• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলবাৰৰ পৰা আৰম্ভ নামনি অসমৰ ঐতিহাসিক সৰ্থেবাৰী সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2018 9:22 am
Representative image
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি অসমৰ এখন উল্লেখযোগ্য সভা মহোৎসৱ হ’ল ঐতিহ্যমণ্ডিত সৰ্থেবাৰী সভা। এইবাৰ ১৫২ সংখ্যক শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা  মহোৎসৱখন ৩০ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ আয়োজন কৰিছে। প্ৰতিবছৰে পবিত্ৰ মাঘী পূৰ্ণিমা কলিযুগাদ্যা তিথিত উদ্‌যাপন কৰি অহা হৈছে এই ঐতিহাসিক সভা মহোৎসৱ। মহোৎসৱখনত প্ৰতিবছৰে লাখ লাখ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হোৱা দেখা যায়।  

এক সংগ্ৰামী ইতিহাসৰ ধাৰা বহনকাৰী এই বিখ্যাত সভা মহোৎসৱখন আধ্যাত্মিক চিন্তা-চেতনাৰ লগতে বৰ্ণিল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপনৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি নিজকে তোলা হৈছে।  শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ শ্ৰী চৰণত পুষ্পাঞ্জলি অপৰ্ণ কৰি নিজকে উৎসৰ্গিত কৰাৰ লগতে জগতৰ মংগলৰ বাবে গোসাই উলিওৱা উৎসৱ, হোমযজ্ঞ, ভাগৱত পাঠ, নাম-প্ৰসংগ আদি ধৰ্মীয় মাংগলিক অনুষ্ঠানৰ সমান্তৰালকৈ বৃহৎ বাণিজ্য মেলা, ভ্ৰাম্যমাণ নাট্য দলৰ নাট প্ৰদৰ্শন, ঢুলীয়া প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচীৰ সমাহাৰ ঘটিব।

Apply Now

উল্লেখ্য যে সৰ্থেবাৰীৰ সভা  মহোৎসৱ উপলক্ষে বিগত একাদশী তিথি অৰ্থাৎ পোন্ধৰ দিন পূৰ্বৰ পৰা সভাৰ প্ৰস্তুতি সন্দৰ্ভত দিনে নিশা সৰ্থেবাৰীৰ বিখ্যাত বৰনামঘৰৰ সন্মুখত মুকলি আকাশৰ তলত পৰম্পৰা অনুসৰি সভাৰ ‘মেল’ অনুষ্ঠিত হৈ যায়।  সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ বাবে আৱেগ বিজড়িত এই মেলতেই সভা মহোৎসৱৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ উপৰি সমাজৰ সকলো দায়-জেঙা নিষ্পত্তি কৰা হয়।  

মঙলবাৰে পুৱা সমূহীয়া চাফাই অভিযানৰ লগতে  শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা  মহোৎসৱ উপলক্ষে সৰ্থেবাৰীৰ স্থানীয় ৰাইজৰ  শ্ৰমদানৰে একেদিনাই সাজি উলিয়াব বৰনামঘৰৰ সন্মুখত বিশাল ৰভা। সৰ্থেবাৰীৰ সভা  মহোৎসৱৰ ৰভা সজা পৰম্পৰাগত এই নিয়মো এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

সৃমবাৰে সন্ধিয়া সৰ্থেবাৰীৰ প্ৰতিঘৰ লোকৰ পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে অতি উলহ-মালহেৰে গোসাই উলিওৱা উৎসৱ পালন কৰা হ’ব।  সৰ্থেবাৰীৰ চুবুৰিয়ে চুবুৰিয়ে থকা-প্ৰসংগৰে সমদলৰে আদৰি আনি সৰ্থেবাৰী সভাৰখলাৰ বৰনামঘৰত গোসাই সংস্থাপন কৰা হয়।

গোসাই স্থাপন কাৰ্যসূচীৰ পিছতে বৰপেটাৰ আতচবাজী প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ ঠিক পিছতে ঢুলীয়া দলৰ ঢুলীয়া সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে  নাগাৰা নামো পৰিবেশন কৰা হ’ব।  ৩১ জানুৱাৰীত পুৱাৰে পৰা বিগ্ৰহৰ সন্মুখত  ৰাজহুৱা বন্তি প্ৰজ্বলন, জাগৰণ, ভকতনীৰ নাম-প্ৰসংগ আৰু পুৱাৰ মেল অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

June 23, 2026 4:49 pm
৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

June 23, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd