• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰে দুই পিঠি বুলি মন্তৱ্য কৰিছে বদৰুদ্দিন আজমলে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 26, 2018 5:05 pm

2 min read

Ajmal-570x320

এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ফাইল ফটো

83
VIEWS
Share on FacebookShare on Twitter

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্ট (এআইইউডিএফ)ৰ মুৰব্বী বদৰুদ্দিন আজমলে মন্তৱ্য কৰিছে যে হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপিৰ স্থিতি ‘’একেটা মুদ্ৰাৰে দুই পিঠি’’ ৰ দৰে।

‘’কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰে দই পিঠি। দুয়োটা দলেই অসমত হিন্দু বাংলাদেশীসকল অসমত থকাটো বিচাৰে,’’-এআইইউডিএফৰ সভাপতি তথা লোকসভাৰ সাংসদ আজমলে এনেদৰে কয়।

তেওঁ কয় যে ২০১১ চনৰ বিধানসভাৰ নিৰ্বাচনত তেতিয়াৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা তৰুণ গগৈয়ে কৰিমগঞ্জৰ এখন নিৰ্বাচনী সভাত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ সমৰ্থনত ভাষণ দিছিল।

আজমলে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ বক্তৱ্যই ২০১১ চনত বৰাক উপত্যকাত ১৪ টা বিধানসভা সমষ্টিত বিজয়ী হোৱাত সহায় কৰিছিল।

তেওঁ কয় যে বিজেপিয়ে গগৈৰ পদাংক অনুসৰণ কৰিছিল আৰু ২০১৬ চনত হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব দিয়াৰ সমৰ্থন কৰিছিল।

‘’সেয়ে, এনেকুৱা পৰিস্থিতিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত পাৰ্থক্য ক’ত? ইয়াৰ বিপৰীতে আমাৰ দলে সদায়েই স্থিতি প্ৰকাশ কৰি আহিছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত অবৈধভাৱে প্ৰৱেশ কৰা যিকোনো ধৰ্মৰ ব্যক্তিকে ইয়াত থাকিবলৈ দিয়া উচিত নহয়’’, -প্ৰসিদ্ধ আগৰ ব্যৱসায়ীগৰাকীয়ে কয়।

আজমলে লগতে কয় যে কংগ্ৰেছে ‘’এআইইউডিএফৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে হতাশ হৈ পৰিছে।‘’

উল্লেখযোগ্য যে কংগ্ৰেছৰ বিগত পোন্ধৰ বছৰীয়া শাসনকালত তদানীত্বন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু এআইইউএফৰ নেতাগৰাকীৰ মাজত তীব্ৰ বাক্ যুদ্ধ চলিছিল।

অসমৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত সংঘাত দীৰ্ঘদিনীয়া। দুয়োটা দলেই ধৰ্মীয় সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা হিচাপে নিজকে দাবী কৰি আহিছে যদিও এআইইউডিএফৰ উত্থানৰ পিছত কংগ্ৰেছৰ স্থিতি ধৰ্মীয় সংখ্যালঘু অঞ্চলত যথেষ্ট হ্ৰাস পাইছে।

 

Recent News

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd