• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰমাত আজিৰ পৰা বাথৌ মহাসভাৰ কেন্দ্ৰীয় অধিৱেশন

NE NOW NEWS এন ই নাও নিউজ
বৰমা , April 6, 2018 11:24 am

2 min read

16427244_360776447637409_1155772901662842442_n

প্ৰতিনিধিত্বমূলক চিত্ৰ

123
VIEWS
Share on FacebookShare on Twitter

নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় অধিৱেশনখন আজিৰ পৰা তিনিদিনীয়া  কাৰ্যসূচীৰে বাক্‌সা জিলাৰ বৰমাৰ বৰখাৰুৱা ঈৰাগদাও হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ব।

অধিৱেশন সম্পৰ্কে বাথৌ মহাসভাৰ নেতৃত্বই বৃহস্পতিবাৰে আয়োজন কৰা এখন সংবাদমেলৰ জৰিয়তে সকলো কথা সদৰী কৰে। তেওঁলোকে জানিবলৈ দিয়া অনুসৰি ৬ এপ্ৰিল তথা আজি ৰাতিপুৱা অধিৱেশনৰ মুখ্য দ্বাৰ উন্মোচন, আবেলি বাথৌ বন্দনা, ইয়াৰ পাছত প্ৰথম প্ৰতিনিধি সভা আৰু নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।

আনহাতে ৭ এপ্ৰিলৰ পুৱা বাথৌ বন্দনা, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰতিনিধি সভা আদিৰ মাজেৰে আৰম্ভ হ’ব দ্বিতীয় দিনৰ কাৰ্যসূচী। দিনৰ ১১ বজাত খাৰুৱা থানচালি নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ’ব বুলি জনায় আয়োজক সন্থাই।

ইয়াৰ উপৰি বিয়লি ‘বড়োসকলৰ পৰম্পৰা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি’ শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব য’ত উপস্থিত থাকিব প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু  বিশিষ্ট ব্যক্তি হলিৰাম মুছাহাৰী।

আনহাতে ৮ এপ্ৰিলৰ পুৱা বাথৌ বন্দনা, শোভাযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনা। বিয়লি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিব মুকলি সভা। আৰু এই সভাত সভাপতিত্ব কৰিব নিখিল বাথৌ মহাসভাৰ সভাপতি পৰমেশ্বৰ ব্ৰহ্মই।

মুকলি সভাত মুখ্য অতিথি ৰাজ্যপাল জগদীশ মুখী, মুখ্য বক্তা হিচাপে এবছুৰ সভাপতি প্ৰমোদ বড়ো, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব কামেশ্বৰ বৰগয়াৰী, ধীৰেন বড়ো আৰু বিশিষ্ট সাংবাদিক নিত্য বৰা। আনহাতে নেপালৰ শান্তলাল মেচে, পশ্চিমবংগৰ  ৰমেশ চন্দ্ৰ চুৱা, নাগালেণ্ডৰ ৰামেশ্বৰ বসুমতাৰীকে ধৰি কেইবাজনো সন্মানীয় অতিথি উপস্থিত থাকিব।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd