DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সা জিলাৰ নাগ্ৰীজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱত সন্ত্ৰস্ত গাঁৱৰ ৰাইজ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 5, 2018 8:27 pm
wild elephants at baksa
81
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ বন সংমণ্ডলৰ অধীনৰ ভাৰত-ভুটান সীমান্তৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱে গঞা ৰাইজৰ নিদ্ৰা হৰণ কৰিছে।

ভাৰত-ভুটান সীমান্তত হোৱা অবাধ বনাঞ্চল ধ্বংস যজ্ঞৰ ফলত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বৃহৎ জাকে বিগত কেইবাবছৰ ধৰি বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত উপদ্ৰৱ চলাই বহু লোকক হত্যা কৰাৰ লগতে বহু কেইটা বনৰীয়া হাতীৰো মৃত্যু ঘটিছে।

যোৱা নিশা বনৰীয়া হাতীৰ এটা জাকে কেইবাটাও সৰু সৰু ভাগত বিভক্ত হৈ নাগ্ৰীজুলি চাহ বাগিচা আৰু ২নং দোঙৰগাঁৱৰ গগন চকত প্ৰৱেশ কৰে।

হাতীৰ এটা জাকে নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং শ্ৰমিক লাইনৰ বিৰছী মুণ্ডা, ৮নং শ্ৰমিক লাইনৰ অপূৰ্ব, অমৃত বাগ, অলবিছ আৰু দিলকুমাৰ নামৰ লোককেইজনৰ ঘৰ-দুৱাৰ ভাঙি ঘৰৰ ভিতৰত থকা বহু পৰিমাণৰ ধান, চাউল, আটা আদি খাই তহিলং কৰে।

আনহাতে হাতীৰ আন এটা যাকে ২নং দোং‌ৰগাঁৱৰ গগন চকত সোমাই সন্তোষ ৰায় আৰু বৈস্তৱ ৰায়ৰ দোকান ভাঙি দোকানৰ ভিতৰৰ বয়-বস্তু খোৱাৰ উপৰি উত্তম বিশ্বাস আৰু গুদুম মুণ্ডাৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা পৰিয়ালৰ লোকসকলে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

আজিও বনৰীয়া হাতীৰ বৃহৎ জাক এটাই পোৱালিসহ নাগ্ৰীজুলি চাহ বাগিচাত বিচৰণ কৰি থকাত নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ সন্ত্ৰস্ত হৈ পৰিছে।

সন্ধিয়া হলে কোন মুহূৰ্তত বনৰীয়া হাতীৰ জাক কত সোমাই অতৰ্কিতে আক্ৰমণ চলাই তাৰ কোনো নিশ্চয়তা নোহোৱাৰ আতংকত ভোগা ৰাইজে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগৰ লোকক দাবী জনাইছে।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd