• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত বিনামূলীয়া চি টি স্কেন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2018 5:31 pm

2 min read

CM_Majuli_CTScan
79
VIEWS
Share on FacebookShare on Twitter

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ গড়মূৰস্থিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসায়লত মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱা আঁচনিৰ অধীনত এটা অনুষ্ঠানৰ জৰিয়তে বিনামূলীয়া চি টি স্কেন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। প্ৰায় ২ কোটি টকাৰ ব্যয়েৰে স্থাপন কৰা এই চি টি স্কেন যন্ত্ৰটোৱে মাজুলীৰ ৰাইজক বিশেষ খৰচবিহীনভাৱে জটিল ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি মুখ্য মন্ত্ৰীজনে কয়। উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱা আঁচনিৰ অধীনত ইয়াৰ পূৰ্বে মাজুলীত বিনামূলীয়া এক্স-ৰে’ সেৱা যোৱা বছৰৰ জানুৱাৰিৰ পৰা আৰু যোৱা বছৰৰ অক্টোবৰৰ পৰা বিনামূলীয়া লেবৰেটৰী সেৱা প্ৰৱৰ্তন কৰা হৈছে। চৰকাৰী তথ্যই জানিবলৈ দিয়া মতে এক্স-ৰে’ সেৱাৰ জৰিয়তে এই বছৰৰ ২ জানুৱাৰিলৈকে মুঠ ২০৪১ গৰাকী ৰোগী উপকৃত হৈছে আৰু লেবৰেটৰী সেৱাৰ দ্বাৰা এই বছৰৰ ২ জানুৱাৰিলৈকে মুঠ ২০১৮ গৰাকী ৰোগী উপকৃত হৈছে। অনুষ্ঠানটোত ভাষণ দি মুখ্য মন্ত্ৰীয়ে চিকিৎসালয়সমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে জনসাধাৰণকো আহ্বান জনায়। ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যবাসীক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ লোকে যাতে উন্নত মানৰ চিকিৎসাসেৱা লাভ কৰে তালৈ লক্ষ ৰাখি আৰু সৰ্বসাধাৰণ শ্ৰেণীটোক চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত সকাহ দিয়াৰ উদ্দেশ্যে অতল অমৃত অভিযান তথা মুখ্য মন্ত্ৰী বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱাৰ লেখিয়া আঁচনিসমূহ লোৱা হৈছে। তেওঁ সৰ্বসাধাৰণ লোকক এই আঁচনি সমূহৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানটোত সাংসদ প্ৰদান বৰুৱা, অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, মাজুলী জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আদিকে ধৰি স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd