• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশত আলফা(স্বা)ৰ স্থিতি ! বনাঞ্চলৰ বাংকাৰত ৰকেটকে ধৰি মাৰণাস্ত্ৰ উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 4, 2018 7:39 am

2 min read

সাতছড়ি-জাতীয়-উদ্যান-768x533
151
VIEWS
Share on FacebookShare on Twitter

অসমৰ সীমান্তত থকা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আলফা (স্বা)ৰ স্থিতি পুনৰ প্ৰকাশ পাইছে শেহতীয়াকৈ উদ্ধাৰ হোৱা মাৰণাস্ত্ৰৰ ভাণ্ডাৰৰ পৰা।

দেশখনৰ ত্ৰিপুৰা সীমান্তৱৰ্তী বনাঞ্চলত অত্যাধুনিক মাৰণাস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ ঘটনাই পুনৰ দেশখনত আলফাৰ স্থিতি ঠন ধৰি উঠাৰ ইংগিত বহন কৰিছে।

বাংলাদেশৰ ভূখণ্ডত আলফাৰ ঘাটিসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলি দেশখনৰ চোৰাংচোৱা তথা নিৰাপত্তা বাহিনীসমূহে দাবী কৰি অহাৰ সময়তে এনেধৰণে বিশাল অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দেশখনৰ চৰকাৰ অথবা নিৰাপত্তা বাহিনীয়ে এতিয়াও এই সম্পৰ্কত কোনো তথ্য সদৰি কৰা নাই যদিও বনাঞ্চলৰ এটা বাংকাৰত উদ্ধাৰ হোৱা টেংক বিধ্বংসী ৰকেটকে ধৰি মাৰণাস্ত্ৰৰ ভাণ্ডাৰ আলফাৰে হ’ব বুলি সন্দেহ কৰা হৈছে।

চুবুৰীয়া দেশখনৰ বনাঞ্চলত ঘাটি পাতি এনেধৰণে মাৰণাস্ত্ৰৰ ভাণ্ডাৰ গঢ়ি তুলি তাৰ পৰাই কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি ধাৰণা কৰা হৈছে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি চুবুৰীয়া বাংলাদেশৰ চুনাৰঘাট উপ-জিলাৰ অন্তৰ্গত হাবিগঞ্জৰ সাতচাৰি ৰাষ্ট্ৰীয় উদ্যানত অভিযান চলাই ৰেপিড একশ্যন বেটেলিয়নে এই অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে।

বাহিনীটোৰ শীৰ্ষ বিষয়াগৰাকীয়ে সাংবাদিকক জনোৱা মতে তেওঁলোকে যোৱা শুকুৰবাৰৰ সন্ধিয়াৰ পৰা শনিবাৰৰ আৱেলিলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত ব্যাপক অভিযান চলায়।

এই অভিযানত বনাঞ্চলৰ এক দুৰ্গম স্থানত থকা এটা বাংকাৰৰ পৰা ১০ টা টেংক বিধ্বংসী ৰকেট আৰু বিপুল পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে। চীনত নিৰ্মিত প্ৰায় ৪০ মিটাৰ দীঘল এই ৰকেটসমূহে ১৫০০ কিলোমিটাৰ দূৰত্ব ভেদি টেংককে ধৰি যিকোনো বাহন ধ্বংস কৰিব পাৰে।

উল্লেখযোগ্য যে পূৰ্বেও এই বনাঞ্চলৰ পৰাই ৰেপিড একশ্যন বাহিনীয়ে ৰকেট লাঞ্চাৰ, মৰ্টাৰকে ধৰি অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd