DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰবেশ্যনাৰী বিষয়াসকলক সততা-নিষ্ঠাৰে দেশ সেৱাত ব্ৰতী হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2018 1:19 pm
ATTACHMENT
166
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান অসমলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে অহা ২০১৭ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰৱেশ্যনাৰী বিষয়াসকলে সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ কাৰ্যালয় কক্ষত সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰশিক্ষণৰত এই বিষয়াসকলক সততা আৰু দায়ৱদ্ধতাৰে ৰাষ্ট্ৰলৈ উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়ালৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে সমাজৰ দৰিদ্ৰ আৰু অৱহেলিতজনৰ প্ৰতি সহৃদয়তা আৰু সঁহাৰিপূৰ্ণ মনোভাৱেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ইতিবাচক দৃষ্টিভংগীৰে সেৱা আগবঢ়াবলৈও বিষয়াসকলক আহ্বান জনায়।

বিষয়াসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে এই যুৱ বিষয়াসকলে প্ৰশাসনিক ব্যৱস্থাত স্বচ্ছতা, দায়ৱদ্ধতাৰ নিশ্চিতি প্ৰদানেৰে সু-শাসন ব্যৱস্থা সুনিশ্চিত কৰাৰ দিশটো দায়ৱদ্ধতাৰে কৰ্মত অগ্ৰসৰ হ’ব লাগিব। তেওঁলোকে পৰিধান কৰা ইউনিফৰ্মে সমাজৰ আৰ্ত আৰু দুৰ্দশাগ্ৰস্তজনৰ মাজটো চৰকাৰী শাসন ব্যৱস্থাৰ প্ৰতি আস্থা বৃদ্ধি কৰিব লাগিব।

মত-বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ চহকী-ঐতিহ্য, সংস্কৃতি আৰু সমলৰ বিষয়েও প্ৰৱেশ্যনাৰী বিষয়াসকলক অৱগত কৰে। ভাৰতীয় সভ্যতা- সংস্কৃতিৰ ক্ষুদ্ৰ সংস্কৰণ হিচাপে অভিহিত অসমৰ বিভিন্ন জাতি-সম্প্ৰদায় সমূহৰ মাজত অতীজৰে পৰা বিৰাজ কৰি থকা সমন্বয়ৰ বিষয়েও মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলক ব্যাখ্যা কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰাজ্যখনৰ সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক দিশত প্ৰদান কৰা অনবদ্য অৱদানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক প্ৰকৃতাৰ্থত এখন ধৰ্ম নিৰপেক্ষ আৰু সহনশীলতাৰ ৰাজ্য বুলি কয়।

মত-বিনিময়ৰ সময়ত মুখ্য মন্ত্ৰীগৰাকীয়েয়ে দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ়কৰণৰ দিশত ৰাজ্যখনত থকা বিপুল সম্ভাৱনীয়তাৰ বিষয়েও সদৰী কৰাৰ লগতে ইয়াক বাস্তৱায়িত কৰাৰ বাবে ‘এক্ট ইষ্ট পলিচি’ ৰূপায়ণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও কয়। মুখ্য মন্ত্ৰীক সাক্ষাতৰ সময়ত প্ৰৱেশ্যনাৰী বিষয়াসকলেও মুখ্য মন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি অসম ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ বিষয়েও সদৰী কৰে।

উল্লেখ যে ২০১৭ বৰ্ষৰ প্ৰৱেশ্যনাৰ বিষয়া সকলে বৰ্তমান হায়দৰাবাদস্থিত চৰ্দাৰ বল্লভ ভাই পেটেল পুলিচ একাডেমিত প্ৰশিক্ষণ লৈ আছে আৰু মিজোৰামত শিক্ষামূলক ভ্ৰমণ কৰি আছে। ১৫ দিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সময়ত এই বিষয়াসকলে মেঘালয়লৈও শিক্ষামূলক ভ্ৰমণলৈ যাব বুলি জানিব পৰা গৈছে।

 

Recent News

Dibyajyoti Saikia

একৈশ বছৰ পুৰণি গোচৰত ঐতিহাসিক ৰায় আদালতৰ: সন্তুষ্টি প্ৰকাশ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াৰ

Kapil Sibal quit Congress

কংগ্ৰেছৰ পৰা পদত্যাগ জেষ্ঠ নেতা কপিল ছিবালৰ: সমাজবাদী পাৰ্টীৰ সমৰ্থনত ৰাজ্য সভাৰ নিৰ্বাচনত আগবঢ়াব প্ৰতিদ্বন্দিতা

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd