ্মাণ কাৰ্যৰ কাম পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে বৈঠকতে মন্ত্ৰী গৰাকীয়ে ৰে’লৱে বিষয়াক ঠিকাদাৰ সকলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’বলৈ নিৰ্দেশ দিয়ে।

বৈঠকতে ৰে’লৱে মন্ত্ৰী গৰাকীয়ে কয় যে, ‘মই বিভাগীয় ৰে’লৱে বিষয়াক নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ গতিত কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিছো। বিভাগীয় বিষয়াই মোক দলঙৰ নিৰ্মাণ কাৰ্য কাম ৯৫ শতাংশ সম্পূৰ্ণ হৈ উঠা বুলি অৱগত কৰে। মই দলঙৰ নিৰ্মাণ কাৰ্য জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰিছো।’

আজিৰ বৈঠকত ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদুৰী, উত্তৰ-পূব ৰে’লৱেৰ মহাপ্ৰবন্ধক মহেশ কুমাৰ গুপ্তা, ৰে’লৱে ব’ৰ্ডৰ সদস্য সকল উপস্থিত থাকে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd