DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈত অনন্য ৰূপত জৰিমনা বিহিছে আইন মানি নচলা বাইকাৰ্ছক

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
January 4, 2018 10:29 am
আইন মানি নচলা বাইক আৰোহী
406
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ যান বাহন আৰক্ষী আৰু পৰিবহন বিভাগে যাতায়ত আইন কানুন নমনা লোকসকলৰ বাবে যিমানেই জৰিমনা বা শাস্তিৰ প্ৰয়োগ নকৰক কিয় তথাপিও ৰাজ্যৰ পথ সমূহত অসাৱধানতা তথা নিয়মানুৱৰ্তিতা মানি নচলাই পৰিলক্ষিত হয়। বিশেষকৈ বৰ্তমান সমাজৰ যুৱ শ্ৰেণীয়ে যান বাহন আৰক্ষী বা পৰিবহন বিভাগৰ আইন কানুন মুঠেই মানি নচলে। যাৰ ফলত সঘনাই ৰাজপথত ভয়াবহ তথা কৰুণ দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। এই সমূহ ৰোধ কৰা তথা বাইক আৰোহীসকলক সাৱধানতা অৱলম্বন কৰোৱাৰ বাবে দৰং জিলাৰ আৰক্ষীক সহায় কৰাৰ উদ্দেশ্যৰে মঙলদৈৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় গ্ল’ৰিয়াছ পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে আগবাঢ়ি আহিছে। এই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ৰাজপথত নিয়ম মানি নচলা মটৰ চাইকেল আৰোহীক ৰখাই এপাহ ফুল আৰু মিঠাই খুৱাই তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই দিয়াৰ এক অনন্য ৰুপত প্ৰয়াস কৰা কাৰ্যই বিশেষ চৰ্চিত হৈছে।

মনকৰিবলগীয়া যে নতুন বছৰ উপলক্ষে বিদ্যালয়খনৰ কৰ্তৃপক্ষই মঙলদৈ-ভূটিয়াচাং ৰাজপথত প্ৰায় ৫০গৰাকী শিশুৰ দ্বাৰা এই অনন্য কাৰ্যসূচী বুধবাৰে গ্ৰহণ কৰে। এই শিশু সকলে বাইক আৰোহী সকলৰ সাৱধানতা অনলম্বন কৰোৱাৰ উদ্দেশ্যৰে ‘সদায় হেলমেট পৰিধান কৰা’, ‘তীব্ৰ গতিত বাইক নচলোৱা’, ‘বাইক চলোৱা সময়ত মদ্যপান কৰিবলৈ মানা কৰা’ আদি বিভিন্ন শ্লোগান তথা প্লে কাৰ্ডেৰে ৰাজপথলৈ ওলাই আহে। শিশু সকলৰ এই অনবদ্য কাৰ্যসূচী ৰুপায়ণত বিদ্যালয় সঞ্চালক মিজানুৰ ৰহমানৰ লগতে বিদ্যালয়ৰ অধ্যক্ষা বন্দনা শৰ্মা বৰদলৈও উপস্থিত থাকে।

শিশুসকলে কৰা এঘণ্টীয়া কাৰ্যসূচীত দৰং আৰক্ষীৰ অধীক্ষক শ্ৰীজিঠ থিৰাভিয়াম, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যজিত নাথৰ লগতে বহুতো লোকে উৎসাহ তথা প্ৰেৰণা যোগায়। ইয়াৰ উপৰি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে বিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ-ছাত্ৰীসকলে দেখুওৱা সামাজিক দায়বদ্ধতাৰ বাবে ধন্যবাদ তথা শুভেচ্ছা প্ৰদান কৰে।

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd