• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাটি বেদখল গোলাঘাটৰ অঃ উপায়ুক্ত উৎপল দলেৰ, আত্মসাৎ কাজিৰঙাৰ হাইলেণ্ড, গ্ৰাম্য উন্নয়নৰ ধন : কৃষক মুক্তি

উত্তম শইকীয়া by উত্তম শইকীয়া
April 12, 2018 6:04 pm
kmss assam logo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলাখনৰ গ্ৰামোন্নয়ন বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া উৎপল দলেৰ বিৰুদ্ধে ভূমি বেদখলকে ধৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বোকাখাত পশ্চিম উন্নয়ন খণ্ডৰ বিষয়া, একাংশ কনিষ্ঠ অভিযন্তা আৰু গাওঁ পঞ্চায়তৰ একাংশ সভাপতি-সম্পাদকৰ সৈতে মিলি দলেই এই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি এই সন্দৰ্ভত উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰি আজি ১২ এপ্ৰিলত সংগঠনটোৱে মুখ্যমন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী আৰু জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বোকাখাত টাউনত ১ কঠা ৪ লোচা মাটি বিষয়াগৰাকীয়ে অবৈধভাৱে দখল কৰি থকাৰ অভিযোগত সংগঠনটোৱে বোকাখাত আৰক্ষী থানাত এটা গোচৰ ৰজু কৰিছে আৰু মাটিখিনি বেদখলমুক্ত কৰাৰ লগতে বিষয়াগৰাকীৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰো এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।

Apply Now

বিষয়াজনৰ দুৰ্নীতিৰ ফলত আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া জীৱ-জন্তু মৰিব লগা হৈছে বুলি বোকাখাতত অনুষ্ঠিত এক প্ৰে’ছ মেলত দাবী কৰি সংগঠনটোৰ গোলাঘাট জিলাৰ সম্পাদক ৰতন দাৱে অভিযোগ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে ৪৭ লাখ ৬ হাজাৰ ৯২৩ টকা খৰচ কৰাৰ পাছতো ২০১৮ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে সম্পূর্ণ নহ’ল হাইলেণ্ডৰ কাম।

তেওঁ অভিযোগ কৰে যে চৰকাৰে ধন অনুমোদন দিয়াৰ পিছতো বিষয়াসকলে ধন আত্মসাৎ কৰাৰ বাবেই ২০১৭ চনৰ আগষ্ট মাহৰ বানপানীত উদ্যানখনৰ ১২ টা গঁড় আৰু অন্যান্য ১৯০ টা বন্যপ্ৰাণীকে ধৰি মুঠ ২০২ টা বন্যপ্রাণী বানপানীত মৃত্যু হ’বলৈ পালে।

দাৱে দাবী কৰে যে বোকাখাত উন্নয়ন খণ্ড এলেকাৰ ২০ খন গাওঁ পঞ্চায়তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে এনৰেগা আঁচনিৰ অধীনত হাইলেণ্ড নিৰ্মাণ, পথ নিৰ্মাণ, পুখুৰী, শৌচালয় নিৰ্মাণ আদি বিভিন্ন উন্নয়নমূলক কামৰ বাবে বৃহৎ পৰিমানৰ ধন মোকলাই দিয়াৰ পিছতো ২০১৮ বৰ্ষৰ ৩১ মার্চ পৰ্যন্ত উল্লেখিত বহুতো আঁচনি আধৰুৱা হৈ থকাৰ বিপৰীতে কিছুমান আঁচনিৰ ৰূপায়ণেই নহ’ল। সংগঠনটোৱে সদৰী কৰা মতে গোলাঘাট গ্রামোন্নয়ন বিভাগৰ পৰা এনৰেগা আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত ১৯ কোটি ৯৮ লাখ ৭ হাজাৰ ৯৫৬ টকা আৰু ২০১৭-১৮ বৰ্ষত ২৭ কোটি ৯৮ লাখ ৫১ হাজাৰ ৫৬০ টকা ধৰি মুঠ ৪৭ কোটি ২৭ লাখ ২২ হাজাৰ ৫১৬ টকা আবণ্টন দিয়া হৈছিল৷

উৎপল দলেৰ নেতৃত্বত একাংশ ৰাজনৈতিক নেতা-পালিনেতাই এনৰেগা আঁচনিৰ কাম নকৰাকৈ জব কাৰ্ডৰ ধন উলিয়াই আত্মসাৎ কৰা বুলি অভিযোগ তুলি সংগঠনটোৱে এই দুৰ্নীতিৰ বিৰুদ্ধে শীঘ্ৰেই বিভিন্ন উন্নয়ন খণ্ডত গোচৰ তৰিব বুলিও জানিবলৈ দিয়ে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd