DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home পৰিবেশ

সংৰক্ষিত বনাঞ্চলত বেদখল : অচিৰেই উচ্ছেদ চলাব মণিপুৰ চৰকাৰে

সভাপতি চামম by সভাপতি চামম
April 4, 2018 5:32 pm
andro natural park
172
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী থাউনাওজান শ্যামকুমাৰে মঙলবাৰে ঘোষণা কৰিছে যে মণিপুৰৰ সংৰক্ষিত বনাঞ্চলত বে-দখলকাৰীৰ বিৰুদ্ধে অতি সোনকালে অভিযান চলোৱা হ’ব।

কালি আবেলি ইম্ফল-য়াইৰিপোক পথত অৱস্থিত নগাৰিয়ান সংৰক্ষিত বনাঞ্চলত এটা নিৰীক্ষণমূলক ভ্ৰমণ কৰি উভতি আহি বন মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে। বে-দখলকৃত এলেকাটো কেইৰাও ৱাংখেম এলেকাৰ ওচৰে-পাঁজৰে অৱস্থিত।

নিৰীক্ষণ কালত মন্ত্ৰীগৰাকীক সংগ দিয়া তিনিটা বিভাগৰ বিষয়াবৰ্গই বে-দখলকৰীসকলে পথত বেৰ দিয়াটো লক্ষ্য কৰিছিল। দলটোৱে আৰু লক্ষ্য কৰিছিল যে ছেৰা চাহ বাগিচাৰ ওচৰত পথটো কাটি এটা পথ উলিয়াই লৈছে আৰু পথটোৰ কাষত বেৰ দিছে।

বে-দখলকাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বন মন্ত্ৰীগৰাকীয়ে বন বিষয়াসকলক নিৰ্দেশ দিয়ে। বেদখলকৃত এলেকাটো  থৌবাল ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত নগাৰিয়ান ফৰেষ্ট ৰেঞ্জৰ এক্তিয়াৰৰ ভিতৰত পৰে।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সংৰক্ষিত বনাঞ্চল ৰক্ষণাৱেক্ষণ দিয়া প্ৰথমখন ৰাজ্য মণিপুৰ হোৱা স্বত্তেও  অসমকে ধৰি উ: পূবৰ ৮ খন ৰাজ্যৰ ৪৫,৩৭৭ বৰ্গ কি: মি: জোৰা বনাঞ্চলৰ  ৩,৮৭৮.৮৫ বৰ্গ কি: মি: বনাঞ্চল এতিয়া বেদখলকাৰীৰ দখলত।

বন আৰু পৰিৱেশ মন্ত্ৰীজনে ব্যক্ত কৰিছে যে বন, পৰিৱেশ, উদ্যানশস্য আৰু ভূমি সংৰক্ষণ আদি বিভাগৰ লগতে স্থানীয় বাসিন্দাৰ সৈতে আলোচনা কৰি সংৰক্ষিত বনাঞ্চলখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। বন বিভাগৰ গ্ৰীন ইণ্ডিয়া মিশ্যন আৰু কাম্পা আঁচনিৰ অন্তৰ্গত বিভিন্ন বৃক্ষ ৰোপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

তেওঁ আৰু কৈছে যে পূব ইম্ফলত অৱস্থিত  তেওঁৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জনপ্ৰিয় পৰ্যটন স্থান আন্দ্ৰো ছান্থাই প্ৰাকৃতিক উদ্যানক পৰৱৰ্তী দুবছৰৰ ভিতৰত বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান দিয়াৰ বাবে প্ৰচেষ্টা কৰিব।

তেওঁ অনুভৱ কৰে যে নাহাৰুপ পাংগঙৰ পৰা খালং আৰু খালঙৰ পৰা আন্দ্ৰোলৈকে কেবল কাৰৰ ব্যৱস্থা কৰিলে পৰ্যটকসকলে এই দূৰত্বখিনি ১০ মিনিটত অতিক্কম কৰিব পাৰিব। ইম্ফলৰ দৰ্শনাৰ্থীসকলক কেবল কাৰেৰে নাহাৰুপ পাংগঙৰ পৰা আন্দ্ৰোলৈকে কঢ়িয়াই অনা হ’ব ষ্টপেজটো আন্দ্ৰো ছান্থাই প্ৰাকৃতিক উদ্যানৰ নাতিদূৰত অৱস্থিত।

তেওঁ মত প্ৰকাশ কৰে যে ৰাজ্যখনৰ মইৰাং, লকটাক, চুৰাচান্দপুৰ আৰু কানংপকপি আদিৰ সুন্দৰ দৃশ্যৱলী ইম্ফলৰ পৰা মাথোঁ ১৫ কি:মি: দূত্বত অৱস্থিত খালং শৃংগৰ পৰা চাব পাৰি।

বন মন্ত্ৰীগৰাকীয়ে আত্মবিশ্বাসেৰে কয় যে প্ৰাকৃতিক শোভা প্ৰত্যক্ষ কৰাৰ পাছত মানুহৰ অৰণ্য ধ্বংস কৰাৰ মানসিকতা নোহোৱা হ’ব। এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগৰ লগতে স্থানীয় বাসিন্দাৰ সহযোগিতাৰ আৱশ্যকতাৰ বিষয়েও তেওঁ দোহাৰে।

প্ৰাকৃতিক সৌন্দৰ্যক তুলি ধৰাৰ উপৰিও প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু ৰিজৰ্ট নিৰ্মাণ, বৃক্ষৰোপন আদিৰ দ্বাৰা এলেকাটোৰ উন্নতি সাধন কৰি পৰ্যটকক আকৰ্ষণৰ উদ্যোগ লোৱা হ’ব বুলি তেওঁ কয়।

Recent News

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd