• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰাকত উত্থাপিত হ’ল পৃথক ৰাজ্যৰ দাবী : এন আৰ চিৰ প্ৰভাৱ?

NE NOW NEWS এন ই নাও নিউজ
শিলচৰ , January 17, 2018 7:52 am

2 min read

বৰাকত উত্থাপিত হ’ল পৃথক ৰাজ্যৰ দাবী : এন আৰ চিৰ প্ৰভাৱ?
574
VIEWS
Share on FacebookShare on Twitter

অসমৰ অবিচ্ছেদ্য অংগ বৰাক উপত্যকাত পুনৰ বিচ্ছিন্নতাবাদী মানসিকতাৰ উকমুকনি ঘটিছে। বৰাকৰ য়ুনিয়ন টেৰিটৰি ডিমাণ্ড কমিটি নামৰ এটা সংগঠনৰ নেতৃত্বত এই পৃথক বৰাকৰ দাবী উত্থাপিত হৈছে। কালি এই সংগঠনটোৰ নেতৃত্বত প্ৰায় চাৰি হাজাৰ লোকে পৃথক কেন্দ্ৰশাসিত ৰাজ্যৰ দাবীৰে সমদল বাহিৰ কৰে।

উল্লেখযোগ্য যে এই সংগঠনটোৱে জন্ম পাইছিল সন্তোষ মোহন দেবৰ পৃষ্ঠপোষকতাত আশীৰ দশকতে। মূলত বৰাকৰ বাঙালীসকলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি গঠিত হোৱা এই সংগঠনটোৱে মাজে মাজে অসম বিৰোধী স্থিতি লৈ আত্মপ্ৰকাশ কৰি আহিছে যদিও বৰাকবাসীৰ ব্যাপক সঁহাৰি লাভ কৰা নাছিল। কিন্তু এন আৰ চি প্ৰক্ৰিয়াৰ প্ৰথমখন খচৰা প্ৰকাশৰ পিছত বৰাকৰ বৃহৎ সংখ্যক লোকৰ নাম বাদ পৰা বুলি ওলোৱা খবৰত অসন্তুষ্ট হৈ উপত্যকাটোৰ বহুতো লোক ক্ষুভিত হৈ পৰে। ইয়াৰে সুযোগ লৈ এই সংগঠনটোৱে নিজৰ খোপনি বৃদ্ধি কৰিছে। ইয়াত হাত উজান দিছে কংগ্ৰেছী সাংসদ সুস্মিতা দেবকে ধৰি বৰাকৰ কেইবাজনো নেতা তথা বুদ্ধিজীৱীয়ে।

কালি উলিওৱা সমদলটোৱে বেনাৰ, প্লকাৰ্ড লৈ বৰাকৰ তিনিখন জিলা, ক্ৰমে হাইলাকান্দি, কৰিমগঞ্জ আৰু কাচাৰক লৈ এক পৃথক কেন্দ্ৰশাসিত ৰাজ্য গঠনৰ দাবী তোলে। তেওঁলোকে অসম চুক্তি বাতিল কৰা আৰু সমগ্ৰ বৰাক উপত্যকাটোক এন আৰ চি প্ৰক্ৰিয়াটোৰ বাহিৰত ৰখাৰ দাবী তোলে।

আনহাতে প্ৰতিবাদকাৰীসকলে সমদল উলিওৱাৰ পিছত চহিদ খুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ তলত সমবেত হয়। ইয়াত কেইবাজনেও ভাষণ দিয়ে। ভাষণত বক্তাসকলে প্ৰধানকৈ আছুক তেওঁলোকৰ উগ্ৰ জাতীয়তাবাদী মানসিকতাৰ বাবে সমালোচনা কৰা হয়। লগতে আলফাৰ প্ৰতিও একে অভিযোগৰ আঙুলি টোঁৱায়। তেওঁলোকে আছু আৰু আলফাৰ ষড়যন্ত্ৰতে এন আৰ চি প্ৰক্ৰিয়া চলিছে বুলি অভিযোগ কৰে আৰু উচ্চতম ন্যায়ালয়ৰ ভয় দেখুৱাই আছুৱে নিজৰ উগ্ৰ জাতীয়তাবাদক ৰূপায়ণ কৰিছে বুলি কয়।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কঠোৰ সমালোচনা কৰা হয়। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ কথা কোৱা সোণোৱালে প্ৰকৃততে উগ্ৰ জাতীয়তাবাদীসকলৰহে স্বাৰ্থ ৰক্ষা কৰিছে বুলি অভিযোগ কৰে। আনহাতে অঞ্চলটোৰ ৰাজনৈতিক নেতাসকলকো সমালোচনা কৰা হয়। অঞ্চলটোৰ ৰাজনৈতিক নেতাসকলে বৰাকত এটা কয় আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত গৈ তেওঁলোকে সুৰ সলনি কৰে বুলি অভিযোগ আনে।

উল্লেখযোগ্য যে এন আৰ চি প্ৰক্ৰিয়াৰ প্ৰথমখন খচৰাৰ পিছত বৰাকৰ বাংলাভাষী মানুহৰ মাজত যথেষ্ট ক্ষোভৰ উদগিৰণ হোৱা দেখা গৈছে। এন আৰ চি কৰ্তৃপক্ষ তথা চৰকাৰে এই প্ৰক্ৰিয়াটোত আস্থা ৰাখিবলৈ আৰু দ্বিতীয়খন খচৰা প্ৰকাশ পোৱালৈ ধৈৰ্য্য ধৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছে যদিও বহুতকে আশ্বস্ত কৰিব পৰা নাই তেনে আহ্বানে। লগতে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়েও অসমৰ বাঙালীসকলক এন আৰ চি প্ৰক্ৰিয়াই সংকটত পেলাব বুলি কৰা মন্তব্যয়ো এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত এন আৰ চি প্ৰক্ৰিয়াই অসমক আন এক বিভাজনৰ দিশত লৈ যাব নেকি বুলি শংকা ব্যক্ত কৰিছে বহুতো সচেতন লোকে।

 

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd