• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচিৰ ভূমিনীতিৰ বিৰুদ্ধে আহ্বান জনোৱা ২৪ ঘন্টীয়া বিটিএডি বন্ধত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , March 6, 2018 2:10 pm

2 min read

Abhayapuri

ফাইল ফটো

161
VIEWS
Share on FacebookShare on Twitter

ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত  কোচ ৰাজবংশী ,আদিবাসী, নাথ যোগী আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি পাঁচটাকৈ ছাত্ৰ সংগঠনে  আহবান জনোৱা ২৪ ঘণ্টীয়া বিটিএডি বন্ধৰ প্ৰভাৱ পৰিছে  কোকৰাঝাৰত ।

কোকৰাঝাৰ  জিলাৰ হলটু তিনালী, চৰাইকোলা, চন্দ্ৰপাৰা, কাৰিগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সমূহত বন্ধ সমৰ্থকসকলে কেইখনমান দুচকীয়া, চাৰিচকীয়া আৰু সামগ্ৰী কঢ়িওৱা ট্ৰাক আদি বাহনৰ ক্ষতি  কৰে। তদুপৰি বালাজান তিনালীত বন্ধ প্ৰতিবাদকাৰীসকলে শাক-পাচলিৰ দোকান ধ্বংস কৰে।

ফলত ক্ষুদ্ধ ৰাইজে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্রমণ কৰে। ফলত ‘প্ৰাগ নিউজ’ৰ সাংবাদিক ৰবিৰাম বৰগয়াৰী আৰু ‘আছাম টকছ’ৰ ধনঞ্জয় নাথ আৰু ফটো সাংবাদিক তথা ‘নিউজ টাইম’ অসমৰ সাংবাদিকলৈ   শিলগুটি নিক্ষেপ কৰে যদিও কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে। কিন্তু ঘটনাটোত ‘আছাম টকছ’ৰ সাংবাদিকৰ কেমেৰা ক্ষতিগ্ৰস্ত হয়

আনহাতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুণ ৰায় আৰু নাথ যোগী  ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথে প্ৰতিবাদস্থলী পৰা বিটিচিয়ে প্ৰস্তাৱ গ্ৰহণ কৰা ভূমি নীতি প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে ভূমি নীতিৰ ওপৰত স্পষ্টীকৰণ দিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি প্ৰকাশ কৰে।

সেয়েহে সংৰক্ষিত শ্ৰেণীৰ সংগঠন সমূহৰ সৈতে উক্ত প্ৰস্তাৱৰ ওপৰত ততালিকে আলোচনাত বহিবলৈ দাবী জনায়।

আনহাতে প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি সৰ্বানন্দ সোণোৱাল গ’ বেক, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ , ভূমি নীতি প্ৰত্যাহাৰ কৰক আদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ।

উল্লেখযোগ্য যে চন্দ্ৰপাৰা পথত কোকৰাঝাৰ ইউ এন একাডেমী স্কুলৰ শিক্ষক দৈপায়ান নাৰ্জাৰীৰ বাইকখনত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাত ভস্মীভূত হয় বাহনখন।

বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ জিলাৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু পথত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে ৷

চৰকাৰে উক্ত দাবীৰ প্ৰতি কোনো সঁহাৰি নজনালে পৰৱৰ্তী সময়ত পুনৰ জংগী আন্দোলন গ্ৰহণ কৰাৰ ভাবুকি দিয়ে সংগঠনটোৰ নেতাসকলে ।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd