DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বছৰেকীয়া আয় আঠ লাখ টকা বা তাতকৈ বেছি হ’লে অ’ বি চিৰ বাবে থকা সুবিধা নাপাব

এন ই নাও নিউজ ব্যুৰো: by এন ই নাও নিউজ ব্যুৰো:
December 2, 2017 4:24 pm
180
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে এটা পদক্ষেপত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সংৰক্ষণৰ সুবিধা লোৱাত বাধাৰ ক্ষেত্ৰত বছৰেকীয়া আয়ৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰিছে। এই কথা অলপতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক অফিচ মেম’ৰেণ্ডামত প্ৰকাশ। উল্লেখযোগ্য যে বছৰেকীয়া আয়ৰ সীমাৰ ভিত্তিত অন্যান্য পিছপৰা শ্ৰেণীৰ মাজতে ক্ৰীমি লেয়াৰ (creamy layer) বুলি জ্ঞাত এটা শ্ৰেণী আছে। এই শ্ৰেণীত পৰাসকলে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সুবিধাবোৰ গ্ৰহণ কৰিব নোৱাৰে। এই ঘোষণাটোৰ পূৰ্বে এই শ্ৰেণীৰ ভিতৰুৱা হয় নে নহয় সেইটো নিৰ্ধাৰণ কৰাৰ আয় সীমা আছিল ৬ লাখ টকা। অৰ্থাৎ ৬ লাখ বা তাৰ অধিক টকাৰ বছৰি আয় থকা পৰিয়ালৰ সন্তানে এই সুবিধাবোৰ গ্ৰহণ কৰাত বাধা আছিল। এতিয়া এই সীমা বৃদ্ধি কৰি ৮ লাখ টকা কৰা হ’ল। এই অফিচ মেম’ৰেণ্ডামৰ ভিত্তিত অসমতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ এই সীমাৰ ভিতৰত পৰা লোকসকলকহে বাছনি কৰি প্ৰকৃতাৰ্থত অসচ্ছল লোকসকলেহে যাতে সংৰক্ষণ ব্যৱস্থাটোৰ সুফল লাভ কৰে সেইমতে ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। আয়সীমা চাইহে সংৰক্ষণৰ সুবিধা ল’ব পৰা প্ৰমাণপত্ৰ দিয়া হয় তালৈ লক্ষ কৰিবলৈ কয়। কোৱা প্ৰয়োজন, অসমত মুঠ ৩১ টা বৰ্গ অন্যান্য পিছপৰা শ্ৰেণীত পৰে আৰু এইসকলৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ সুবিধা আছে। কিন্তু কথাটো হ’ল অন্যান্য পিছপৰা শ্ৰেণী হোৱা মানেই এই সুবিধা সকলোৱে ল’ব নোৱাৰে। প্ৰকৃততে এই শ্ৰেণীটোৰ অৰ্থনৈতিকভাৱে অসচ্ছল সকলৰ বাবেহে এই সংৰক্ষণৰ সুবিধাটো আছে। অৰ্থনৈতিকভাৱে অসচ্ছলতাৰ নিৰ্ণায়ক হ’ল পৰিয়ালৰ আয়সীমা। জনমূৰি আয় বৃদ্ধিৰ সমান্তৰালকৈ এই আয়সীমাৰ মাজে মাজে সংশোধন কৰি অহা হৈছে। ১৯৯৩ চনত এই সীমা আছিল ১ লাখ টকা। ২০০৪ চনত ইয়াক ২.৫ লাখ টকালৈ আৰু ২০০৮ চনত ৪.৫ লাখ টকালৈ আৰু ২০১৩ চনত এই সীমা ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ’ল প্ৰকৃত অসচ্চলসকলতকৈ সচ্চলসকলে বেঁকা পথেৰে বা অন্যায় কৌশলেৰে এই সুবিধাবোৰ হস্তগত কৰি আহিছে। যাৰ ফলত ভুক্তভুগী হৈছে প্ৰকৃত পিছপৰাসকল।

Recent News

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd