DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈ জিলা কাৰাগাৰৰ কাৰাবাসীসকলক লৈ মনোজ্ঞ অনুষ্ঠান : কাৰাবাসীৰ দ্বাৰা প্ৰকাশিত প্ৰাচীৰ পত্ৰিকা উন্মোচন

মযূখ গোস্বামী by মযূখ গোস্বামী
January 9, 2018 10:15 pm
মঙলদৈ জিলা কাৰাগাৰ

ড০ নাথে মঙলদৈ জিলা কাৰাগাৰৰ প্ৰাচীৰ পত্ৰিকাত কিবা লিখি থকাৰ মুহূৰ্তত।

213
VIEWS
Share on FacebookShare on Twitter

কাৰাবাসীসকলক সমাজত চামিল হৈ দায়িত্বসম্পন্ন জীৱন এটা কটোৱাৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি তুলিবলৈ তেওঁলোকৰ মনস্তত্ত্বক অধ্যয়ন কৰাৰ দৰকাৰ আছে। এই বিষয়ত অধ্যয়ন কৰিবলৈ শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰাৰ প্ৰয়োজনীয়তাৰ কথা দাঙি ধৰিছে এজন প্ৰৱাসী অসমীয়াই।

আমেৰিকা নিবাসী আৰু দেশখনৰ ছেম হাউছটন ষ্টেইট য়ুনিভাৰ্ছিটিৰ অৰ্থনীতিৰ অধ্যাপক মঙলদৈৰ সন্তান ড০ হিৰণ্যকুমাৰ নাথে এই প্ৰয়োজনীয় চিন্তাটো দাঙি ধৰিছে। তেওঁ এই ক্ষেত্ৰত ছেম হাউছটন ষ্টেইট য়ুনিভাৰ্ছিটিৰ অধীনত স্থাপিত কলেজ অব ক্ৰিমিনেল জাষ্টিচৰ দ্বাৰা চলোৱা অধ্যয়ন তথা গৱেষণাৰ প্ৰসংগ টানি আনে।

উল্লেখযোগ্য যে বৰ্তমান নিজ ৰাজ্যখনলৈ অহা ড০ নাথে আজি মঙলদৈৰ জিলা কাৰাগাৰত বন্দী জীৱন কটোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে।

তেওঁ কাৰাবাসীসকলৰ মাজত ইতিবাচক চিন্তাৰ বিকাশ ঘটোৱা কাৰ্য্যক উচ্চ প্ৰশংসা কৰে। কাৰাবাসীসকলৰ দ্বাৰা প্ৰকাশিত কাৰালিপি নামৰ প্ৰাচীৰ পত্ৰিকাৰো তেওঁ শলাগ লয়।

‘যদিও মই কেতিয়াও কাৰাগাৰ ভ্ৰমণ কৰি পোৱা নাছিলো, মই কেতিয়াও কোনো কাৰাবাসীৰ দ্বাৰা নিয়মীয়াকৈ প্ৰকাশ পোৱা হস্তলিখিত প্ৰাচীৰ পত্ৰিকাৰ কথা শুনা নাছিলো। মঙলদৈৰ সন্তান হিচাপে মই এই কথাটো লৈ গৌৰৱ তথা অতি সুখ অনুভৱ কৰিছো যে মঙলদৈ জিলা কাৰাগাৰ বোধহয় এনে কাম কৰা একমাত্ৰ কাৰাগাৰ।’ ড০ নাথে কয়।

তেওঁ কাৰগাৰবাসীসকলক তেওঁলোকৰ এই সাংস্কৃতিক যাত্ৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় আৰু কেতিয়া হীনম্মন্যতাত নুভুগিবলৈ কয়।

‘আমি আমাৰ ভাগ্যৰ পূৰ্বানুমান কৰিব নোৱাৰো। মই কেতিয়াও ভবা নাছিলো যে মই আমেৰিকাত শিক্ষকতা কৰিম। কিন্তু আমি যিটোৰ সন্মুখীন হওঁ, তাৰ পৰা শিকনি ল’বলৈ চেষ্টা কৰিবই লাগিব। আপোনালোকে কাৰাগাৰত থকা দিনবোৰতো নিজকে সংশোধন ঘটোৱাৰ এক সুযোগ বুলি ধৰা উচিত আৰু আইনী প্ৰক্ৰিয়া অন্ত পৰাৰ পিছত সমাজৰ এজন দায়িত্বশীল নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰাৰ এক ভেটি বুলি ধৰিব পাৰে।’ এইদৰে কয় ড০ নাথে।

উল্লেখযোগ্য যে আজি এটা অনুষ্ঠানত ড০ নাথে কাৰালিপিৰ (তৃতীয় বছৰ চতুৰ্থ সংখ্যা) এইবাৰৰ সংস্কৰণটো উন্মোচন কৰে। কাৰাধীক্ষক অশোক কুমাৰ গোস্বামী, জেইলাৰ মুনীন্দ্ৰ শৰ্মা, চিকিৎসা বিষয়া ডাঃ দিব্যজ্যোতি ৰাজমেধি, ফাৰ্মাচিষ্ট বিশ্বজিৎ বৰা আৰু অন্যান্য কাৰাগাৰ বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰিছিল কাৰালিপিৰ সম্পাদক অৰূপজ্যোতি ডেকাই।

Recent News

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd