DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত ‘বিশ্বাসঘাতকতা দিৱস’ কংগ্ৰেছৰ; বিজেপি-মোদীক তীব্ৰ সমালোচনা ৰিপুন বৰাৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
June 6, 2018 10:04 pm
ripun bora on bullock cart
97
VIEWS
Share on FacebookShare on Twitter

পে’ট্ৰল-ডিজেলৰ দেশজুৰি হোৱা মূল্যবৃদ্ধি আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱৰাৰ প্ৰতিবাদত আজি ৬ জুনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত বিশ্বনাথত কংগ্ৰেছে পালন কৰে ‘বিশ্বাসঘাতকতা দিৱস’।

গৰু গাড়ীক প্ৰতীক হিচাপে লৈ ৰিপুন বৰাৰ নেতৃত্বত বিশ্বনাথ জিলা কংগ্ৰেছে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত পে’ট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, খেতিয়কক নিম্নতম সমৰ্থন মূল্য প্ৰদান নকৰা, প্ৰত্যেক ২৪ ঘন্টাত দেশৰ ৩৫ জন কৃষকে আত্মহত্যা কৰা,  প্ৰত্যেক বছৰত দুই কোটি লোকক কৰ্মসংস্থাপনৰ মিছা প্ৰতিশ্ৰুতি দি চাৰি বছৰত মাত্ৰ চাৰি লাখ ষোল্ল হাজাৰ লোককহে কৰ্মসংস্থাপন দিয়া,  বিদেশৰ পৰা ক’লা ধন ঘূৰাই আনি প্ৰত্যেকজন ভাৰতীয়ক পোন্ধৰ লাখকৈ টকা দিয়াৰ মিছা প্ৰতিশ্ৰুতি দিয়া, দুৰ্নীতি ৰোধ কৰিম বুলি প্ৰতিশ্ৰুতি দি নীৰৱ মোডীক দেশৰ বেংকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাত সহায় কৰা, চৰকাৰৰ নীতিৰদ্বাৰা দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি সংকট নমাই অনা, মহিলা আৰু শিশুৰ ওপৰত যৌন নিৰ্যাতন বৃদ্ধি পোৱা, ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পোৱা’ আদি বিভিন্ন বিষয়ক লৈ প্ৰতিবাদত ৰিপুন বৰাই বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে।

কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

দিনৰ ১১ বজাত আৰম্ভ হোৱা প্ৰতিবাদী সমদলটো বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ হৈ  চহৰৰ মাজেদি গৈ  জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হয়।

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ব্ৰজেন সন্দিকৈ, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  প্ৰেমলাল গঞ্জু, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  আনোৱাৰ  আহমেদ,  উত্তৰ অসম সংখ্যালঘু কোষৰ উপ সভাপতি ফাৰহাদ আহমেদ, বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি আহমেদ আলী, বিশ্বনাথ জিলা কংগ্ৰেছৰ উপ সভাপতি নিত্য নাৰ্জাৰীকে ধৰি বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা অহা ব্লক আৰু মণ্ডল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Recent News

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd