DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষিত হোৱাক লৈ বিজেপি চৰকাৰ মুঠেই উদ্বিগ্ন নহয়

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 8, 2017 8:12 pm
তৰুণ গগৈ
97
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ পানী দূষিত হোৱা বিষয়টো চীনৰ লগত আলোচনা নকৰা বাবে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। স্বাভাৱিক কথনভংগিৰে তেওঁ কয়, ”এনেকুৱা সমস্যা আমাৰ দিনতো হৈছিল। কিন্তু আমি চুবুৰীয়া দেশখনৰ সৈতে বিষয়টো আলোচনা কৰিছিলো। আনকি আমাৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে খৰতকীয়াকৈ চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে কথাটো আলোচনা কৰিছিল।” তেওঁ লগতে কয় যে কংগ্ৰেছে অসমত ‘ব্ৰহ্মপুত্ৰ বচাওক, অসম বচাওক অভিযান’ (save Brahmapura, save Assam mission) আৰম্ভ কৰিব। তেওঁ চৰকাৰৰ নিস্পৃহতাত ক্ষোভ ব্যক্ত কৰি কয় যে এইটো এটা গভীৰ শংকাৰ বিষয়। কিন্তু চৰকাৰে বিষয়টো এতিয়াও গুৰুত্বসহকাৰে লোৱা নাই। নমামি ব্ৰহ্মপুত্ৰ পাতি কোটি কোটি টকা খৰচ কৰা চৰকাৰে এতিয়াও বিষয়টোৰ গুৰুত্ব বুজিবলৈ বাকী। গংগা পৰিষ্কাৰ আঁচনিৰ দৰে ব্ৰহ্মপুত্ৰ পৰিষ্কাৰ কৰা আঁচনিও ল’ব লাগে। আনহাতে আন কিছুমান প্ৰসংগতো গগৈয়ে নিজৰ স্বাভাৱিক বাচলতাৰে নিজৰ মত ব্যক্ত কৰে। কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্যখনৰ বান আৰু গৰাখহনীয়া সমস্যাটোকো কোনো গুৰুত্বসহকাৰে লোৱা নাই। চৰকাৰখনে এতিয়াও বান আৰু গৰাখহনীয়া শিতানত টকা মুকলি কৰি দিয়া নাই। আনহাতে নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টৰ বিষয়ত নিজৰ স্থিতি প্ৰকাশ কৰি কয় যে চৰকাৰে এই চুক্তিখন ৰাজহুৱা কৰিব লাগে। ‘আমি নাগালিমত আমাৰ এক ইঞ্চি মাটিও সোমাবলৈ নিদিওঁ।” গগৈয়ে কয়। আনহাতে মোদীক ‘নীচ মানুহ’ বুলি কৈ দলৰ পৰা অলপতে নিলম্বিত হোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰ সম্পৰ্কতো তেওঁ মন্তব্য দি কয়, ”আয়াৰক দলৰ পৰা নিলম্বন কৰাতে প্ৰমাণ কৰে যে ৰাহুল গান্ধী এজন যোগ্য নেতা।” আনহাতে বিজেপিক কটাক্ষ কৰি কয়, বিজেপিৰ নেতাই মোদীৰ বিৰুদ্ধে কথা ক’লে গেৰুৱা বাহিনীটোৰ পৰিয়ালৰ সদস্যৰ দৰে আদৰা হয়। এই প্ৰসংগত তেওঁ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুজৰাটত পানীৰ পাইপেৰে তেজ বয় বুলি কোৱা কথা মনত পেলাই দিয়ে।

Recent News

Saweety Boora Women's World Boxing Championship

বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণিল দৌৰ: নিতুৰ পিছতে এইবাৰ ছ’ইটীৰ শিৰতো স্বৰ্ণ

Nitu Ghanghas Women’s Boxing World Championship

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ: স্বৰ্ণ জিনিলে নিতু ঘাংঘাছে

APSC exam

কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা: মহানগৰীত ১৪৪ ধাৰা জাৰি

The Whale

চিনেমা কথা: দ্য হুৱেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd