• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বনৰীয়া হাতীৰ তাণ্ডৱৰ পৰা পৰিত্ৰাণ পাবলৈ বিহালীত হাতী পূজা

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
বিহালী , December 8, 2017 1:22 pm

2 min read

বনৰীয়া হাতীৰ তাণ্ডৱৰ পৰা পৰিত্ৰাণ পাবলৈ বিহালীত হাতী পূজা
141
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ন ন অঞ্চলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীৰ জাক নামি আহি বিভিন্ন সময়ত খাদ্য-শস্য, বাসগৃহ অনিষ্ট কৰাৰ সমান্তৰালকৈ বহুতো মানুহৰ প্ৰাণ কাঢ়ি নিয়াৰো বাতৰি আহি আছে। এই হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্বনাথ চাৰিআলিৰ বিহালী অঞ্চলৰ বতিয়ামাৰিৰ ৰাইজে হাতী পূজা কৰিছে। এই অঞ্চলত বিভিন্ন সময়ৰ পৰা বনৰীয়া জীৱ-জন্তুৱে সন্ত্ৰাসৰ  সৃষ্টি কৰি আহিছে বুলি স্থানীয় একাংশই জানিবলৈ দিয়ে। স্থানীয় প্ৰশাসন আৰু বন বিভাগে একো ব্যৱস্থা নোলোৱাৰো অভিযোগ উত্থাপন কৰে। বিহালী সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজে এনে এক দুৰ্ভোগ ভোগা বিষয়টো এক চিন্তনীয়। বিধায়ক হৈ থাকোতে জনাঞ্চললৈ প্ৰৱেশ কৰা হাতীৰ জাকক খেদি পঠিয়াবলৈ নিজাববীয়াকৈ জে চি বিৰ ব্যৱহাৰ কৰিছিল। কিন্তু মন্ত্ৰী হোৱাৰ পিছত স্থানীয় ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ ল’বলৈ আহৰি নাই বুলি ক্ষোভিত অঞ্চলবাসীয়ে আমাক জানিবলৈ দিয়ে। বিধায়ক তথা বন বিভাগৰ দ্বাৰা কোনো সঁহাৰি নোপোৱাত উপায়বিহীন হৈ অঞ্চলবাসীয়ে হাতী পূজা  কৰিবলৈ বাধ্য হৈছে।

ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ সমষ্টিত এনেদৰে হাতী পূজা আয়োজন কৰিব লগা হোৱাটো চৰম লজ্জাজনক বুলি ধিক্কাৰ দিছে বিপ্লৱী যুৱ সন্থায়। বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ চাৰিআলি জিলা সমিতিয়ে বিহালী ৰাইজ  তথা ক্ষতিগ্ৰস্ত অসমবাসীক বনৰীয়া হাতীয়ে কৰা ক্ষয়-ক্ষতিৰ উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই চৰকাৰৰ ওচৰত।

Recent News

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

IMG-20210306-WA0011

তামুলপুৰ বিধানসভা সমষ্টি দখলৰ বাবে সাজু হৈছে বিপিএফ; দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd