DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত বৰপেটাত সম্বৰ্ধনা অনুষ্ঠান

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 29, 2018 8:41 pm
সম্বৰ্ধনা
106
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান আপৰাইজিং ইয়ুথচ্ অৱ হেল্প অৰ্গেনাইজেচন তথা বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আজি বৰপেটাত এখন সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

চাকৰি জীৱনত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা দুগৰাকী কৰ্মচাৰীক অনুষ্ঠানটোৱে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনায়।

বৰপেটা চহৰৰ ‘ৱালডেন ধাবা’ৰ সভাকক্ষত দিনৰ প্ৰায় ১২ বজাত অধ্যাপক বিৰিঞ্চি কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰী তথা বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ উপদেষ্টা খৰ্গধৰ দাস আৰু নৱাব আজিজুল আহমেদক  গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

এই সভাতে ২০১৯ বৰ্ষত উদযাপন কৰিবলগা ১৬ সংখ্যক বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সন্দৰ্ভতো আলোচনা কৰা হয়। সমন্বয়, সংহতি আৰু সম্প্ৰীতিৰ প্ৰতীক হিচাপে বিবেচিত হৈ অহা তথা ১৯৯৬ বৰ্ষৰ পৰা পালন কৰি অহা  বৰপেটা চাউলখোৱা মহোৎসৱৰ১৬ সংখ্যক মহোৎসৱখন সুচাৰুৰূপে পালন কৰাৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক আব্দুছ ছামাদ আহমেদক উদযাপন সমিতিৰ সভাপতি হিচাপে বাচনি কৰা হয়।

মহোৎসৱখনৰ আৰম্ভণিৰ পৰাই সভাপতিৰ দায়িত্ব পালন কৰি অহা ৰিংকু আহমেদে আঁত ধৰা সভাখনত বিশিষ্ট চিকিৎসক ডাঃ ছৈয়দ আহমেদ জাদিদ, বিশিষ্ট শিক্ষয়িত্ৰী নঞ্জু দত্ত, সংগীত শিল্পী নীতিশ দাস, প্ৰমোথ ৰঞ্জণ দাস, কৰ্মচাৰী পৰিষদৰ আজাদ হুছেইন শ্বৰীফৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

সভাৰ আৰম্ভণিতে বৰপেটা চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ উপদেষ্টা নৱাব নজৰুল ইছলামৰ মৃত্যুত এক মিনিট মৌনতা অৱলম্বন কৰাৰ লগতে ইছলামৰ পৰিয়াল বৰ্গক এখন মানপত্ৰ প্ৰদান কৰে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd