• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেটত উল্লেখ থকা এটা কামো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব পৰা নাই বিজেপি চৰকাৰে : সুনীল ৰাজকোঁৱৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 20, 2018 10:38 pm
SunilRajkhowa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে হওক অথবা দেশৰ প্ৰধান মন্ত্ৰীয়ে হওক তেওঁলোকে নিৰপেক্ষতা অৱলম্বন কৰিব পৰা নাই। কেবিনেটৰ মন্ত্ৰীসকলে শুনাত শুৱলা লগাকৈ বহু কথা কয় ঠিকেই, কিন্তু বাস্তৱিকতে তেওঁলোকে এটা কামো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব পৰা নাই।‘’

-আজি মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলৰ পিছত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰে।

Apply Now

বিজেপি চৰকাৰে বাজেটত নিৰ্ধাৰিত প্ৰতিশ্ৰুতি বৰ্তমানলৈকে সম্পূৰ্ণৰূপে ৰূপায়ণ নকৰা বুলি মন্তব্য কৰি তেওঁ কয় ‘’যোৱা বাজেটত উল্লেখ থকা অনুসৰি প্ৰত্যেকখন গাৱঁত ১ কোটি ২০ লাখ টকাকৈ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া সম্পূৰ্ণ নহ’ল। গাঁৱৰ কথা বাদ দিয়ক গুৱাহাটী উন্নয়ন বিভাগে মাত্ৰ ৩ শতাংশ ধন খৰচ কৰিছে বুলি বিধানসভাত কৈছিল। তেতিয়াহ’লে এই বাজেটখনক লৈ আলোচনা কৰাৰে যুক্তি নাথাকে।‘’

তেওঁ কয়, ‘’তেওঁলোকে অষ্টাদশ মুকুতাৰ মালা নামাকৰণ কৰে, লুক ইষ্ট পলিচি সলাই লুক এক্ট পলিচি নাম দিয়ে। এই লুক এক্ট পলিচি নাম দি তেওঁলোকে ১৯৬৯ চনৰ পৰা লাভ কৰি অহা বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰিলে।‘’

আনহাতে বিশেষ ৰাজ্যৰ মৰ্য্যদা থাকিলে তেওঁ কেন্দ্ৰীয় বাজেটৰ পৰা ৩০ শতাংশ বাজেট লাভ কৰিলেহেঁতেন বুলি মন্তব্য প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওক কয় ‘’এই ৩০ শতাংশ পুঁজিৰে ৯০ শতাংশ অনুদান আৰু ১০ শতাংশ ঋণ হিচাপে লাভ কৰিছিল। কিন্তু এইখন চৰকাৰ শাসনলৈ আহিয়ে ২০১৫ চনত এই লাভ কৰি থকা সুবিধাকণো নাইকিয়া কৰি পেলালে।‘’

ইয়াৰোপৰি  উত্তৰ-পূবৰ উদ্যোগ নীতি বাতিল কৰা বুলি অভিযোগ তুলি সভাপতিগৰাকীয়ে কয় ‘’২০০৭ চনৰ পৰা চলি অহা উদ্যোগ নীতি কেন্দ্ৰৰ বিজেপি চৰকাৰে বাতিল কৰাৰ পিছৰে পৰা বহুতো উদ্যোগ বন্ধ হৈ গৈছে।‘’

লক্ষণীয় যে সভাপতিগৰাকীয়ে চাহ জনগোষ্ঠী লোকসকলক বিজেপি চৰকাৰে ম’বাইল প্ৰদান কৰা আঁচনিৰ বিৰোধিতা কৰে।

এই সন্দৰ্ভত তেওঁ কয় ‘’কংগ্ৰেছে পূৰ্বতে লুকাই-চুৰ কৰি সামগ্ৰী বিতৰণ কৰিছিল আৰু বিজেপিয়ে আকৃষ্ট কৰিবলৈ এই ব্যৱস্থা হাতত লৈছে। তেওঁলোকৰ এই ব্যৱস্থাৰ জৰিয়তে চাহ জনজাতিক অপমান কৰিব বিচাৰিছে। কেবল এটা জনজাতিকহে প্ৰদান কৰা হ’ল কিন্তু সকলোকে সমান চকুৰে চোৱা নহ’ল।‘’

আনহাতে তেওঁ কয় ‘’বিজেপিয়ে ব্যক্তিগত লাভালাভৰ বাবে কাম কৰিছে। লগতে সমগ্ৰ জাতিটোক ধ্বংস কৰাৰ বাবে এই কাম কৰি আছে। পূৰ্বৰ বাজেটৰ একো কাম কৰিব নোৱাৰিলে যিহেতু এই বাজেটখন দলীয় স্বাৰ্থতহে ব্যৱহাৰ কৰিবৰ বাবে লৈছে।‘’

লক্ষণীয় যে বাজেট অধিৱেশন চলি থকা সময়ত মন্ত্ৰীসকল বিধানসভাত নথকাৰ অভিযোগ কৰি ৰাজকোঁৱৰে কয়, ‘’বৰ্তমান বিধানসভাৰ অৱস্থা পুতৌজনক। মন্ত্ৰীৰ লগতে বিধায়কসকল উপস্থিত নাথাকে। এজন মন্ত্ৰীয়ে ২২ টাকৈ বিভাগৰ উত্তৰ দিয়াটো সম্ভৱ নেকি?

ত্ৰিপুৰাৰ নিৰ্বাচনটো অসমৰ জনসাধাৰণৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ নে অসমৰ বাজেট অধিৱেশনখন গুৰুত্বপূৰ্ণ? খোদ বিত্ত মন্ত্ৰীয়ে বাজেট অধিৱেশনৰ সময়ত উপস্থিত নাছিল।‘’

সাক্ষাৎকাৰৰ শেষৰফালে সুনীল ৰাজকোঁৱৰে এই বাজেটখনক সৰ্বসাধাৰণৰ বাজেটৰ বিপৰীতে নিৰ্বাচনকেন্দ্ৰিক তথা বিজেপিৰ দলমুখী বাজেট বুলি মন্তব্য কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

July 2, 2026 3:54 pm
ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

July 2, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd