• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাউণ্ট এভাৰেষ্টৰ পুনৰ মাপ : ভাৰতৰ প্ৰস্তাৱ অগ্ৰাহ্য নেপালৰ

NE NOW NEWS এন ই নাও নিউজ
নেপাল , December 28, 2017 5:41 pm

1 min read

মাউণ্ট এভাৰেষ্টৰ পুনৰ মাপ : ভাৰতৰ প্ৰস্তাৱ অগ্ৰাহ্য নেপালৰ
102
VIEWS
Share on FacebookShare on Twitter

২০১৫ চনৰ নেপালৰ বৃহৎ ভূমিকম্পৰ পিছত মাউণ্ট এভাৰেষ্টৰ উচ্চতা নেপালৰ সৈতে যুটিয়াভাৱে পুনৰ জোখ লোৱাৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱ নেপাল চৰকাৰে অগ্ৰাহ্য কৰিছে। নেপালে জনোৱা অনুসৰি তেওঁলোকে নিজাববীয়াকৈ এই কাম কৰিব। উল্লেখযোগ্য যে হিমালয় ৰাষ্ট্ৰখনক ধ্বংসস্তুপত পৰিণত কৰা ২০১৫ চনৰ এপ্ৰিলৰ ৭.৮ ৰিখাটৰ প্ৰাবল্যৰ ভূমিকম্পত ৮ হাজাৰ জনতকৈও অধিক লোকৰ প্ৰাণ হানি হোৱাৰ উপৰি লাখ লাখ লোক গৃহহাৰা হৈছিল। সেই ভূমিকম্পৰ পিছৰে পৰা বিজ্ঞানী সকলে এভাৰেষ্টৰ উচ্চতা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি আহিছে। নেপালৰ জৰীপ বিভাগৰ সৈতে যুটিয়াভাৱে ‘ভাৰত-নেপাল যুটিয়া বৈজ্ঞানিক অনুশীলন’ হিচাপে মাউণ্ট এভাৰেষ্টৰ উচ্চতা পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ অধীনৰ ২৫০ বছৰীয়া পুৰণি ভাৰতৰ জৰীপ বিভাগে নেপাল চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াইছিল। চীনকে ধৰি পৃথিৱীৰ বিভিন্ন দেশৰ জৰীপকাৰী আৰু বিজ্ঞানীৰ এখন আলোচনা সভাত ভাৰতেও অংশ গ্ৰহণ কৰিছিল। অৱশ্যে জৰীপ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ তথ্যৰ ক্ষেত্ৰত চীন আৰু ভাৰতৰ পৰা নেপালে সহযোগিতা বিচাৰিব। নেপালে ভাৰতৰ পৰা উচ্চতা সম্পৰ্কীয় আৰু চীনৰ পৰা গ্ৰেভিটি দাতা (Gravity Data) বিচাৰিছে। এই তথ্য সমূহ মাউণ্ট এভাৰেষ্টৰ উচ্চতা নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সহায়ক হ’ব।

Recent News

সাংবাদিক জামাল খাছ’গ্গী হত্যাকাণ্ড : আমেৰিকাৰ যুক্তৰাষ্ট্ৰই সাঙুৰিলে আৰৱৰ ৰাজপুত্ৰক

সাংবাদিক জামাল খাছ’গ্গী হত্যাকাণ্ড : আমেৰিকাৰ যুক্তৰাষ্ট্ৰই সাঙুৰিলে আৰৱৰ ৰাজপুত্ৰক

কৃষক আন্দোলন আৰু কাশ্মীৰ : স্থিতি স্পষ্ট কৰিলে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ুক্তই

কৃষক আন্দোলন আৰু কাশ্মীৰ : স্থিতি স্পষ্ট কৰিলে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ুক্তই

111195-delhi-voter-id-pti

২০২১ৰ নিবাৰ্চন : প্রস্তুতি তুংগত গোলাঘাট জিলাৰ; অতিৰিক্ত ৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি

DPK-750x375

হেঁচা নৰজিল! অৱশেষত গ্ৰেপ্তাৰ আৰক্ষী বিষয়াক আক্ৰমণ কৰা বিজেপি নেত্ৰী দীপাঞ্জলী কাকতি মৰাণক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd