• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি এ ডি ভংগ কৰি দিয়াৰ বাবে ঐক্যবদ্ধভাৱে দাবী তুলিলে ৫ টা সংগঠনে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2018 10:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি এ ডিত বড়োসকলৰ স্বাৰ্থক সুৰক্ষা দিয়াৰ অচিলাত অবড়ো জাতি-জনজাতিৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ খৰ্ব কৰিবলৈ ওলোৱাত চাৰিওফালৰ পৰা এই বি টি এ ডিৰ বৈধতা তথা প্ৰয়োজনীয়তাক লৈয়ে প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে।

বি টি এ ডিত ইমান দিনে সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰি অহা অজনজাতীয় অৰ্থাৎ অবড়ো জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে শেহতীয়াকৈ হাগ্ৰামা  মহিলাৰী নেতৃত্বাধীন পৰিষদীয় প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্তই এই অঞ্চলটোত পুনৰ অশান্তি বিয়পি পৰা তথা সংঘাতময় পৰিস্থিতি সৃষ্টি হোৱাৰ বাট মুকলি কৰিবলৈ ওলাইছে।

Apply Now

উল্লেখযোগ্য যে বি টি এ ডিত বসবাস কৰা কোচ ৰাজবংশী, নেপালী, চাওতাল, আদিবাসী আৰু নাথযোগী সম্প্ৰদায়ৰ লোকসকলে ইমানদিনে সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰি আহিছে। কিন্তু শেহতীয়াকৈ যোৱা ১২ জানুৱাৰিত অনুষ্ঠিত বি টি চি পৰিষদৰ এক বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে যে বি টি এ ডিত কেৱল জনজাতি বা বড়ো সকলেহে (ৰাভা আৰু গাৰোও) সংৰক্ষিত শ্ৰেণী হিচাপে ভূমিৰ অধিকাৰ লাভ কৰিব। আনসকল সংৰক্ষিত শ্ৰেণীৰ বাহিৰত থাকিব। অৰ্থাৎ অবড়োসকলে ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ সুবিধা নাপাব আৰু তেওঁলোকে নিজৰ ইচ্ছামতে মাটিবাৰী কিনাবেচা, হস্তান্তৰ আদি কৰিব নোৱাৰিব।

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন পৰিষদীয় প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন স্তৰত প্ৰতিবাদ আৰম্ভ হৈছে। ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা হেৰুৱাবলৈ ওলোৱা জনগোষ্ঠীসকলৰ সংগঠনসমূহ। তেওঁলোকে কেৱল এই সিদ্ধান্তৰে বিৰোধিতা কৰা নাই, লগতে বি টি এ ডি ভংগ কৰি দিয়াৰো দাবী তুলিছে। তেওঁলোকে অঞ্চলটোত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ দাবীত এখন যৌথ সমিতি গঠন কৰিছে। এই সমিতিৰ নেতৃত্বত তেওঁলোকে বি টি এ ডি ভংগৰ দাবীত আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।

জানিব পৰামতে সংগঠনসমূহে মঙলবাৰে গোসাইগাঁৱত এক বৈঠকত  মিলিত হৈ যৌথ সমিতি গঠন কৰাৰ লগতে আন্দোলনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে মঙলবাৰে গোসাইগাঁও চহৰৰ দলগাঁৱত থকা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ (আক্ৰাছু) কাৰ্যালয়ত আক্ৰাছুৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা), সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), নাথ যোগী ছাত্ৰ সংগঠন আৰু সদৌ চাওতাল ছাত্ৰ সন্থাৰ (এছু) নেতাসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই যৌথ সভাখনত বি টি এ ডি প্ৰশাসনৰ অন্যায় তথা অগণতান্ত্ৰিক সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

এই সভাতে বি টি এ ডি প্ৰশাসনৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাই যোৱাৰ উদ্দেশ্যে আক্ৰাছুৰ উপদেষ্টা হিতেশ বৰ্মনক মুখ্য আহ্বায়ক আৰু উপস্থিত প্ৰতিটো সংগঠনৰ সভাপতিক আহ্বায়ক হিচাপে লৈ এখন যৌথ মঞ্চত গঠন কৰা হয়। বৈঠকৰ অন্তত আয়োজন কৰা এখন সংবাদমেলত এই যৌথ মঞ্চই অতি শীঘ্ৰে বি টি এ ডি বাতিল কৰিবলৈ দাবী জনায়। মঞ্চই বি টি এ ডি প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্ত বাতিলৰ দাবীত অহা ৬ মাৰ্চত ২৪ ঘণ্টীয়া বি টি এ ডি বন্ধৰ আহ্বান জনায়।

‘১৮৮৬ চনৰ ভূমি আইন অনুসৰি এই জনগোষ্ঠীবোৰে ভূমিৰ অধিকাৰ লাভ কৰি আহিছে। কিন্তু বি টি এ ডি প্ৰশাসনে ষড়যন্ত্ৰমূলকভাৱে এই জনগোষ্ঠীবোৰক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা কৰিছে।‘ এইদৰে কয় যৌথ মঞ্চৰ আহ্বায়ক হিতেশ বৰ্মনে।

তেওঁ অনতি পলমে বি টি এ ডি বাতিল কৰিব লাগে বুলি দাবী জনায়। তেওঁ হাগ্ৰামা মহিলাৰীৰ দল বি পি এফৰ সৈতে জড়িত হৈ থকা সকলো কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক দলটোৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়।

আনহাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিষয়টো গুৰুত্বসহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মঞ্চই আহ্বান জনাইছে।

আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই কয় যে বি টি এ ডি এলেকাত সম্প্ৰতি ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। ইয়াৰ বাবে তেওঁ বৰ্তমানৰ বিজেপি চৰকাৰ তথা পূৰ্বৰ কংগ্ৰেছ চৰকাৰকে জগৰীয়া কৰে। নেতাজনে কয় যে ২০০৩ চনত বি টি এ ডি গঠনৰ সময়তে বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু সেই সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো প্ৰতিবাদক গুৰুত্ব নিদিয়াৰ ফল এতিয়া সকলোৱে ভুগিব লগীয়া হৈছে। বি টি এ ডিৰ এই পৰিস্থিতিৰ বাবে এই চুক্তিয়েই দায়ী। অল্পসংখ্যক বড়ো লোকৰ স্বাৰ্থত অঞ্চলটোৰ গৰিষ্ঠসংখ্যক জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰা হৈছে।

তেওঁ কয় যে বি টি এ ডিৰ সংখ্যগৰিষ্ঠ সম্প্ৰদায়ৰ লোকে ইচ্ছা কৰিলেও ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰে। কাৰণ পৰিষদৰ চল্লিচখন আসনৰ ত্ৰিচখনেই জনজাতীয় লোকৰ বাবে সংৰক্ষিত।

উল্লেখযোগ্য যে বি টি চি চুক্তি অনুসৰি পৰিষদীয় এলেকাত জনজাতীয় লোকসকলৰ লগতে সংৰক্ষিত লোকসকলৰ বাহিৰে আন কোনো লোকে ভূমি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে। তাত পূৰ্বৰে পৰা থকা অজনজাতীয় লোকে নিজৰ ভূমি কোনো  জনজাতীয় অথবা সংৰক্ষিত লোককহে বিক্ৰী কৰিব পাৰিব। কিন্তু তেওঁলোকে কোনো ভূমি কিনিব নোৱাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd