• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰডুমচাৰ ঘটনাৰ দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 7:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ইমেইলত আলফা (স্বাধীন)ই বৰডুমচাৰ সোণজান গাৱঁৰ পিতা-পুত্ৰক হত্যা কৰা ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। আলফা (স্বা)ৰ সহকাৰী প্ৰচাৰ সম্পাদক অৰুণোদয় দহোটীয়াই এই মেইলটোত কয় যে আৰক্ষী তথা সেনাৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত এই দুজন লোকক হত্যা কৰা হ’ল। ‘তেওঁলোকে সেনা আৰু অসম আৰক্ষীৰ বাবে আমাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিছিল। তেওঁলোকে আমাৰ সদস্যসকলক আত্মসমৰ্পণ কৰিবলৈও উদগনি দি আহিছিল। তেওঁলোকক আমি তিনিবাৰকৈ সকীয়াই দিছিলো। কিন্তু তেওঁলোকে নিজকে সলনি নকৰিলে। আমি এনেকুৱা কাৰ্য্যৰ বিৰুদ্ধে শূন্য সহনশীল।’ এয়াই হ’ল ইমেইলটোৰ পোনপটীয়া বক্তব্য। উল্লেখযোগ্য যে কালি গধূলি ৮ বজাত সোণজান গাৱঁৰ পিতা-পুত্ৰ ক্ৰমে অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক তেওঁলোকৰ নিজা ঘৰতে সন্দেহজনক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল। আৰক্ষীয়ে এই ঘটনা আলফাৰ দ্বাৰা সংঘটিত বুলি কৈছিল, যিটো পিছত সংগঠনটোৰ তৰফৰ পৰা দায়িত্ব স্বীকাৰৰ লগে লগে সত্য প্ৰমাণিত হ’ল। আনহাতে নিৰাপত্তাৰ সূত্ৰসমূহে আজি এই কথা স্বীকাৰ কৰে যে আলফাৰ সঘন বিচৰণ থকা এই অঞ্চলটোত নিৰাপত্তাৰ কিছু ত্ৰুটি ৰৈ গৈছে, যাৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে। ‘কালিৰ ঘটনাত জড়িতসকলক আমি চিনাক্ত কৰি উলিয়াইছো। এই চাৰিজনীয়া গোটটোৱেই কেইদিন মানৰ পূৰ্বে কোণাপথাৰ বাগিচাত ধন দাবী কৰিছিল।’ এইদৰে কয় সঞ্চালক প্ৰধান (বিশেষ শাখা) পল্লব ভট্টাচাৰ্য্যই।

আনহাতে কালিৰ ঘটনাটোৰ বিভিন্ন দল-সংগঠন তথা বিভিন্ন পক্ষই গৰিহণা দিয়াৰ লগতে আজি কাকপথাৰত মৰাণ ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱে প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে সাধাৰণ নাগৰিকক সুৰক্ষা দিব নোৱৰাৰ অভিযোগ তুলি শ্ল’গান দিয়ে আৰু তাৎক্ষণিকভাৱে অপৰাধীক ধৰিবলৈ সকীয়াই দিয়ে। আছুৱে আজি ঘটনাৰ প্ৰতিবাদত আজি ১২ ঘণ্টীয়া কাকপথাৰ বন্ধ দিছিল। আনহাতে সদৌ মৰাণ ছাত্ৰ সন্থাই কাইলৈ (বুধবাৰ) তিনিচুকীয়া জিলা বন্ধৰ আহ্বান দিছে। অন্যহাতে আজিৰ ঘটনাটোৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও গৰিহণা দিয়ে। মুখ্য মন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে।

Apply Now

ঘটনাটোৰ শেহতীয়া খবৰ মতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে আজি দিনত অসম-অৰুণাচল সীমান্ত অঞ্চলটো ব্যাপক অভিযান চলায় আৰু তিনিজন আলফাৰ সন্দেহযুক্ত লিংকমেনক গ্ৰেপ্তাৰ কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd