• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস’ৰ ৰূপালী জয়ন্তী উদ্‌যাপন তেজপুৰ বিশ্ববিদ্যালয়ত

NE NOW NEWS প্ৰণব গুমাৰ দাস
তেজপুৰ , May 4, 2018 6:33 pm

2 min read

WantedPress_Freedom_e3a4fc6ecc
198
VIEWS
Share on FacebookShare on Twitter

তেজপুৰ বিশ্ববিদ্যালয়ৰ জন সংযোগ আৰু সাংবাদিকতা বিভাগে বৃহস্পতিবাৰে ২৫ সংখ্যক বিশ্ব সাংবাদ মাধ্যম স্বাধীনতা দিৱস উদ্‌যাপন কৰিলে।এই ৰূপালী জয়ন্তী দিৱস উদ্‌যাপনৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা পোষ্টাৰ প্ৰদৰ্শন কৰে আৰু তাৰ পাছতে জন সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অভিজিত বৰাই আদৰণী ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত অধ্যাপকগৰাকীয়ে সংবাদ মাধ্যমৰ দ্বাৰাই সংবাদ মাধ্যমৰ নীতি ভংগ কৰা আদি গুৰুত্বপূৰ্ণ বিষয়লৈ আঙুলিয়াই দিয়ে। সংবাদ মাধ্যমক পেছা হিচাপে গ্ৰহণ কৰাৰ বাবে কেনেদৰে আত্ম-নিৰ্দেশনা অত্যন্ত প্ৰাসংগিক তালৈ আঙুলিয়াই দিয়ে।

স্কুল অব হিউমেনিটিজ আৰু সমাজ বিজ্ঞানৰ ডীন অধ্যাপক পি কে দাসে তেওঁৰ ভাষণত ছচিয়েল মেডিয়াৰ বিকাশৰ কথাটো তুলি ধৰি যি কোনো ব্যক্তিয়ে তথ্য আৰু সংবাদ সৃষ্টি কৰিব পৰা সাম্প্ৰতিক বিশ্বত আত্ম-নিৰ্দেশনাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এম এম শৰ্মাই এটা দশকৰো অধিক কাল সাংবাদিক হিচাপে লাভ কৰা নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি মাথোঁ কেইটামান বছৰতে কেনেদৰে সকলো পৰিৱৰ্তন হৈ গ’ল আৰু অনুসন্ধানমূলক সাংবাদিকতা কেনেদৰে এটা জটিল কাম হৈ পৰিল তালৈকে আঙুলিয়াই দিয়ে। তেওঁ কয় যে ৰাজ্যত ভৱিষ্যতে অনুসন্ধানমূলক সাংবাদিকতাৰ বিকাশ সাধন কৰিব লাগিব।

চলিত বৰ্ষ উদ্‌যাপনৰ বাবে নিৰ্দিষ্ট কৰা ‘ক্ষমতাক নিয়ন্ত্ৰণৰ ভিতৰত ৰখা: সংবাদ মাধ্যম ন্যায় আৰু আইনৰ নিয়ম’ (Keeping Power in Check: Media Justice and the Rule of Law) বিষয়ক সাবাংবাদিকতা দিৱস উদ্‌যাপনৰ সৈতে সংগতি ৰাখি উপস্থাপনা আৰু পেনেল আলোচনাৰ মাজেৰে বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলে কাৰ্যসূচীটোত সক্ৰিয়ভাৱে অংশগ্ৰণ কৰে।

সংবাদ মাধ্যমৰ স্বাধীনতাৰ আহিলা হিচাপে ছচিয়েল মেডিয়া, সংবাদ মাধ্যমৰ মধ্যৱৰ্তী উপসৰ্গ : উগ্ৰতা সংবাদ মাধ্যম আৰু ৰাষ্ট্ৰৰ অপৰত অৱলোকন (Sandwhich Syndrome of media: looking into militancy media and state), ভাৰতৰ পেইড মেডিয়া, সংবাদ মাধ্যম ক্ষেত্ৰত প্ৰদান কৰা বঁটা, পৰাগ কুমাৰ দাসৰ সোঁৱৰণত, অসমৰ সংবাদ মাধ্যম: স্বাদীনতা আৰু দ্বায়িত্ব ইত্যাদি বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে উপস্থাপনা কৰে। ‘নীতিগত সাংবাদিকতা’ : অবাস্তৱ নে বাস্তৱ ৰ ওপৰতো (Ethical Journalism a Myth or Reality) এখন পেনেল আলোচনাচক্ৰৰ আয়োজন কৰা হয়।

Recent News

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd