DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশেষভাৱে সক্ষম লোকৰ এভাৰেষ্ট আৰোহণত নিষেধাজ্ঞা নেপাল পৰ্যটন বিভাগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2018 4:15 pm
111
VIEWS
Share on FacebookShare on Twitter

নেপালৰ পৰ্যটন বিভাগে অংগচ্ছেদিত আৰু অন্ধ লোকৰ বাবে বিশ্বৰ সৰ্বোচ্চ শৃংগটোৰ আৰোহণ নিষিদ্ধ কৰিছে। শাৰিৰীকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ সদায়ে প্ৰেৰণাৰ এক উৎস হিচাপে পৰিগণিত হৈ আহিছিল।

পৰ্যটন বিভাগৰ বিষয়ববীয়াই কাঠমাণ্ডুত জনোৱা অনুসৰি এভাৰেষ্ট অঞ্চলত মৃত্যু সংখ্যা হ্ৰাস কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে আজিলৈকে মুঠ ২৯ গৰাকী বাধাগ্ৰস্ত লোকে এভাৰেষ্ট বগোৱাৰ চেষ্টা কৰিছে আৰু তাৰে ১৫ গৰাকী লোক এই শৃংগ আৰোহণত সফলো হৈছে।

কিন্তু টমাছ ৱেবাৰ আৰু ফুৰ য়েম্বা চেৰ্পা নামৰ দুজন শাৰিৰীকভাৱে বাধাগ্ৰস্ত প্ৰখ্যাত পৰ্বতাৰোহীয়ে ক্ৰমে ২০০৬ আৰু ২০১৪ চনত এভাৰেষ্ট আৰোহণত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। তাৰোপৰি বিশেষভাৱে সক্ষম ১ ডজনতকৈ অধিক পৰ্বতাৰোহীয়ে এই শৃংগ আৰোহণৰ সময়ত হয় প্ৰাণ হেৰুৱাইছে নহয় সন্ধানহীন হৈছে।

নতুনকৈ ঘোষিত নিয়ম অনুসৰি এভাৰেষ্ট যাত্ৰাৰ সময়ত বিশেষভাৱে সক্ষম পৰ্বতাৰোহী সকলৰ সৈতে এজন পৰ্বত গাইড (চেৰ্পা) থাকিব লাগিব। তাৎপৰ্যপূৰ্ণভাৱে আফগানিস্তানত এক বিস্ফোৰণত ২০১০ চনত দুয়োটা ভৰি হেৰুৱা হৰি বুদ্ধ মগৰ নামৰ এজন প্ৰাক্তন বৃটিছ গোৰ্খা সৈন্যই নেপাল চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে।

বিশ্বৰ প্ৰথম আঁঠুৰ ওপৰলৈকে দুয়ো ভৰি নোহোৱা এভাৰেষ্ট আৰোহী হোৱাৰ লক্ষ্যৰে মগৰে প্ৰস্তুতি চলাই আছিল। নিজৰ ফেচবুক পৃষ্ঠাত তেওঁ কয় যে, ‘মোক নিষিদ্ধ নহয়, নেপালে মোক লৈ গৌৰৱ কৰা উচিত। চৰকাৰে যিয়েই সিদ্ধান্ত নকৰক কিয় মই এভাৰেষ্ট বগামেই।’

ইয়াৰ পূৰ্বে পৰ্বতাৰোহী সকলৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা ৭৬ বছৰ কৰাৰ বাবে বিভিন্ন পৰ্বতাৰোহী সংস্থাই চৰকাৰক পৰামৰ্শ দি আহিছিল। এই দাবীটো উঠিছিল অক্সিজেনৰ অভাৱত এই বছৰৰ মে’ত এজন ৮৫ বছৰীয়া পৰ্বতাৰোহীয়ে এভাৰেষ্টত প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ পিছত।

২০১৫ চনৰ ভূমিকম্পৰ পিছত এভাৰেষ্টৰ উচ্চতা হ্ৰাস পাইছে বুলি ওলোৱা অনিশ্চিত প্ৰতিবেদন সমূহৰ পিছত নেপালৰ সৈতে যুটীয়াভাৱে এভাৰেষ্টৰ পুনৰ মাপ লোৱাৰ বাবে ভাৰতে দিয়া প্ৰস্তাৱ নেপালে প্ৰত্যাখান কৰাৰ সময়তে ঘোষিত হৈছে এই নিষেধাজ্ঞা।

Recent News

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

High Blood Pressure

High Blood Pressure at Early Age: কম বয়সত উচ্চ ৰক্তচাপৰ কাৰণ কি জানেনে?

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd