• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ নাম লৈ কার্বি পাহাৰত শিল মাফিয়াৰ সন্ত্ৰাস : বন বিষয়া, বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলক অপদস্থ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 20, 2018 8:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ নাম লৈ একাংশ শিল মাফিয়াই এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাৰ্বি পাহাৰত গুণ্ডাৰাজ আৰম্ভ কৰিছে। শিল মাফিয়াৰ গুণ্ডাবাহিনীয়ে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত গৈ বন বিষয়াক ভাবুকি দিয়াৰ লগতে বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলকো অপদস্থ কৰে।

উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি উদ্যানখনৰ দক্ষিণে থকা কাৰ্বি আংলঙৰ পাহাৰত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ শিলখনন কাৰ্য, শিল কোৱাৰী, শিল ক্ৰেচাৰ মেচিন আদি বন্ধ কৰিবৰ বাবে কেন্দ্রীয় ব্যাঘ্র সংৰক্ষণ প্রাধিকৰণে অলপতে এক নিৰ্দেশ জাৰি কৰিছিল।

Apply Now

প্রাধিকৰণৰ এই নির্দেশৰ পিছতে পাহাৰ খহাই ৰাতিটোৰ ভিতৰতে কোটি টকাৰ মালিক হোৱা এচাম শিল ব্যৱসায়ীয়ে অৰাজকতাৰ সৃষ্টিৰ উদ্দেশ্যে এতিয়া অঞ্চলটোত তেওঁলোকৰ পোহনীয়া মাফিয়াৰ দলক এৰি দিছে ৷

নিজকে ভাৰতীয় জনতা পাৰ্টিৰ বিষয় ববীয়া আৰু দলটোৰ যুৱ মৰ্চাৰ কৰ্মকৰ্তা বুলি কৈ বাগৰিত থকা চেৰিকালচাৰ বিভাগৰ অতিথি শালাত বাহৰ পাতি এই দলটোয়ে অঞ্চলটোত আৰম্ভ কৰিছে গুণ্ডাৰাজ ৷

উল্লেখযোগ্য যে কেন্দ্রীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নির্দেশ মর্মে কাৰ্বি আংলঙৰ দুৱাৰ বাগৰি, হাৰমতি, চিলিমখোৱা, ৰংবংৱে, দলামৰা, দিৰিং, গেলেকী আদিত শিলৰ ব্যৱসায় বন্ধ কৰাৰ পিছতো এচাম শিল মাফিয়াই অবৈধভাৱে পাহাৰ খান্দি শিলৰ ৰমৰমীয়া ব্যৱসাই চলাই থকাৰ বাতৰি পাই কাৰ্বি আংলং জিলাৰ ডলামৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া প্রহাদ ক্ৰৱে যোৱা ১৬ মেত বাগৰি এলেকাত অভিযান চলাই তিনিজন শিল ব্যবসায়ীক দলামৰা বনাঞ্চলিক বিষয়াৰ কার্যালয়লৈ আটক কৰি লৈ আনিছিল।

এই বাতৰি জিলাখনৰ শিল মাফিয়াসকলৰ মাজত প্ৰচাৰ হোৱাৰ লগে লগে সকলো শিল মাফিয়া একত্ৰিত হৈ উলামৰা বনাঞ্চলিক বিষয়াৰ কার্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে মাজ নিশালৈ আটকাধীন তিনিগৰাকী শিল ব্যৱসায়ীক বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা বলপূর্বকভাবে মােকলাই নিয়ে।

ইয়াৰ উপৰি একে সময়তে শিল মাফিয়াৰ দলটোয়ে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ এটা বিজ্ঞানীৰ দলকো আশালীন ব্যৱহাৰ কৰি কাৰ্বি পাহাৰৰ পৰা খেদি পঠায় বুলিও বনাঞ্চলিক বিষয়া প্ৰহ্লাদ ক্ৰয়ে জনায় ৷

তদুপৰি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ সহযােগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চল বন বিভাগে আয়োজন কৰা  তিনি দিনীয়া প্ৰকৃতি শিৱিৰত অংশ গ্ৰহন কৰা চাৰিগৰাকী ছাত্ৰী আৰু দুগৰাকী স্বেচ্ছাসৱিকাক শিল মাফিয়াৰ দলটোয়ে ভাবুকি প্ৰদান কৰি শিৱিৰৰ পৰা ওভটি যাবলৈ বাধ্য কৰায়।

ভাৰতীয় জনতা পাৰ্টিৰ নাম লৈ  শিল মাফিয়াৰ গুণ্ডা বাহিনীয়ে চলোৱা এনে উদ্ভণ্ডালীক প্রকৃতিপ্রেমী সংগঠনৰ লগতে সচেতন মহলেও একমুখে গৰিহণা দিছে। বিষয়টো ইতিমধ্যে বিজেপিৰ ৰাজ্যিক বিষয় ববীয়াকো অৱগত কৰিছে স্থানীয় লোকে ৷ তেওঁলোকে এইক্ষেত্ৰত বিজেপি নেতৃত্বাধীন মিত্রজোট চৰকাৰক অঞ্চলটোত  শিল মাফিয়াই চলোৱা সন্ত্ৰাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

বিজেপিৰ নামলৈ অঞ্চলটোত শিল মাফিয়া আৰু শিল ব্যৱসায়ীৰ পোহনীয়া গুণ্ডা বাহিনীয়ে আৰম্ভ কৰা এই সন্ত্ৰাস নিয়ন্ত্ৰন কৰি বনমন্ত্রী পৰিমল শুক্লবৈদ্যই কাজিৰঙাৰ কাষৰীয় অঞ্চলত চলি থকা  অবৈধ শিলখনন কেনেদৰে  বন্ধ কৰে সেয়া লক্ষণীয় হ’ব ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd