• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত জিলা কৰ্মচাৰী পৰিষদৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন : ৩০ মে’ৰ ভিতৰত সমস্যা সমাধানৰ দাবী

উত্তম শইকীয়া by উত্তম শইকীয়া
May 27, 2018 9:24 pm
Bokakhat Karmachari Parishad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসন কালত দৰমহাকে ধৰি অন্যান্য সমস্যা সমাধানৰ বাবে আমি বহুবাৰ আন্দোলন কৰিবৰ বাবে ৰাজপথলৈ ওলাই আহিব লগা হৈছিল। পৰিবৰ্তন আহিল, চৰকাৰ বদলি হ’ল বৰ্তমানৰ বিজেপি নেতৃত্বাধিন মিত্ৰজোঁটৰ চৰকাৰখনে দুবছৰ অতিক্ৰম কৰিলে। এইখন চৰকাৰক আমি বৰ্তমানে একো কোৱা নাই। চৰকাৰৰ গতিবিধি লক্ষ্য কৰি আছো ৷ চৰকাৰখনে কামতকৈ কথাহে বেছি কোৱা পৰিলক্ষিত হৈছে ৷ আমাৰ সমস্য সমাধান নকৰিলে এইখন চৰকাৰৰ বিৰুদ্ধেও আমি মাত মাতিম আৰু পুনৰ ৰাজপথলৈ ওলাই আহিম।’ বোকাখাত জিলা কৰ্মচাৰী পৰিষদৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনৰ আজি মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে পৰিষদৰ উপদেষ্টা নগেন দাসে।

বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত দিনজোৰাকৈ আয়োজন কৰা পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনৰ কাৰ্যসূচী অনুযায়ী পুৱা পতাকা উত্তোলন কৰে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চন্দ্ৰ বৰিয়ে ৷ বৃক্ষৰোপনৰ কাৰ্যসূচী ৰূপায়ণ কৰে উপদেষ্টা জীৱন শইকীয়াই ৷ স্মৃতি তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে উপদেষ্টা বিৰেন গগৈয়ে ৷

Apply Now

ইয়াৰ পিছতে অতুল বৰিৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰে প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ নাথ গগৈয়ে ৷ প্ৰতিনিধি সভাত অহা দুবছৰৰ বাবে অতুল বৰিক সভাপতি আৰু সম্পাদকৰ বাবে প্ৰফুল্ল পূজাৰীক পুনৰ নিৰ্বাচিত কৰি ৩১ জনীয়া এখন পূৰ্ণাঙ্গ সমিতি গঠন কৰা হয়।

নৱ নিৰ্বাচিত সভাপতি অতুল বৰিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কেবিনেটত আলোচনা কৰি সমাধানৰ বাবে চেষ্টা চলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদে নিদিষ্ট বক্তাৰ ভাষণত অলপতে শিলচৰত অনুষ্ঠিত হোৱা পৰিষদৰ কাৰ্যনিবাহক সভাত গ্ৰহণ কৰা সিদ্ধান্তৰ আলম লৈ অহা ৩০ মে’ৰ ভিতৰত সপ্তম দৰমহা আয়োগৰ খচৰা প্ৰতিবেদন ৰাজ্য চৰকাৰক ৰাজহুৱা কৰাৰ আহ্বান জনায় ৷ লগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ যি বিনামলীয়া চিকিৎসা আঁচনি সেইয়া যোৱা এবছৰৰ আগতেই চৰকাৰক দাখিল কৰা হৈছিল যদিও অহা ৩০ মে’ৰ ভিতৰত কাৰ্যকৰী আৰু প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে সম হাৰত দৰমহাৰ নিৰিখ চূড়ান্ত কৰাৰ আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ অহা ৩০ মে’ৰ ভিতৰত এই সকলোখিনি কথা ৰাজ্য চৰকাৰে ৰাজহুৱা নকৰিলে সদৌ অসম কৰ্মচাৰী পৰিষদ পুনৰ ৰাজপথলৈ নামি আহিব বুলিও চৰকাৰক সতৰ্ক কৰি দিয়ে ৷

মুকলি সভাত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক দিলিপ কোঁৱৰ, সাংগঠনিক সম্পাদক পুলিন দুৱৰা আদিয়েও বক্তব্য ৰাখে ৷

ইয়াৰ উপৰি প্ৰতিনিধি সভাত বোকাখাত মহকুমা শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ আন্তঃগাঠনি সম্পূৰ্ণ কৰা, সকলো কাৰ্যালয়তে ৰাজ্য ভাষা প্ৰয়োগ কৰা, বিদ্যালয়সমূহত শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়া, বোকাখাতক এখন পৰ্যটন নগৰী হিচাপে গঢ়ি তোলা, জখলাবন্ধাৰ পৰা নুমলীগড়লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেণ্ডযুক্ত পথলৈ উন্নীতকৰণ কৰা, নুমলীগড়ৰ পৰা জখলাবন্ধালৈ ৰে’ল লাইনৰ সংযোগ কৰাকে ধৰি কেইবাটাও দাবী তোলে।

জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰফুল্ল পূজাৰীয়ে আঁত ধৰা আজি অনুষ্ঠিত প্ৰতিনিধি সভা আৰু মুকলি সভাত বোকাখাত জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত চাৰিখন আঞ্চলিকৰ প্ৰতিনিধি উপস্থিত আছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd