শেহতীয়াকৈ চলি থকা নাগৰিকপঞ্জী পৰীক্ষণৰ ওপৰত কালি উজানবজাৰস্থিত শ্বহীদ ভৱনত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত এখন যৌথ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আছু আৰু কৰ্মচাৰী পৰিষদে সহমত প্ৰকাশ কৰে যে অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে নিজৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছে। দুয়োটা সংগঠনৰ নেতৃবৰ্গৰ মাজত হোৱা এই বৈঠকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিষয়টো বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে খচৰা প্ৰস্তুতৰ কামত ব্যস্ত থকাসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। উক্ত বৈঠকত অহা ৩১ ডিচেম্বৰত প্ৰকাশ প্ৰকাশ পাবলগীয়া নাগৰিকপঞ্জীৰ খচৰাত অবৈধ বাংলাদেশী নামমুক্ত আৰু কেৱল ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত আছুৰ নেতৃত্বত মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি উপ-সভাপতি বিপুল ৰাভা আৰু চিত্ৰ বসুমতাৰী উপস্থিত থকাৰ লগতে কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতা, উপ-সভাপতি অনুপ কুমাৰ বৰঠাকুৰ, ভূপেন বৰুৱা আৰু যুটীয়া সম্পাদক ফকৰুদ্দিন আহমেদ, শ্যামন্ত দাসৰ নেতৃত্বত এটা প্ৰতিনিধি দল উপস্থিত থাকে।
নাগৰিক পঞ্জীৰ সন্দৰ্ভত দুয়োটা সংগঠনৰ নেতৃবৰ্গই এটা বিবৃতিত কয়, ‘ছাত্ৰ সন্থা আৰু কৰ্মচাৰী পৰিষদৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পুৰ্ণ আস্থা আছে। নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম-কাজ সম্পূৰ্ণ হোৱালৈকে উচ্চতম ন্যায়ালয়ৰ তদাৰক অব্যাহত থকাটো আমি আশা কৰিছো।’
যৌথভাৱে অনুষ্ঠিত হৈ যোৱা বৈঠকত মত প্ৰকাশ কৰে যে অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ অন্যতম পদক্ষেপ হ’ল এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা। অসমৰ জনসাধাৰণে নাগৰিকপঞ্জীৰ প্ৰ-পত্ৰ পূৰণ কৰিলে আৰু বৰ্তমান সময়ত পূৰ্ণ গতিত পৰীক্ষণৰ কাম-কাজ চলি আছে। এইক্ষেত্ৰত বিষয়া-কৰ্মচাৰী সকলে অতি নিষ্ঠা আৰু সততাৰে পুনৰীক্ষণৰ কাম কৰি আছে। অসমৰ খিলঞ্জীয়া সকলক সুৰক্ষিত কৰা তথা জাতিটোক সুৰক্ষিত কৰাৰ দায়িত্ব বৰ্তমান এই বিষয়া-কৰ্মচাৰী সকলৰ হাতত ন্যস্ত হৈ পৰিছে।
উল্লেখনীয় যে নাগৰিকপঞ্জী প্ৰস্তুতৰ কামত জড়িত বিষয়া-কৰ্মচাৰী সকলে এই কামক জাতীয় দায়িত্ব হিচাপে লৈ নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি যোৱা বুলি কৰ্মচাৰী পৰিষদে এই বৈঠকত জানিবলৈ দিয়ে। তদুপৰি এই প্ৰক্ৰিয়াৰ লগত জড়িত বিষয়া-কৰ্মচাৰী সকল কোনো পৰিস্থিতিতে যাতে নিৰাপত্তাহীনতাৰ সন্মুখীন নহয় তাৰ বাবে সকলোধৰণৰ পদক্ষেপ ল’বলৈ অসম চৰকাৰক দাবী উত্থাপন কৰে।
যৌথ সভাই অবৈধ বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ নাগৰিকপঞ্জীৰ সমন্বয়ক, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু মহা পঞ্জীয়ক সকলক সকলো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।